নেচনেল ডেস্ক, 31 মাৰ্চ: ৰেল যাত্ৰা কৰা মহিলাক চুমা দি বিপদত পৰিল এজন ৷ 7 বছৰ আগেয়ে এগৰাকী মহিলাৰ গালত চুমা দি এতিয়া আদালতৰ শাস্তি লাভ কৰিছে লোকজনে (Accused sentenced after 7 years) ৷ উল্লেখ্য যে, 2015 চনৰ 23 আগষ্ট তাৰিখে এগৰাকী মহিলা যাত্ৰীয়ে তেওঁৰ বন্ধুবৰ্গৰ সৈতে গোভান্দিৰ পৰা হাৰ্বাৰ ৰোডৰ চিএছএমটি ৰেল ষ্টেচনলৈ যাত্ৰা কৰি আছিল ।
সেই সময়তে গোৱাৰ পানাজীৰ বাসিন্দা কিৰণ সুজা হোনা নামৰ 37 বছৰীয়া লোকজনে ৰেলখন ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাসৰ 1 নং প্লেটফৰ্মত উপস্থিত হোৱাৰ পিছতে মহিলা গৰাকীৰ সোঁ গালত চুমা দিছিল (man kissed cheek of the female passenger) ৷ তেতিয়াই চিএচএমটি ৰেল আৰক্ষী থানাত আনুষ্ঠানিক অভিযোগ দাখিল কৰিছিল মহিলা গৰাকীয়ে । ইয়াৰ পিছতে ৰে'লৱে আৰক্ষীয়ে অভিযুক্তজনৰ বিৰুদ্ধে ৩৫৪, ৩৫৪ (ক) (১) ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল ।
তেতিয়াৰ সহকাৰী আৰক্ষী পৰিদৰ্শক গণপত গণ্ডকে অভিযুক্তজনক গ্ৰেপ্তাৰ কৰিছিল আৰু অধিক তদন্ত আৰম্ভ কৰিছিল । জেৰাৰ সময়ত, তেওঁ গ্ৰেপ্তাৰ কৰা অভিযুক্তজনৰ বিৰুদ্ধে যিমান সম্ভৱ সিমান সাক্ষী পৰীক্ষা কৰিছিল, শক্তিশালী প্ৰমাণ সংগ্ৰহ কৰিছিল আৰু আদালতত অভিযোগপত্ৰ দাখিল কৰিছিল ।
অভিযুক্তক সাত বছৰীয়া বিচাৰৰ সময়ত সকলো সাক্ষীক পৰীক্ষা কৰাৰ পিছত, মেট্ৰ'পলিটান মেজিষ্ট্ৰেট ভিপি কেদাৰে অভিযুক্তজনক এবছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ১০,০০০ টকাৰ জৰিমনা বিহিছিল । সম্প্ৰতি, চিএছএমটি ৰে'লৱে আৰক্ষী থানাই দিয়া এক বিবৃতি মতে, যিসকলে মহিলাৰ বিৰুদ্ধে অপৰাধ কৰিব, তেওঁলোকৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।
লগতে পঢ়ক : AFSPA মুক্ত হ’ল অসমৰ ৬০ শতাংশ অঞ্চল