ETV Bharat / bharat

Coup in Gabon: মধ্য আফ্ৰিকাৰ গেবনত সামৰিক অভ্যুত্থান; সমস্যাত ভাৰত - Ali Bongo Ondimba

মধ্য আফ্ৰিকাৰ দেশ গেবনৰ শাসন ক্ষমতা বুধবাৰে নিজৰ হাতলৈ নিয়ে দেশখনৰ সামৰিক বাহিনীয়ে ৷ দেশখনৰ চৰকাৰৰ বিৰুদ্ধে দীৰ্ঘদিনৰ পৰা নিৰ্বাচনত জালিয়াতি কৰা আৰু কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল ৷ ইয়াৰ পিছতেই এতিয়া সমস্যাৰ সন্মুখীন হৈছে ভাৰত ৷ বৃহৎ পৰিমাণৰ লোকচানৰ সন্মুখীন হ’ব পাৰে ভাৰত ৷

Coup in Gabon
Coup in Gabon
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 10:24 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, 31 আগষ্ট: আফ্ৰিকা মহাদেশৰ মধ্যভাগত অৱস্থিত ৰাষ্ট্ৰ গেবনত সামৰিক অভ্যুত্থান ৷ সামৰিক বাহিনীয়ে দেশখনৰ ৰাষ্ট্ৰপতি আলী বংগো অণ্ডিম্বাক (Ali Bongo Ondimba) উৎখাত কৰি দেশখনৰ ক্ষমতা নিজৰ হাতলৈ আনে ৷ এই ঘটনাই এতিয়া ভাৰতৰো উদ্বেগ বৃদ্ধি কৰিছে ৷ কিয়নো মধ্য আফ্ৰিকাৰ এই দেশখনত বৃহৎ সংখ্যক ভাৰতীয়ই বাস কৰে লগতে ভাৰতৰ যথেষ্ট পৰিমাণে অংশীদাৰিত্ব আছে ৷

বিদ্ৰোহী সৈন্যসকলে বুধবাৰে গেবনত ক্ষমতা দখল কৰে ৷ বিগত 55 বছৰ ধৰি দেশখনৰ ক্ষমতা নিজৰ হাতত ৰাখিছিল ৰাষ্ট্ৰপতি আলী বংগো অণ্ডিম্বাৰ পৰিয়ালে ৷ উল্লেখ্য যে তৈলক্ষেত্ৰত অতি চহকী এই দেশখন ৷ বুধবাৰে ৰাষ্ট্ৰপতি আলী বংগো অণ্ডিম্বাৰে বিগত 55 বছৰৰ শাসনকাল বৃদ্ধি কৰি নিৰ্বাচনত জয় হোৱা বুলি ঘোষণা কৰা কেইমাহমানৰ পাছতেই তেওঁক বিদ্ৰোহী সৈন্যই গৃহবন্দী কৰে ৷

ৰাষ্ট্ৰপতি আলী বংগো অণ্ডিম্বাৰৰ পূৰ্বে তেওঁৰ পিতৃয়ে দেশখনৰ শাসন 41 বছৰ নিজৰ দখলত ৰাখিছিল ৷ ইফালে, তেওঁৰ পিতৃৰ মৃত্যুৰ পাছত 2009 চনৰ পৰা দৰিদ্ৰতা পীড়িত ৰাষ্ট্ৰখনত নিৰ্বাচনী জালিয়াতি আৰু দু্ৰ্ৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ৷

সামৰিক অভ্যুত্থানৰ পাছতেই দেশখনৰ ৰাজনীতিৰ বাসিন্দাসকলে পথত সৈনিকসকলক আলিংগন কৰি বিজয় উৎসৱ পালন কৰা দেখিবলৈ পোৱা গৈছে ৷ অভ্যুত্থানত ক্ষমতা দখল কৰা সেনা বিষয়াসকলে জেনেৰেল ব্ৰাইচ অলিগুই নগুয়েমাক (General Brice Oligui Nguema) পশ্চিম আফ্ৰিকাৰ পৰিৱৰ্তনশীল নেতা হিচাপে নামাকৰণ কৰিছে ৷

গেবন হৈছে আফ্ৰিকাৰ শেহতীয়া দেশ য’ত ৷ শেহতীয়া বছৰবোৰত এটা সামৰিক অভ্যুত্থান সফল হৈছে দেশখনত ৷ পশ্চিম আৰু মধ্য আফ্ৰিকাৰ বহুতো দেশ পূৰ্বৰ ফৰাচী উপনিবেশ ৷ 2020 চনত মালীৰ চৰকাৰ সামৰিক অভ্যুত্থাপন পিছত পতন হৈছিল ৷

2021 চনত, চুদান, চাদ আৰু গিনিত সফল সামৰিক অভ্যুত্থান সংঘটিত হৈছিল ৷ বিগত বৰ্ষত বুৰ্কিনা ফাছোৰ চৰকাৰ সামৰিক অভ্যুত্থানৰ পিছত পতন হৈছিল ৷ এনেদৰে বিশ্বৰ বহুকেইখন দেশত শেহতীয়াকৈ সামৰিক অভ্যুত্থান দেখিবলৈ পোৱা গৈছে ৷

উল্লেখ্য যে পশ্চিম আফ্ৰিকাৰ দেশ নাইজাৰতো অস্থিৰতা দেখিবলৈ পোৱা গৈছিল ৷ বিগত বৰ্ষত সামৰিক অভ্যুত্থানৰ পিছত নাইজাৰৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰখনৰ পতন হয় ৷ এতিয়া পুনৰ মধ্য আফ্ৰিকাৰ দেশ গেবন ৷

বিগত মাহত নাইজাৰত সংঘটিত অভ্যুত্থানৰ পিছত, ভাৰতে দেশখনত থকা 200-250 জন ভাৰতীয়ক স্থানান্তৰ কৰাত সহায় কৰিবলৈ সক্ষম হৈছিল । কিন্তু এইবাৰ, গেবনত ভাৰতীয়সকলক স্থানান্তৰৰ কাম কঠিন হ'ব ৷

‘মনোহৰ পাৰিকাৰ ইনষ্টিটিউট অৱ ডিফেন্স ষ্টাডিজ এণ্ড এনালাইচিছ’ৰ (Manohar Parrikar Institute of Defence Studies and Analyses) সহযোগী ফেল’ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ আফ্ৰিকাত বিশেষজ্ঞ হিচাবে কৰ্মৰত অভিষেক মিশ্ৰই ইটিভি ভাৰতক কয়, ‘‘গেবনত নাইজাৰৰ তুলনাত অধিক কূটনৈতিক কামৰ (স্থানান্তৰৰ বাবে) প্ৰয়োজন হ’ব ৷ তাত বৃহৎ সংখ্যক ভাৰতীয় কোম্পানী য়ে কাম কৰি আছে ৷’’

যোৱা দুটা দশকত, বহুতো ভাৰতীয় কোম্পানীয়ে গেবনত বিনিয়োগ কৰিছে । অইল ইণ্ডিয়া লিমিটেডে (OIL) ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেডৰ (IOCL) অংশীদাৰীত্বত শক্তি খণ্ডত তেল অন্বেষণ চলাই আছে ৷ গেবনত 157 নিযুত ডলাৰ প্ৰতিষ্ঠানটোৱে বিনিয়োগ কৰিছে ৷

2010 চনত, ভাৰতী এয়াৰটেলে জৈন কমিউনিকেশ্বন নেটৱৰ্কক অধিগ্ৰহণ কৰে ৷ প্ৰায় 54 টা ভাৰতীয় কোম্পানীয়ে বিশেষ অৰ্থনৈতিক ক্ষেত্ৰ এনকেঅ'কেৰ ( Special Economic Zone NKOK) বাহিৰত কাম কৰি আছে বুলি জানিব পৰা গৈছে ৷ বেছিভাগ ভাৰতীয় কোম্পানীয়ে ভেনিৰ (veneer) প্ৰস্তুত, ফাৰ্মাচিউটিকেল, ভ্ৰমণ সংস্থা আদিত কাম কৰি আছে ৷ গেবন শেহতীয়া বছৰবোৰত কাঠ উদ্যোগৰ বাবে এক আকৰ্ষণীয় বিনিয়োগৰ গন্তব্য স্থান হৈ পৰিছে ৷

‘‘ভাৰতীয় কোম্পানীবোৰে সুলভ গৃহ নিৰ্মাণৰ দৰে আন্তঃগাঁথনি উন্নয়ন প্ৰকল্পত বিনিয়োগ কৰিছে,’’ মিশ্ৰই কয় ৷ ‘‘ভাৰতেও গেবনত বাতৰি সম্প্ৰচাৰৰ সুবিধা উন্নত কৰাৰ ক্ষেত্ৰত ভূমিকা পালন কৰিবলৈ চেষ্টা কৰিছিল ।’’

অৱশ্যে, ভাৰতৰ পৰা ঋণ ৰেখা (LoCs) ৰূপায়ণ/ব্যৱহাৰে গেবনত বিশেষ সফলতা দেখা পোৱা নাই৷ 2007 চনৰ মাৰ্চ মাহত, ভাৰত চৰকাৰে লিব্ৰেভিলৰ ওচৰৰ বাইকলত 300 টা ঘৰ নিৰ্মাণৰ বাবে এটা গৃহ প্ৰকল্পৰ বাবে 14.5 নিযুত ডলাৰৰ এলঅ’চি অনুমোদন জনাইছিল ৷

গেবন চৰকাৰ আৰু প্ৰকল্পটোৰ বাবে নিয়োজিত ভাৰতীয় কনচৰ্টিয়ামৰ মাজৰ পাৰ্থক্যৰ বাবে প্ৰকল্পটো স্থগিত হৈ পৰে যেনে পুঁজি মুকলি কৰা, ভাৰতীয় শ্ৰমিকসকলক ভিছা/বাসস্থানৰ অনুমতি প্ৰদান কৰা ইত্যাদি বিষয়ত ৷ এক্সিম বেঙ্কে (Exim Bank) এই প্ৰকল্পটোৰ বাবে 4.35 নিযুত ডলাৰ মুকলি কৰিছিল । গেবন চৰকাৰে পিছত সংগ্ৰহ কৰা পৰিমাণ আৰু তাৰ ওপৰত সূত পৰিশোধ কৰিছিল ।

ভাৰতে গেবনৰ বাতৰি সম্প্ৰচাৰ সুবিধাসমূহৰ পুনৰ্বাস নিয়া আৰু উন্নীতকৰণৰ বাবে 2011 চনত 67.19 নিযুত ডলাৰ মূল্যৰ আন এটা এলঅ’চি সম্প্ৰসাৰণ কৰিছিল । অৱশ্যে, LoCৰ ব্যৱহাৰ নোহোৱাৰ বাবে, অৱশেষত ডিচেম্বৰ 2017ত ইয়াক বাতিল কৰা হয় । বৰ্তমানে, গেবনলৈ কোনো সক্ৰিয় LoC নাই ৷

অৱশ্যে, আফ্ৰিকাৰ সৈতে নতুন দিল্লীৰ সম্পৰ্কৰ অংশ হিচাপে, ভাৰত গেবনৰ অন্যান্য উন্নয়নমূলক প্ৰকল্পৰ সৈতে জড়িত হৈ আছে । ছেপ্টেম্বৰ 2018-ত, ভাৰত-ৰাষ্ট্ৰসংঘৰ উন্নয়ন অংশীদাৰিত্ব পুঁজিৰ অধীনত জলবায়ু তথ্য আৰু আগতীয়া সতৰ্কবাণী প্ৰণালী শক্তিশালী কৰাৰ বাবে গেবনৰ প্ৰকল্পৰ বাবে ভাৰত চৰকাৰে 1 নিযুত ডলাৰ অনুদান সাহায্য ঘোষণা কৰে ।

পেন-আফ্ৰিকান ই-নেটৱৰ্ক প্ৰকল্প ৰূপায়ণ কৰা প্ৰথম 15 খন আফ্ৰিকান দেশৰ ভিতৰত আছে গেবন । এই প্ৰকল্পৰ অধীনত গেবনৰ ৰাজধানী লিব্ৰেভিলত টেলি-এডুকেচন, টেলিমেডিচিন আৰু ভিভিআইপি সংযোগ স্থাপন কৰা হৈছে ৷

‘‘গেবনত, আমি (ভাৰত) কৃষি, উৎপাদন আৰু কাৰিকৰী পৰামৰ্শৰ ওপৰতো গুৰুত্ব দিছো,’’ মিশ্ৰই কয় । কিন্তু বুধবাৰে সংঘটিত অভ্যুত্থানৰ পৰিপ্ৰেক্ষিতত, ইয়াৰে বহুতো প্ৰকল্পই এক অনিশ্চিত ভৱিষ্যতৰ সন্মুখীন হৈছে ।

লগতে পঢ়ক: Johannesburg building fire : জোহান্সবাৰ্গৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; নিহতৰ সংখ্যা ৭৩ জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.