ETV Bharat / bharat

General election 2024 : ২০২৪ চনৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ ৰণনীতি, বিৰোধী ঐক্যৰ মাজত হ'ব বৈঠক - General election 2024

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ২৭ মাৰ্চত একে আদৰ্শৰ বিৰোধী দলৰ বাবে নৈশ ভোজৰ আয়োজন কৰিছিল (Kharge organised oppositions dinner party)। য'ত কেইবাটাও বিৰোধী দলৰ নেতা উপস্থিত আছিল । শীঘ্ৰে বিৰোধী দলৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে । বৈঠকৰ নেতৃত্ব ল'ব কংগ্ৰেছে ।

General election 2024
২০২৪ চনৰ নিৰ্বাচনক লৈ কংগ্ৰেছৰ ৰণনীতি
author img

By

Published : Apr 1, 2023, 5:26 PM IST

নেশ্যনেল ডেস্ক,১ এপ্ৰিল : চলিত সংসদ অধিৱেশনৰ সময়ত ১৯ টা দলৰ মাজত বিৰোধী ঐক্য গঢ়ি তোলাৰ পাছতে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে ২০২৪ চনৰ নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যে বৈঠক অনুষ্ঠিত কৰাৰ সম্ভাৱনা আছে (Kharge to convene opposition meet soon)। একে আদৰ্শৰ বিৰোধী দলবোৰৰ নেতাসকলক লৈ এখন বৈঠক আহ্বান কৰিবলৈ সাজু হৈছে কংগ্ৰেছ সভাপতিগৰাকী ।

এআইচিচিৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে উল্লেখ কৰা মতে শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ এখন বৈঠক আহ্বান কৰাৰ সাধাৰণ দাবী আছিল । কংগ্ৰেছে তাৰ ওপৰত চিন্তা চৰ্চা কৰি আছে বুলি তেওঁ উল্লেখ কৰে ।

দলৰ ভিতৰুৱা তথ্য মতে, ২৭ মাৰ্চত খাৰ্গেয়ে একে আদৰ্শৰ দলৰ সৈতে এক নৈশ ভোজৰ আয়োজন কৰাৰ সময়তে বিৰোধী নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা আলোচনা হৈছিল (Kharge organised oppositions dinner party)। ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ হোৱাৰ পাছতে সংসদৰ ভিতৰে-বাহিৰে বিৰোধী ঐক্যৰ সমৰ্থনৰ পৰিপ্ৰেক্ষিততে খাৰ্গেয়ে নৈশ ভোজৰ পৰিকল্পনা কৰিছিল বুলি চৰ্চা চলিছে ।

খাৰ্গেৰ নৈশ ভোজৰ সময়ত উপস্থিত থকা এআইচিচি নেতাসকলে কয় যে ২০২৪ৰ নিৰ্বাচন সন্দৰ্ভত বৈঠকত যথেষ্ট আলোচনা হৈছে কিন্তু তেওঁলোকে সেই সকলোবোৰ কথা প্ৰকাশ কৰিব নিবিচাৰে (AICC leader on 2024 election)। নেতাসকলৰ মতে, নৈশ ভোজৰ বৈঠকত ৰাহুলে বিৰোধী নেতাসকলক কৈছে যে এই যুঁজখন তেওঁৰ বাবে নহয়, দেশত 'গণতন্ত্ৰ ৰক্ষা'ৰ বাবেহে আছিল । নেতাসকলৰ মতে ১৯ টা দল বিজেপিৰ বিৰুদ্ধে একত্ৰিত হৈছে । কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ মতে শিৱসেনাও তেওঁলোকৰ সৈতে আছে ।

আনকি সংসদ চৌহদৰ ভিতৰত খাৰ্গেয়ে নেতৃত্ব দিয়া বিৰোধী ৰণনীতি সভাৰ পৰা আঁতৰি থকা টিএমচিয়েও নৈশ ভোজত উপস্থিত আছিল । অৱশ্যে সাভাৰকাৰ সম্পৰ্কে ৰাহুলে কৰা মন্তব্যৰ বাবে বিৰক্তি প্ৰকাশ কৰি উদ্ধৱ ঠাকৰে শিৱসেনা গোটটো অনুপস্থিত আছিল । কংগ্ৰেছ নেতাসকলৰ মতে বিৰোধী ঐক্যৰ প্ৰতিবাদৰ বাবে আদানি সম্পৰ্কত জেপিচি তদন্তৰ দাবীত এক চাপ সৃষ্টি কৰিছে ।

কে চি বেণুগোপালৰ মতে কিছুমান ৰাজনৈতিক দলে ৰাজ্যসমূহত এটাই আনটোৰ বিৰুদ্ধে যুঁজ দি আছে । তথাপিও সকলোৱে গণতন্ত্ৰ আৰু দেশৰ প্ৰতিষ্ঠানসমূহক বচাবলৈ একত্ৰিত হৈছে । দুষ্ট শক্তিবোৰৰ বিৰুদ্ধে যুঁজিবলৈ সকলোৰে বাবে ই এক ডাঙৰ অনুপ্ৰেৰণা বুলিও কংগ্ৰেছ নেতাগৰাকীয়ে উল্লেখ কৰে ।

আনহাতে জয়ৰাম ৰমেশে কয় যে সংসদৰ অস্থিৰতা আজিলৈকে সমাধান কৰা হোৱা নাই কিন্তু ৰাহুলে তেওঁৰ লণ্ডনৰ মন্তব্যৰ বাবে ক্ষমা বিচৰা বিষয়টো শেষ হৈছে কিয়নো তেওঁক লোকসভাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে । আদানি প্ৰসংগত জেপিচি তদন্তৰ বাবে কংগ্ৰেছে সোমবাৰে অৰ্থাৎ ৩ এপ্ৰিলতো দাবী অব্যাহত ৰাখিব ।

লগতে পঢ়ক :PM Modi degree controversy : কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমনা আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.