ETV Bharat / bharat

শেহতীয়া প্ৰযুক্তি আৰু নিষিদ্ধ ৰেট হোল খনন; উত্তৰকাশী উদ্ধাৰ অভিযানত বিশেষজ্ঞৰ মতামত - uttarkashi tunnel accident rescue operation

উত্তৰকাশীৰ চিল্কয়াৰা সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰিবলৈ যি অত্যাধুনিক যন্ত্ৰপাতি আৰু শতিকা পুৰণি ৰেট হোল খনন কৌশল ব্যৱহাৰ কৰা হ'ল, সেয়া পূৰ্বতে কেতিয়াও দেখা নগৈছিল । ধ্বংসাৱশেষৰ অন্তিম পৰ্যায়ত আহি য'ত সকলো শেহতীয়া প্ৰযুক্তি বিফল হৈছিল, তাত কিন্তু পুৰণি হেট হোল খনন কৌশলটোহে কামত আহিছিল । যাৰ ফলত ৪১ জন লোকৰ জীৱন ৰক্ষা পৰে । এই উদ্ধাৰ অভিযান ভৱিষ্যতে এনে ধৰণৰ উদ্ধাৰ অভিযানৰ উদাহৰণ হৈ থাকিব ।

উত্তৰকাশী উদ্ধাৰ অভিযানত বিশেষজ্ঞৰ মতামত
শেহতীয়া প্ৰযুক্তি আৰু নিষিদ্ধ ৰেট হোল খনন
author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 12:50 PM IST

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : ১৭ দিনৰ ৰুদ্ধ-শ্বাস পৰিস্থিতি আৰু কঠোৰ পৰিশ্ৰমৰ অন্তত উত্তৰকাশীৰ চিল্কয়াৰা সুৰংগত আবদ্ধ ৪১ জন শ্ৰমিকক ২৮ নৱেম্বৰৰ নিশা প্ৰায় ৮ বজাত উদ্ধাৰ কৰা হয় । এই উদ্ধাৰ অভিযান ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবে এক ডাঙৰ সাফল্য হিচাপে পৰিগণিত হ'ব পাৰে । কিন্তু এই মুহূৰ্তত প্ৰযুক্তিক লৈ এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে ।

দেশৰ প্ৰতিটো মুখ্য প্ৰতিষ্ঠান আৰু বিদেশৰ বিজ্ঞানীসকলে এই উদ্ধাৰ অভিযান চলাবলৈ ইমান দিন কিয় লৈছিল ? লগতে আন এটা বিষয় উত্থাপন হয় যে আধুনিক প্ৰযুক্তি কেনেকৈ বিফল হ'ল ? ভৱিষ্যতে এনে প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ চৰকাৰে কেনে ধৰণৰ ব্যৱস্থা কৰিব লাগিব ? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি ইটিভি ভাৰতে কেইগৰাকীমান বিজ্ঞানীৰ পৰা মতামত গ্ৰহণ কৰে ।

প্ৰথমতে উত্তৰকাশী চিল্কয়াৰা সুৰংগ উদ্ধাৰ অভিযানৰ বিষয়ে অলপ তথ্য দিব বিচাৰিছোঁ । ১২ নৱেম্বৰৰ দীপাৱলীৰ পুৱা প্ৰায় ৫.৩০ বজাত উত্তৰকাশী জিলাৰ চিল্কয়াৰাত নিৰ্মাণৰত চাৰি কিলোমিটাৰ দীঘল সুৰংগটোৰ মুখৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত ভূমিস্খলন হয় । ইয়াৰ ফলত নিশাৰ ভাগত কাম কৰা ৪১ জন শ্ৰমিক তাত আবদ্ধ হৈ পৰে । তেওঁলোকক তাৰ পৰা উদ্ধাৰ কৰিবলৈ ১৭ দিনৰ উদ্ধাৰ অভিযান চলোৱা হয় ।

এইটো হৈছে ভাৰতৰ প্ৰথম ইমান দীঘলীয়া উদ্ধাৰ অভিযান । আনহাতে, বিশ্বৰ ভিতৰত তৃতীয় দীঘলীয়া উদ্ধাৰ অভিযান । উত্তৰকাশী সুৰংগৰ পৰা উদ্ধাৰ কৰা ৪১ জন শ্ৰমিকক আজি ঘৰলৈ পঠোৱাৰ সম্ভাৱনা আছে । তেওঁলোক সকলোকে ঋষিকেশ এইমছত ভৰ্তি কৰোৱা হৈছিল ।

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সকলো সংস্থাৰ লগতে বিদেশী বিশেষজ্ঞ আৰু যন্ত্ৰপাতিও সুৰংগটোত আবদ্ধ শ্ৰমিকসকলক উলিয়াবলৈ ব্যৱহাৰ কৰা হৈছিল । কিন্তু এই সকলোবোৰেই ৬০ মিটাৰ দীঘল ধ্বংসাৱশেষ আঁতৰোৱাত ব্যৰ্থ হৈছিল । আমেৰিকান অগাৰ যন্ত্ৰটোৱেও অৱশেষত হাত দাঙি দিয়ে । যেতিয়া উদ্ধাৰৰ সকলো পথ বন্ধ হৈ পৰিছিল, বিশেষজ্ঞসকলে তেতিয়া শতিকা পুৰণি ৰেট হোল খনন কৌশলৰ আশ্ৰয় লয় । উল্লেখ্য যে ২০১৪ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে (এনজিটি) এই খনন কৌশল বন্ধ কৰিছিল ।

অৱশেষত ১০ মিটাৰৰ আৱৰ্জনা ৰেট হোল খনন বিশেষজ্ঞই আঁতৰাই পেলাইছিল আৰু তাৰ পিছতহে ৪১ জন শ্ৰমিকক সুৰংগটোৰ পৰা উলিয়াই আনিব পৰা গৈছিল । এই সন্দৰ্ভত যোগাযোগ কৰাত ইউকাষ্টৰ (উত্তৰাখণ্ড ষ্টেট কাউন্সিল ফৰ ছাইট এণ্ড টেকন'লজী) সঞ্চালক ডঃ দুৰ্গেশ পন্তে কয়, "প্ৰযুক্তিৰ লগতে আমাৰ নিজৰ পৰম্পৰাগত জ্ঞান ব্যৱহাৰ কৰা উচিত । এই দুয়োটাৰ সংমিশ্ৰণ হৈছে আটাইতকৈ শক্তিশালী মাধ্যম, যাক সমগ্ৰ বিশ্বতে ব্যৱহাৰ কৰা হয় । উত্তৰকাশীৰ অভিযান ৰেট হোল শৈলীত সম্পূৰ্ণ হৈছে । যিটো হৈছে শতিকা পুৰণি পদ্ধতি আৰু বৰ্তমান এনজিটিয়ে ইয়াক নিষিদ্ধ কৰিছে ।

ডঃ দুৰ্গেশ পন্তৰ মতে, সকলো কাম প্ৰয়োজন অনুসৰি কৰা হয় । য'ত ড্ৰিলিঙৰ প্ৰয়োজন আছিল, তাত প্ৰযুক্তি অৰ্থাৎ ডাঙৰ যন্ত্ৰ ব্যৱহাৰ কৰা হৈছিল । য'ত যন্ত্ৰবোৰে কাম কৰিব নোৱাৰিলে, তাত হাতেৰে কাম কৰা হৈছিল । এই উদ্ধাৰ অভিযানকো বিশেষজ্ঞসকলে একে ধৰণে চলাইছিল ।

আনহাতে, জেএনইউৰ দুৰ্যোগ গৱেষণাৰ বিশেষ কেন্দ্ৰৰ অধ্যাপক পি কে যোশীয়ে কয় যে উদ্ধাৰকাৰী দলটোৰ অগ্ৰাধিকাৰ আছিল সুৰংগটোত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰা । ইয়াত দলটো সফলো হৈছে । এই উদ্ধাৰ অভিযানত নতুন প্ৰযুক্তি আৰু পৰম্পৰাগত পদ্ধতি দুয়োটা ব্যৱহাৰ কৰা হৈছিল, যিটো নিজেই এক অনন্য পৰীক্ষা আছিল । কাৰণ ইয়াৰ পূৰ্বে এইটো কেতিয়াও হোৱা নাছিল ।

অধ্যাপক পিকে যোশীয়ে কয় যে উদ্ধাৰকাৰী দলে বিশ্বৰ শেহতীয়া প্ৰযুক্তি আৰু যন্ত্ৰপাতি ব্যৱহাৰ কৰিছিল । কিন্তু প্ৰতিকূল পৰিস্থিতি আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ তেওঁলোক সকলো বিমুখ হৈ পৰিছিল । ইয়াৰ পিছত ৰেট হোল খনিকৰ্মীসকলে ইয়াৰ আশ্ৰয় লৈছিল । আৰু তাত সফলো হয় । উত্তৰকাশী চিল্কয়াৰা সুৰংগ উদ্ধাৰ অভিযান বিশ্বৰ বাবে এক উদাহৰণ হ'ব পাৰে । ইয়াক বিস্তৃত অধ্যয়ন কৰিব পাৰি ।

উল্লেখ্য যে এই ঘটনাটো কেৱল উত্তৰাখণ্ডৰ বাবেই নহয়, সমগ্ৰ দেশৰ বাবেও এটা শিক্ষা । সেইকাৰণেই কেন্দ্ৰীয় চৰকাৰে ভৱিষ্যতে এনে দুৰ্ঘটনা প্ৰতিহত কৰিবলৈ ইতিমধ্যে সুৰংগসমূহৰ সুৰক্ষা ব্যৱস্থা নিৰীক্ষণৰ নিৰ্দেশ দিছে । উত্তৰাখণ্ডতো ৰে'ল আৰু পথ সম্পৰ্কীয় বহুতো সুৰংগ প্ৰকল্প চলি আছে । এই সকলোবোৰ প্ৰকল্প কেন্দ্ৰীয় চৰকাৰৰ । কিন্তু উত্তৰাখণ্ড চৰকাৰে সকলো প্ৰকল্পৰ পৰ্যালোচনা কৰিব বুলি মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে নিজে জনাইছে ।

লগতে পঢ়ক :উত্তৰকাশী উদ্ধাৰ অভিযান বিশ্বৰ আটাইতকৈ দীঘলীয়া মানৱ উদ্ধাৰ অভিযানৰ অন্যতম

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.