ETV Bharat / bharat

জম্মুত নতুন দল গঠনৰ ঘোষণা গোলাম নবী আজাদৰ - কংগ্ৰেছৰ প্ৰাক্তন জ্যেষ্ঠ নেতা গুলাম নবী আজাদ

নতুন ৰাজনৈতিক দল গঠনৰ ঘোষণা কংগ্ৰেছৰ প্ৰাক্তন জ্যেষ্ঠ নেতা গোলাম নবী আজাদৰ(Ex congress leader Ghulam nabi azad ) ৷ কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছত জম্মুত দেওবাৰে প্ৰথমবাৰলৈ জনসভা সম্বোধন কৰি এই ঘোষণা কৰে নেতাগৰাকীয়ে ৷ আজাদৰ সমৰ্থনত ইতিমধ্যে ৰাজ্যখনৰ বহু নেতা-কৰ্মীয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে ।

ex-congress-leader-ghulam-nabi-azad-announces-new-party-in-jammu
জম্মুত নতুন দল গঠনৰ ঘোষণা গোলাম নবী আজাদৰ
author img

By

Published : Sep 4, 2022, 8:31 PM IST

নিউজ ডেস্ক, 4 আগষ্ট: জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাম নবী আজাদে দেওবাৰে এটা নতুন দল গঠনৰ কথা ঘোষণা কৰে(Ghulam Nabi Azad announces new party) । কংগ্ৰেছ দল ত্যাগ কৰাৰ পাছত গোলাম নবী আজাদে(Ex congress leader Ghulam nabi azad) প্ৰথমবাৰলৈ ৰাজ্যখনত এক জনসভা সম্বোধন কৰি এই কথা ঘোষণা কৰে ৷ অৱশ্যে, তেওঁ এই নতুন দলটোৰ নাম উল্লেখ কৰা নাই । জনসভাখন সম্বোধন কৰি তেওঁ কয় যে ৰাইজেই দলটোৰ নাম আৰু প্ৰতীক চিহ্ন নিৰ্ণয় কৰিব (Ghulam nabi azad rally in Jammu) ।

  • I've not decided upon a name for my party yet. The people of J&K will decide the name and the flag for the party. I'll give a Hindustani name to my party that everyone can understand: Former senior Congress leader Ghulam Nabi Azad during a public meeting in Jammu pic.twitter.com/c8If02mgKZ

    — ANI (@ANI) September 4, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

তেওঁ জনতাক উদ্দেশ্যি কয় যে, "আমি আমাৰ দলৰ হিন্দুস্তানী নাম ৰাখিম । আমি পূৰ্ণ ৰাজ্যৰ দাবী চৰকাৰৰ সন্মুখত ৰাখিম । তেওঁ লগতে কয় যে, জম্মু-কাশ্মীৰৰ পূৰ্ণ ৰাজ্যৰ মৰ্যাদা পুনৰুদ্ধাৰ কৰা, ইয়াৰ নাগৰিকসকলৰ বাবে ভূমি আৰু চাকৰিৰ অধিকাৰ সুৰক্ষিত কৰা আৰু কাশ্মীৰী পণ্ডিতসকলক ওভতাই অনা আৰু পুনৰ্সংস্থাপনৰ ওপৰত গুৰুত্ব দিয়াই হ’ব দলৰ মূল উদ্দেশ্য । তেওঁ আৰু কয় য়ে, বাহিৰাগত কোনেও জম্মু আৰু কাশ্মীৰত মাটি কিনিব নোৱাৰিব তথা চৰকাৰী চাকৰি পাব নোৱাৰিব ৷"

উল্লেখ্য যে, গোলাম নবী আজাদৰ সমৰ্থনত প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী, আঠজন প্ৰাক্তন মন্ত্ৰী, এজন প্ৰাক্তন সাংসদ, নজন বিধায়ক আৰু বৃহৎ সংখ্যক পঞ্চায়তী ৰাজ সংস্থানৰ সদস্য, নাগৰিক পৰিষদ আৰু তৃণমূল কৰ্মীয়ে কংগ্ৰেছৰ সৈতে সম্পৰ্ক ছিন্ন কৰে । আজাদক দেওবাৰে জম্মু বিমান বন্দৰত উপস্থিত হোৱাৰ সময়ত তেওঁক বহু সংখ্যক সমৰ্থকে আদৰণি জনায় আৰু তাৰ পিছত এক শোভাযাত্ৰাৰে জনসভালৈ লৈ যায় ।

আজাদৰ সৈতে মঞ্চত ৰাজ্যখনৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তাৰা চান্দ, কেইবাজনো প্ৰাক্তন মন্ত্ৰী আৰু বিধায়ক আছিল যিয়ে কংগ্ৰেছৰ পৰা তেওঁৰ সমৰ্থনত পদত্যাগ কৰিছিল ৷ পিডিপিৰ প্ৰাক্তন বিধায়ক চৈয়দ বছিৰ আৰু প্ৰাক্তন বিধায়ক ছোৱেব নবী লোনো এই জনসভাত উপস্থিত আছিল ।

লগতে পঢ়ক : ইছলামিক সংগঠনৰ সহমত: ধৰ্মৰ নামত বেয়া কাম কৰা কাৰ্য মানি লোৱা নহ’ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.