ETV Bharat / bharat

Shivaji Krishnamurthy controversy speech : গ্ৰেপ্তাৰ ডিএমকেৰ বহিষ্কৃত নেতা শিৱাজী কৃষ্ণমূৰ্তি

author img

By

Published : Jun 19, 2023, 11:52 AM IST

অভিনেত্ৰী তথা বিজেপি নেত্ৰী খুছবু সুন্দৰ আৰু ৰাজ্যপাল টি এন ৰবিৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল । বিষয়টো উত্তেজনাৰ সৃষ্টি কৰাৰ মাজতে কৃষ্ণমূৰ্তিক বহিষ্কাৰ কৰে ডিএমকে দলে । বিতৰ্কিত মন্তব্যৰ বাবে তামিলনাডু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নেতাজনক ।

Shivaji Krishnamurthy controversy speech
গ্ৰেপ্তাৰ ডিএমকেৰ প্ৰাক্তন নেতা শিৱাজী কৃষ্ণমূৰ্তি

নেশ্যনেল ডেস্ক,১৯ জুন : প্ৰথমে দলৰ পৰা বহিষ্কাৰ আৰু এইবাৰ গ্ৰেপ্তাৰ হ'ল দ্ৰাবিড় মুন্নেত্ৰা কাঝাগম (ডিএমকে)ৰ প্ৰাক্তন নেতা শিৱাজী কৃষ্ণমূৰ্তি । অভিনেত্ৰী তথা বিজেপি নেত্ৰী খুছবু সুন্দৰৰ বিষয়ে অপমানজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল বিতৰ্কিত নেতা শিৱাজী কৃষ্ণমূৰ্তি ।

বিজেপি নেত্ৰীগৰাকীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰাৰ পাছত ডিএমকে দলে শিৱাজীক প্ৰাথমিক সদস্যপদসহ দলৰ সকলো পদৰ পৰা বহিষ্কাৰ কৰে । দলটোৱে এক বিবৃতিত কয় যে দলৰ অনুশাসন উলংঘা কৰা আৰু বদনাম অনাৰ বাবে শিৱাজী কৃষ্ণমূৰ্তিক প্ৰাথমিক সদস্যপদকে ধৰি দলৰ সকলো পদৰ পৰা বৰ্খাস্ত কৰা হৈছে ।

উল্লেখ্য যে এক দলীয় অনুষ্ঠানত কৃষ্ণমূৰ্তিয়ে তামিলনাডুৰ ৰাজ্যপাল টি এন ৰবি আৰু বিজেপি নেত্ৰী খুছবু সুন্দৰৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰা দেখা গৈছিল । খুছবু সুন্দৰে দেওবাৰে শাসকীয় ডিএমকে দলটোক আৰু দলটোৰ নেতা শিৱাজী কৃষ্ণমূৰ্তিত তীব্ৰ সমালোচনা কৰে । লগতে তেওঁ দাবী কৰিছিল যে তামিলনাডুৰ মুখ্যমন্ত্ৰীয়ে এই বিষয়টো সম্পৰ্কে কথা কোৱাৰ কোনো সাহস নকৰে । নেত্ৰীগৰাকীয়ে সংবাদ মাধ্যমক কৈছিল যে যেতিয়া তেওঁলোকৰ ক'বলৈ একো নাথাকে, তেওঁলোকে এই ধৰণৰ বদনাম আৰু চৰিত্ৰক লৈ কথা ক'বলৈ আৰম্ভ কৰে ।

এখন সংবাদমেলত সমগ্ৰ বিষয়টোক লৈ আৱেগিক হৈ খুছবুৱে কৈছিল যে কৃষ্ণমূৰ্তিৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৫০৯ ধাৰাৰ অধীনত তেওঁ অভিযোগ দাখিল কৰিব । আনকি টুইটযোগে খুছবু সুন্দৰে তামিলনাডুৰ মুখ্যমন্ত্ৰীক টেগ কৰি কৈছিল যে ডিএমকে দলটো অসৎ গুণ্ডাসকলৰ বাবে এক সুৰক্ষিত আশ্ৰয়স্থল হৈ পৰিছে ।

সমগ্ৰ বিষয়টোৱে তামিলনাডুত ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল । বিৰোধী বিজেপিৰ নেতাসকলে শাসকীয় ডিএমকে দলটোক তীব্ৰ সমালোচনা কৰিবলৈ আৰম্ভ কৰে । তামিলনাডু বিজেপিৰ ক্ৰীড়া আৰু দক্ষতা বিকাশ কোষৰ ৰাজ্যিক সভাপতি অমৰ প্ৰসাদ ৰেড্ডীয়েও কৃষ্ণমূৰ্তিৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত এটা অভিযোগ পঞ্জীয়ন কৰে । অৱশ্যে এই সকলোবোৰ বিতৰ্কৰ মাজতে ডিএমকে দলে কৃষ্ণমূৰ্তিক দলৰ পৰা বহিষ্কাৰ কৰে । সমান্তৰালকৈ কেইবাখনো এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কৃষ্ণমূৰ্তিক গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক :Patna opposition meeting: বিৰোধীৰ গুৰুত্বপূৰ্ণ বৈঠকৰ বাবে সম্পূৰ্ণ ব্যস্ত বিহাৰৰ মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.