ETV Bharat / bharat

UN Report: ভাৰতৰ ৭১ শতাংশ লোক পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত !

author img

By

Published : Jul 8, 2022, 1:03 PM IST

ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন মতে, ভাৰতৰ ৯৭ কোটি মানুহে সুষম খাদ্য যোগাৰ কৰিবলৈ অপাৰগ (97 crore Indian people out of balanced food) । অর্থাৎ দেশৰ মুঠ জনসংখ্যাৰ প্রায় ৭১ শতাংশ লোকে স্বাস্থ্যকৰ খাদ্য যোগাৰ কৰিব নোৱাৰে । সম্প্রতি এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্রসংঘৰ ‘খাদ্য আৰু কৃষি সংস্থা’ই (United Nations Food and Agriculture Organization)।

a
a

নিউজ ডেস্ক, ৮ জুলাই : কেন্দ্ৰৰ বিজেপি চৰকাৰৰ শ্লোগান- 'সব কা সাথ, সব কা বিকাশ' (Bjp government slogan Sab ka saath sab ka vikash) । লগতে বিভিন্ন সময়ত চৰকাৰে ঢাক-ঢোল বজাই আহিছে যে দেশে উন্নয়ন আৰু প্ৰগতিৰ জখলাত বগাইছে । আনহাতে, বিভিন্ন কল্যাণমূলক আঁচনিৰে দৰিদ্ৰ জনসাধাৰণক সকাহ দিয়াৰ চেষ্টা চলাই আহিছে চৰকাৰে । দেশৰ দৰিদ্ৰ জনসাধাৰণৰ বাবে এগালমান আঁচনি ঘোষণা কৰিছে চৰকাৰে । লগতে উক্ত আঁচনিবোৰৰ হিতাধিকাৰীসকলক লৈ সময়ে সময়ে চৰকাৰী প্ৰচাৰ তথা বিজ্ঞাপনো প্ৰকাশ পাই আহিছে ।

কিন্তু প্ৰকৃততে দেশৰ জনসাধাৰণে উক্ত আঁচনিবোৰৰ পৰা সুফল লাভ কৰিছেনে ? দেশৰ সৰ্বাসাধাৰণ ৰাইজৰ জীৱন ধাৰণৰ মান কোনটো স্তৰত আছে ? নিবনুৱা সমস্যা, দৰিদ্ৰতা, অৰ্থনৈতিক অৱস্থা সন্দৰ্ভত বিৰোধীয়ে মাজে-সময়ে চৰকাৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আহিছে যদিও সেইবোৰৰ প্ৰতি কৰ্ণপাত নাই চৰকাৰৰ । তাৰ মাজতে ৰাষ্ট্ৰসংঘৰ এক প্ৰতিবেদনে উদঙাইছে দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মানৰ এক পুতৌলগা ছবি (UN report reveals living standards of Indian people) ।

ৰাষ্ট্ৰসংঘৰ উক্ত প্ৰতিবেদন মতে, ভাৰতৰ ৯৭ কোটি মানুহে সুষম খাদ্য যোগাৰ কৰিবলৈ অপাৰগ (97 crore Indian people out of balanced food) । অর্থাৎ দেশৰ মুঠ জনসংখ্যাৰ প্রায় ৭১ শতাংশ লোকে স্বাস্থ্যকৰ খাদ্য যোগাৰ কৰিব নোৱাৰে । সম্প্রতি এই তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্রসংঘৰ ‘খাদ্য আৰু কৃষি সংস্থা’ই (United Nations Food and Agriculture Organization)। লগতে উক্ত প্ৰতিবেদনত কোৱা হৈছে যে এছিয়া মহাদেশৰ ৪৩.৫ শতাংশ লোক সুষম আহাৰৰ পৰা বঞ্চিত । তেনে ক্ষেত্ৰত চাবলৈ গ'লে ভাৰতৰ এই পৰিসংখ্যা স্বাভাৱিকতে অতি উদ্বেগজনক ।

ৰাষ্ট্রসংঘৰ উক্ত প্ৰতিবেদন অনুযায়ী, ২০২০ চনত বিশ্বজুৰি ৩০৭ কোটি মানুহৰ সুষম খাদ্য যোগাৰ কৰাৰ সামর্থ্য নাছিল (307 crore people worldwide out of balanced diet in 2020) । আনহাতে, বর্তমান সমগ্ৰ বিশ্বৰ ৪২ শতাংশ লোক স্বাস্থ্যকৰ খাদ্যৰ পৰা বঞ্চিত । ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন মতে, দেশ হিচাবে চাবলৈ গ'লে একেবাৰে শোচনীয় অৱস্থা হৈছে নেপালৰ। নেপালৰ ৮৪ শতাংশ লোকে স্বাস্থ্যকৰ খাদ্য যোগাৰ কৰিবলৈ অপাৰগ (84 per cent of Nepalese unable to provide healthy food)। উক্ত তালিকাত দ্বিতীয় স্থানত আছে পাকিস্তান । পাকিস্তানৰ ৮৩.৫ শতাংশ লোক পুষ্টিকৰ খাদ্যৰ পৰা বঞ্চিত । তৃতীয় স্থানত থকা আফ্রিকাত ৮০ শতাংশ আৰু চতুৰ্থ স্থানত থকা বাংলাদেশৰ ৭৩.৫ শতাংশ লোকে পুষ্টিকৰ খাদ্য যোগাৰ কৰিব নোৱাৰে । আনহাতে, পঞ্চম স্থানত থকা ভাৰতৰ এই শতাংশ হৈছে ৭০.৫ (70.5 per cent of Indian out of healthy foods) ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে দেশৰ প্রায় ৮০ কোটি মানুহ বা মুঠ জনসংখ্যাৰ প্রায় ৬০ শতাংশ ভাৰতীয়ই নিজৰ খাদ্যৰ বাবে চৰকাৰী ৰাজসাহায্যযুক্ত ৰেচনৰ ওপৰত নির্ভৰশীল (Nearly 60 per cent Indians dependent on subsidized rations) । প্রধানমন্ত্রী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত কৰোনা মহামাৰীৰ সময়ত বিনামূলীয়াকৈ পাঁচ কেজি খাদ্য শস্যৰ এক বিশেষ সাহায্য দিয়া হয় । ইয়াৰ উপৰি উপভোক্তাসকলে প্রতি মাহত পাঁচ কিলোগ্রাম চাউল-দাইল আদি লাভ কৰে মাত্র ২-৩ টকা মূল্যত । কিন্তু এতিয়া ৰাষ্ট্রসংঘৰ উক্ত প্ৰতিবেদনে এটা কথা ভাবিবলৈ বাধ্য কৰাইছে যে চৰকাৰে জনসাধাৰণক পুষ্টিকৰ খাদ্য যোগানত ব্যৰ্থ হৈছে ।

লগতে পঢ়ক :কাৰ্যকাল সম্পূৰ্ণৰ পূৰ্বে সকলো ক্ষমাৰ আবেদন নিস্পত্তি কৰিলে ৰাষ্ট্ৰপতি কোবিন্দে

For All Latest Updates

TAGGED:

UN Report
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.