নেশ্যনেল ডেস্ক, ৭ এপ্ৰিল : বিগত বছৰৰ পৰা আৰম্ভ হোৱা কৃষক আন্দোলন এতিয়াও অব্যাহত আছে গাজীপুৰকে ধৰি দিল্লীৰ বিভিন্ন সীমান্তত । আন্দোলনৰ প্ৰাৰম্ভিক পৰ্যায়ত গাজীপুৰ সীমান্তত বৃহৎ সংখ্যক কৃষকৰ ভিৰ দেখা গৈছিল । এফালে, বিৰোধী ৰাজনৈতিক দলসমূহৰ নেতাসকলেও কৃষক আন্দোলনক সমৰ্থন কৰিবলৈ অহা দেখিবলৈ পোৱা গৈছিল । ভিন্ন দল-সংগঠনে প্ৰতিবাদক সমৰ্থন দিয়াৰ লগতে গাঁৱৰ শ শ কৃষকে ট্ৰেক্টৰ লৈ প্ৰতিবাদস্থলীত উপস্থিত হৈছিল ।
ফেব্ৰুৱাৰী মাহৰ পৰা কৃষক নেতা তথা ৰাজনীতিবিদ আৰু ভাৰতীয় কিষাণ সংঘৰ মুখপাত্ৰ ৰাকেশ টিকেইতে 'মহাপঞ্চায়ত' আয়োজন কৰি আহিছে । আনকি বিভিন্ন ৰাজ্যত তেওঁৰ সমদলে স্পষ্ট কৰি দিছিল যে কৃষকৰ প্ৰতিবাদ কেৱল দিল্লীতে সীমাবদ্ধ থকা নাই ।
বিভিন্ন ৰাজ্যত 'মহাপঞ্চায়ত' অনুষ্ঠিত কৰাৰ পিছত কৃষক নেতা ৰাকেশ টিকেইত মঙলবাৰে গাজীপুৰ সীমান্তত উপস্থিত হয় । কিন্তু এইবাৰ প্ৰতিবাদস্থলীত পূৰ্বৰ দৰে ভিৰ নাই । মঞ্চত নেতাগৰাকী আছিল যদিও সীমিত সংখ্যক কৃষকৰ উপস্থিতি দেখিবলৈ পোৱা গৈছে মঞ্চৰ সন্মুখত ।
কৃষকৰ সীমিত উপস্থিতি সন্দৰ্ভত প্ৰশ্ন কৰাত ভাৰতীয় কৃষক সংঘৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰাকেশ টিকেইতে কয় যে যিহেতু চৰকাৰ নিৰ্বাচনত ব্যস্ত হৈ আছে, একেদৰে কৃষকসকলেও ঘেঁহু কাটিবলৈ গাঁৱলৈ গৈছে । এমাহৰ পিছত, চৰকাৰ দিল্লীলৈ উভতি আহিব, তাৰ পিছত কৃষকসকলেও গাঁৱৰ পৰা গাজীপুৰ সীমান্তলৈ উভতি আহিব ।
লগতে পঢ়ক:বিস্ফোৰক সামগ্ৰী আৰু ড্ৰাগছসহ গ্ৰেপ্তাৰ পাকিস্তানী নাগৰিক