নিউজ ডেস্ক, 30 ডিচেম্বৰ : পুৰণিক বিদায় দি ইংৰাজী নতুন বৰ্ষ এটা পুনৰ আদৰিবৰ হ’ল ৷ নতুন বৰ্ষত নতুন কামৰ বাবে হয়টো আপুনিও পৰিকল্পনা কৰিছে ৷ সমান্তৰালকৈ কিছু অনুষ্ঠান প্ৰতিষ্ঠানৰো নীতি-নিয়মো সলনি হ’ব ৷ বিশেষকৈ বেংকৰ ক্ষেত্ৰত কিছু নীতি-নিয়ম সলনি কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংক চমুকৈ আৰ বি আয়ে ৷ ’24 বৰ্ষত বেংকত ধনৰ লেনদেন বা আয়কৰ পৰিশোধৰ ক্ষেত্ৰত কি কি নিয়ম সলনি হৈছে আপুনি জানি থোৱাৰ প্ৰয়োজন ৷ অন্যথা জৰিমনা ভৰিব লাগিব ৷ সেয়ে আৰ বি আইৰ তৰফৰ পৰা প্ৰকাশ কৰা নিৰ্দেশাৱলীসমূহৰ ওপৰত চকু ফুৰাওঁ আহক ৷
- যদি আপুনিও চলিত বিত্তীয় বৰ্ষৰ আয়কৰ পৰিশোধ কৰা নাই তেতিয়া হ’লে 31 ডিচেম্বৰৰ ভিতৰত আয়কৰ পৰিশোধ কৰিব লাগিব ৷ অন্যথা 5,000 টকা জৰিমনা ভৰিব লগা হ’ব পাৰে ৷ এই ক্ষেত্ৰত 5 লাখ টকাতকৈ কম টকা উপাৰ্জন কৰাসকলে 1,000 টকা জৰিমনা ভৰিব লাগিব ৷
- পে টি এম ডাউনলোড কৰি এই বৰ্ষত যদি এবাৰোও আপুনি পে টি এমৰ যোগেৰে ধনৰ লেন-দেন কৰা নাই তেতিয়া হ’লে 31 ডিচেম্বৰৰ ভিতৰত পে টি এমৰ যোগেদি ধনৰ লেন-দেন কৰাক অন্যথা আপুনিও 1 জানুৱাৰী 2024ৰ পৰা পে টি এমৰ জৰিয়তে ধনৰ লেনদেন কৰাত অসুবিধাৰ সন্মুখীন হ’ব ৷ এই নিৰ্দেশনা দিছে ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমে (NPCI) ৷
- আধাৰ কাৰ্ডত আপোনাৰ নাম ভুল হৈ আছে নেকি ! আধাৰ কাৰ্ডত থকা বিসংগতি দূৰ কৰিব বিচাৰে নেকি ! তেন্তে 31 ডিচেম্বৰৰ ভিতৰত বিনামূলীয়াকৈ অনলাইনৰ যোগেদি আবেদন কৰিব পাৰিব ৷ কাৰণ 1 জানুৱাৰীৰ পৰা আধাৰৰ যিকোনো ক্ষেত্ৰত পৰিৱৰ্তনৰ বাবে 50 টকাৰ মাচুল আৰোপ কৰা হ'ব ।
- আপুনিও অনলাইন ষ্ট’ক ট্ৰেডিং বা মিউচুৱেল ফাণ্ডৰ জৰিয়তে বিনিয়োগ কৰিছে নেকি ! তেতিয়া হ’লে আৰ বি আইৰ এই নিৰ্দেশাৱলী অতি গুৰুত্বপূৰ্ণ ৷ কাৰণ ভাৰতীয় চিকিউৰিটিজ এক্সচেঞ্জ ব’ৰ্ড চমুকৈ ছেবিয়ে ডেমেট আৰু এম এফ একাউণ্ট থকাসকলৰ বাবে 2024ৰ 30 জুনলৈ মনোনয়ন প্ৰদান কৰাৰ সময়সীমা বৃদ্ধি কৰিছে । উল্লেখ্য যে, পূৰ্বে ঘোষণা পত্ৰ দাখিল কৰি হিতাধিকাৰী এজনক মনোনীত কৰা বা ইয়াৰ পৰা বাহিৰ হোৱাৰ সময়সীমা আছিল 2023 ৰ 31 ডিচেম্বৰ ।
- নতুনকৈ চিম কাৰ্ডৰ বাবে 2024ৰ পৰা কোনো কাগজৰ প্ৰয়োজন নহ’ব ৷ এই ক্ষেত্ৰত দূৰসংযোগ বিভাগে চিম কাৰ্ডৰ বাবে কাগজৰ প্ৰয়োজনীয়তাক আঁতৰাইছে ৷ গ্ৰাহকসকলে ডিজিটেল কে ৱাই চিৰ জৰিয়তে নতুন চিমৰ বাবে আবেদন কৰিব পাৰিব ৷
- 31 ডিচেম্বৰত বীমাকৰ্তাসকলে আঁচনিৰ বাবে সংশোধিত ব্যাখ্যাকাৰী প্ৰদান কৰিব ৷ কাৰিকৰী আইনী কৰ্তন কৰা আৰু আঁচনিখনৰ চৰ্তাৱলী ভালদৰে বুজাত সহায় কৰিবলৈ, বীমা কোম্পানীবোৰে আঁচনিৰ হিতাধিকাৰীসকলক 1 জানুৱাৰীৰ পৰা এক নিৰ্ধাৰিত প্ৰকাৰত আঁচনিৰ মুখ্য বিশেষত্ব প্ৰদান কৰিব লাগিব ।
লগতে পঢ়ক : PM Jan Dhan scheme: দেশৰ আৰ্থিক বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছে প্ৰধানমন্ত্ৰী জন-ধন যোজনাই: সীতাৰমণ