ETV Bharat / bharat

টুইটাৰে Delete কৰিলে বিএছএফৰ ভুৱা একাউণ্ট

author img

By

Published : Sep 7, 2022, 4:35 PM IST

দেশত চাইবাৰ অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে । এইবাৰ BSFৰ নামত ভুৱা টুইটাৰ একাউণ্ট খুলিলে দুষ্টচক্ৰই (BSF fake account)। অৱশ্যে সঠিক সময়ত ডিলিট কৰি দিয়া হ'ল একাউণ্টটো ।

Twitter
টুইটাৰে Delete কৰিলে বিএছএফৰ ভুৱা একাউণ্ট

নেশ্যনেল ডেস্ক,৭ ছেপ্টেম্বৰ : চাইবাৰ অপৰাধীৰ টাৰ্গেট ভাৰতৰ সীমান্ত সুৰক্ষা বাহিনী (BSF)। BSFৰ নামত ভুৱা টুইটাৰ একাউণ্ট খুলিলে দুষ্টচক্ৰটোৱে (Fake Twitter account in the name of BSF)। BSFৰ অফিচিয়েল টুইটাৰ একাউণ্ট হিচাপে চক্ৰটোৱে উল্লেখ কৰিছিল এই ভুৱা একাউণ্টটো (BSF fake twitter account)। অৱশ্যে সঠিক সময়ত ভুৱা একাউণ্টটো ধৰা পৰে আৰু ইয়াক ডিলিট কৰি দিয়া হয় । একাউণ্টটো দেখিবলৈ বিএছএফৰ অফিচিয়েল টুইটাৰ একাউণ্ট @BSF_India দৰেই আছিল ।

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ (I&B) অধীনৰ এটা গোটে ইয়াক ভুৱা একাউণ্ট বুলি ঘোষণা কৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে টুইটাৰ একাউণ্টটো ডিলিট কৰি দিয়া হয় । বিএছএফে টুইটাৰলৈ ভুৱা একাউণ্টটোৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা ল'বলৈ আৰু ইয়াক ডিলিট কৰিবলৈ আহ্বান জনাইছিল । কিয়নো বহুতে ইয়াক সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰকৃত একাউণ্ট বুলি ভাবিছিল ।

বিএছএফৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱাই মতে মঙলবাৰে BSFয়ে সেই ভুৱা একাউণ্টটোৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ পত্ৰ প্ৰেৰণ কৰিছিল । টুইটাৰলৈ লিখাৰ কিছু সময় পাছতে ভুৱা একাউণ্টটো ডিলিট কৰা হৈছিল বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তথ্য পৰীক্ষা গোটে @BsfIndia0 ক ভুৱা টুইটাৰ একাউণ্ট হিচাপে ঘোষণা কৰাৰ সময়ত ইয়াৰ ৩০ টা followers আছিল আৰু ৬০ গৰাকী ব্যক্তিয়ে ইয়াক Follow কৰিছিল । তথ্য পৰীক্ষা গোটে প্ৰেছ ইনফৰ্মেচন ব্যুৰ' (পিআইবি)ৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে এই ভুৱা একাউণ্টটোৰ বিষয়ে ৰাইজক অৱগত কৰিছে । লগতে এই একাউণ্টটো Follow নকৰিবলৈ আহ্বান জনাইছে । ইফালে এই বিষয়টো অতি স্পৰ্শকাতৰ হিচাপে বিবেচনা কৰা হৈছে । কিয়নো বিএছএফ হৈছে ভাৰতৰ মুখ্য কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী ।

লগতে পঢ়ক :গোগী গেঙৰ সদস্য ভূপেন্দ্ৰ সিঙৰ জামিন আবেদন নাকচ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.