ETV Bharat / bharat

শুকুৰবাৰে ছয় ৰাজ্যৰ কৃষক সংঘৰ সদস্যৰ সৈতে আলোচনাত বহিব মোদী

author img

By

Published : Dec 24, 2020, 5:28 PM IST

শুকুৰবাৰে ছয় ৰাজ্যৰ কৃষক সংঘৰ সদস্যৰ সৈতে আলোচনাত বহিবলৈ সাজু প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদী । কৃষকৰ সমস্যা সমূহৰ কথা মুখামুখিকৈ আলোচনা কৰিব । সম্পূৰ্ণ এখন নতুন আইনৰ কাৰ্যসূচী হাতত লৈ চৰকাৰে যাতে আলোচনাত বহে তাৰ বাবে যথেষ্ঠ আগ্ৰহেৰে অপেক্ষা কৰাৰ কথা কলে "স্বৰাজ অভিযান"ৰ নেতা যোগেন্দ্ৰ যাদৱে ৷

ছয় ৰাজ্যৰ কৃষক সংঘৰ সদস্যৰ সৈতে আলোচনাত বহিবলৈ সাজু প্ৰধামন্ত্ৰী
farmers-protests-against-three-farm-laws-live-updates

নেশ্যনেল ডেস্ক, ২৪ ডিচেম্বৰ: নতুন কৃষি আইন প্ৰত্যাহাৰৰ দাবীত কৃষকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ । শুকুৰবাৰে ছয় ৰাজ্যৰ কৃষক সংঘৰ সদস্যৰ সৈতে আলোচনাত বহিবলৈ সাজু প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোদী । এই বৈঠকত কৃষকৰ সমস্যা সমূহৰ কথা মুখামুখিকৈ আলোচনা কৰিব । পূৰ্বে সংশোধিত নতুন কৃষি আইনৰ প্ৰস্তাৱক নস্যাৎ কৰাৰ পাচতো যাতে এইবাৰ মূল্যহীন আলোচনা নহয় । সম্পূৰ্ণ এখন নতুন আইনৰ কাৰ্যসূচী হাতত লৈ চৰকাৰে যাতে আলোচনাত বহে তাৰ বাবে যথেষ্ঠ আগ্ৰহেৰে অপেক্ষা কৰাৰ কথা বৃহস্পতিবাৰে "স্বৰাজ অভিযান"ৰ নেতা যোগেন্দ্ৰ যাদৱে এক সংবাদমেলত এইদৰে কয় ।

কৃষক আৰু চৰকাৰৰ মাজত হোৱা তিনি ঘন্টাজোৰা বৈঠকৰ অন্তত কৃষক নেতা তথা কৃষক মৰ্চাৰ নেতা শিৱ কুমাৰ কক্কাই সংবাদ মাধ্যমৰ আগত কয় যে এতিয়াও চৰকাৰ নিজৰ সিদ্ধান্তত অটল । পৰৱৰ্তী আলোচনাৰ বাবে যাতে চৰকাৰ অতিশীঘ্ৰে প্ৰস্তুত হয় । চৰকাৰে কৃষক সকলক ৰাজনৈতিক বিৰোধী হিচাপে গণ্য কৰিছে ৷ তাৰোপৰি চৰকাৰে ওলোটা খৰ মাৰিছে বুলি কেন্দ্ৰীয় কৃষি সংযুক্ত সচিব বিবেক আগৰৱালাই মন্তব্য কৰে ।

উল্লেখনীয় যে প্ৰতিবাদী কৃষকক দেওবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰথমটো প্ৰস্তাৱৰ উপৰিও নিৰ্দিষ্ট মন্তব্যত আলোচনা কৰাৰ লগতে কৃষকসকলৰ সুবিধানুযায়ী তাৰিখ নিৰ্ধাৰণ কৰিবলৈ নিমন্ত্ৰণী প্ৰদান কৰিছিল, যাতে এই সমস্যাটো অনতিপলমে সমাপ্তি ঘটে । যোৱা ৯ ডিচেম্বৰত কৃষকসকলৰ ষষ্ঠ পৰ্যায়ৰ আলোচনা চৰকাৰে স্থগিত ৰাখিছিল । অৱশ্যে ৮ ডিচেম্বৰত গৃহমন্ত্ৰী অমিত শ্বাহে ক্ষুদ্ধ কৃষক সংঘৰ ১৩ জনীয়া সদস্যৰ এটা দলৰ সৈতে আলোচনাত মিলিত হৈছিল ।কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং তোমৰে কৃষক সকলক খচৰা প্ৰস্তুতৰ ওপৰত আলোচনা কৰি তাত কি কি বিষয়বস্তু সংযোগ কৰিব লাগিব আৰু কি কি বিষয়বস্তু খচৰাত প্ৰকাশ কৰিব নালাগে সেই সম্বন্ধত বিস্তৃত বিৱৰণ দিবলৈ আহ্বান জনায় । প্ৰতিবাদী কৃষকৰ আশা যে চৰকাৰৰে হোৱা আলোচনাত চৰকাৰে তেওঁলোকৰ সমস্যাৰ বুজ ল'ব আৰু তেওঁলোকৰ হিতৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব ।

ইফালে বুধবাৰে পুৱা কৃষকৰ এটা দলে কৃষি নীতিৰ হকে মাত মাতি অহা কৃষক নেতা চৌধুৰী চৰণ সিঙৰ মৃত্যু দিৱসৰ দিনা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ 'কিষাণ ঘাট'ত উপস্থিত হয় । এই বীৰ নেতাজনৰ মৃত্যু দিৱসৰ দিনা কিষাণ দিৱস হিচাপে পালন কৰি আহাৰ গ্ৰহণ কৰাৰ পৰা বিৰত থাকে কৃষকসকলে ।

লগতে পঢ়ক: 16 বছৰীয়া কিশোৰীক যৌন কৰ্মী হ'বলৈ বাধ্য কৰালে মাহীয়েকে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.