ETV Bharat / bharat

Congress Eyes on Telangana Polls : মঙলবাৰে তেলেংগানাত কংগ্ৰেছৰ নিৰ্বাচনী ৰণনীতি পৰ্যালোচনা বৈঠক

author img

By

Published : Jun 26, 2023, 8:12 PM IST

প্ৰাক্তন সাংসদ পংগুলেটি শ্ৰীনিবাস ৰেড্ডী আৰু তেলেংগানাৰ প্ৰাক্তন মন্ত্ৰী জুপল্লী কৃষ্ণ ৰাও আৰু অন্যান্য বিআৰএছ নেতাসকলে সোমবাৰে আবেলি খাৰ্গে আৰু ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছত দলত যোগদান কৰে ।

Congress Eyes on Telangana Polls
Congress Eyes on Telangana Polls

নিউজ ডেস্ক, ২৬ জুন : গৃহৰাজ্য কৰ্ণাটকত বিজয় সাব্যস্ত কৰাৰ পিছত কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেয়ে নিৰ্বাচনমুখী তেলেংগানাৰ ওপৰত চকু ৰাখিছে । সোমবাৰে দিল্লীৰ এআইচিচি মুখ্য কাৰ্যালয়ত এক অনুষ্ঠানত শাসনাধিষ্ঠিত বিআৰএছৰ কেইবাজনো গুৰুত্বপূৰ্ণ নেতাই কংগ্ৰেছত যোগদান কৰে ।

প্ৰাক্তন সাংসদ পংগুলেটি শ্ৰীনিবাস ৰেড্ডী আৰু তেলেংগানাৰ প্ৰাক্তন মন্ত্ৰী জুপল্লী কৃষ্ণ ৰাও আৰু অন্যান্য বিআৰএছ নেতাসকলে খাৰ্গে আৰু ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছ দলত যোগদান কৰে । প্ৰতিদ্বন্দ্বী দলৰ এই জ্যেষ্ঠ নেতাসকলৰ যোগদানৰ পিছত মুঠ ১১৯ খন বিধানসভা আসনৰ ভিতৰত তেলেংগানাত ৮০ খন আসনৰ লক্ষ্য স্থিৰ কৰিছে কংগ্ৰেছে । তাৰ বাবে খাৰ্গেয়ে ২৭ জুনত এআইচিচি আৰু দলৰ জ্যেষ্ঠ ৰাজ্যিক নেতাসকলৰ সৈতে নিৰ্বাচনী ৰণনীতি পৰ্যালোচনা কৰিব ।

সোমবাৰে দিনটোৰ আৰম্ভণিতে তেলেংগানাৰ দায়িত্বত থকা এআইচিচিৰ নেতা মাণিকৰাও থাকৰেয়ে ইটিভি ভাৰতক কয় যে প্ৰাক্তন মন্ত্ৰী, প্ৰাক্তন বিধায়ক, বিআৰএছ আৰু বিজেপিৰ প্ৰাক্তন এমএলচিকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই সোমবাৰে খাৰ্গেৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিব । "তেওঁলোকৰ যোগদানে দেখুৱাইছে যে তেলেংগানাত বতাহ সলনি হৈছে আৰু কংগ্ৰেছৰ ফালে বতাহ বলিছে । আমি তেলেংগানাতো কৰ্ণাটকৰ পুনৰাবৃত্তি কৰিম ।" তেওঁ কয় । মাণিকৰাৱে লগতে কয়, "খাৰ্গেজীয়ে ২৭ জুনত আগন্তুক নিৰ্বাচনৰ ওপৰত এক ৰণনীতি বৈঠকত সভাপতিত্ব কৰিব ।"

আনহাতে, দলৰ ভিতৰুৱা তথ্য অনুসৰি, প্ৰতিদ্বন্দ্বী বিআৰএছ আৰু বিজেপিৰ প্ৰায় ৪০ জন জ্যেষ্ঠ নেতাই অনাগত দিনবোৰত কংগ্ৰেছত যোগদান কৰিব বুলি আশা কৰা হৈছে । প্ৰাক্তন সাংসদ পংগুলেটি শ্ৰীনিবাস ৰেড্ডী আৰু জুপল্লী ৰাৱে তেওঁলোকৰ কেইবাজনো সমৰ্থকৰ সৈতে কংগ্ৰেছত যোগদান কৰে । উল্লেখ্য, বিগত কেইদিনমান ধৰি কংগ্ৰেছৰ ৰাজ্যিক গোটৰ মুৰব্বী ৰেৱন্ত ৰেড্ডী আৰু চিএলপি নেতা বিক্ৰমাৰ্ক ভাট্টিক সাক্ষাৎ কৰি খাৰ্গেৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰিব বিচাৰিছিল ।

কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰ মতে, নিৰ্বাচনৰ পূৰ্বে শতবৰ্ষ পুৰণি দলটোৰ বাবে এক বিশাল প্ৰদৰ্শনী খুবেই প্ৰয়োজন আছিল । কিয়নো দলটোৱে তেলেংগানাত বিআৰএছৰ বিৰুদ্ধে প্ৰতিষ্ঠানবিৰোধী ঢৌৰ ওপৰত নিৰ্ভৰ কৰি আছে । উল্লেখ্য যে তেলেংগানাত চলিত বছৰৰ শেষৰ ফালে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । আনহাতে, এআইচিচিৰ এজন জ্যেষ্ঠ কৰ্মীয়ে কয়, "কেৱল এয়াই নহয়, ইতেলা ৰাজেন্দ্ৰ আৰু ৰাজ গোপাল ৰেড্ডীৰ দৰে জ্যেষ্ঠ বিজেপি নেতাসকলেও অনাগত দিনবোৰত কংগ্ৰেছত যোগদান কৰিব বুলি আশা কৰা হৈছে ।"

ইফালে থাকৰেৰ মতে, কংগ্ৰেছ প্ৰধানে নিৰ্ধাৰণ কৰা ৮০ খন আসনৰ লক্ষ্য উচ্চাকাংক্ষী যদিও সেয়া লাভ কৰাটো কঠিন নহয় । কিয়নো দক্ষিণ ভাৰতৰ ৰাজ্যখনত কংগ্ৰেছৰ সপক্ষে যথেষ্ট সমৰ্থন আছে । "দলৰ নেতাসকলে ভোটাৰসকলৰ সৈতে সংযোগ স্থাপন কৰিবলৈ আৰু ৰাজ্য চৰকাৰৰ ত্ৰুটিবোৰ আলোকপাত কৰিবলৈ ৰাজ্যজুৰি ভ্ৰমণ কৰি আছে । কোনো সংস্থাপন নাই আৰু কোনো সামাজিক সুৰক্ষা নাই । দুৰ্নীতি উচ্চ স্তৰত সংঘটিত হৈছে । কৰ্ণাটকৰ দৰে তেলেংগানাতো মানুহে পৰিৱৰ্তন বিচাৰে । তেলেংগানাত কৰ্ণাটকৰ প্ৰভাৱ থাকিব আৰু ৰাইজে দেখিব পাৰে যে কংগ্ৰেছে ইয়াৰ প্ৰতিশ্ৰুতি পালন কৰে ।" থাকৰেয়ে কয় ।

আনহাতে, ৰাজ্যখনৰ দায়িত্বত থকা এআইচিচিৰ নেতাগৰাকীয়ে কয় যে তেলেংগানা নিৰ্বাচনক নিবিড়ভাৱে অনুসৰণ কৰি থকা কংগ্ৰেছৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীয়ে শাসনাধিষ্ঠিত বিআৰএছক লক্ষ্য কৰি আহিছে । আনহাতে, বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ বিআৰএছৰ সৈতে মিত্ৰতা কৰিব বুলি উৰাবাতৰি ওলাইছে । "আমি বিআৰএছ আৰু বিজেপি দুয়োৰে বিৰুদ্ধে যুঁজ দি আছোঁ । বিআৰএছ হৈছে বিজেপিৰ বি-টীম । কেৱল কংগ্ৰেছেহে দুয়োকে পৰাজিত কৰিব পাৰে । সেয়েহে বিআৰএছ নেতাসকলে কেৱল কংগ্ৰেছ আৰু ইয়াৰ নেতাসকলক আক্ৰমণ কৰে ।" থাকৰেয়ে লগতে কয় ।

উল্লেখ্য যে কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰই কয় যে সেইকাৰণেই ২৫ জুনত পাটনাত অনুষ্ঠিত শেহতীয়া বিৰোধী বৈঠকলৈ বিআৰএছক আমন্ত্ৰণ জনোৱা হোৱা নাছিল । কিন্তু বিআৰএছে উক্ত সন্মিলন বৰ্জন কৰা বুলিহে প্ৰচাৰ চলিছিল ।

লগতে পঢ়ক :WB Panchayat Polls : মোদীৰ বিদেশ ভ্ৰমণক লৈ মমতাৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.