নিউজ ডেস্ক, 2 মে’ : 10 মে’ত অনুষ্ঠিত হ’ব কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন (Karnataka assembly election 2023) ৷ যাৰ বাবে ৰাজ্যখনৰ ৰাজনৈতিক দলসমূহৰ মাজত ব্যাপকভাৱে বৃদ্ধি পাইছে তৎপৰতা ৷ মঙলবাৰে কৰ্ণাটকত বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হয় ষ্টাৰ কেম্পেইনাৰ তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta in Karnataka) ৷
কৰ্ণাটকত এক সংবাদমেল সম্বোধন কৰি কয় যে, মহম্মদ জিন্না জীয়াই থকা হলেও বজৰং দলক নিষিদ্ধ ঘোষণা কৰিবলৈ সাহস নকৰিলেহেঁতেনে ৷ উল্লেখ্য যে, কৰ্ণাটকৰ নিৰ্বাচৰ বাবে কংগ্ৰেছে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত বজৰং দলৰ দৰে মৌলবাদী সংগঠনক কংগ্ৰেছ ক্ষমতালৈ আহিলে নিষিদ্ধ ঘোষণা কৰা হ’ব বুলি উল্লেখ কৰিছিল (Congress will ban Bajrang Dal) ৷ এই সন্দৰ্ভতে হিন্দু যুৱ সংগঠনক জিন্না জীয়াই থাকিলেও নিষিদ্ধ কৰিবলৈ সাহস নকৰিলেহেঁতেন বুলি উল্লেখ কৰি কংগ্ৰছেৰ কটাক্ষ কৰে হিমন্ত বিশ্ব শৰ্মাই (Himanta slams Congress) ৷
স্মৰ্তব্য যে, কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত বজৰং দলক নিষিদ্ধ ঘোষিত PFIৰ সৈতে তুলনা কৰি কৰ্ণাটকৰ যুৱক-যুৱতীসকলক মৌলবাদী কৰি তোলা এনে সংগঠনসমূহৰ ওপৰত কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছিল (Congress manifesto in Karnataka) ৷ এই সন্দৰ্ভত তেওঁ কয় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইতিমধ্যেই PFIক নিষিদ্ধ ঘোষণা কৰিছে ৷
হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই ৰাজ্যখনত কংগ্ৰেছ দল শাসনত থাকোতে পিএফআই কৰ্মীসকলৰ বিৰুদ্ধে থকা গোচৰ প্ৰত্যাহাৰ কৰিছিল ৷ নিৰ্বাচনী ইস্তাহাৰত বজৰং দলক নিষিদ্ধ কৰাৰ কথা কেৱল মুছলমানক সন্তুষ্ট কৰিবলৈ উল্লেখ কৰা বুলিও কংগ্ৰেছৰ আক্ৰমণৰ লক্ষ্য কৰি লয় হিমন্ত বিশ্ব শৰ্মাই ৷
মন কৰিবলগীয়া যে, কৰ্ণাটক অতি সক্ৰিয় বজৰং দল ৷ শেহতীয়াকৈ বৰজং দলে কৰ্ণাটকৰ মহাবিদ্যালয়সমূহত ‘হালাল’ সভাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে ‘হিজাব’ পৰিধান প্ৰথা আঁতৰ কৰিবলৈ আহ্বান জনাইছিল ৷ কৰ্ণাটকত শ্বাহৰুখ খানৰ শেহতীয়া ছবি পাঠান প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰতো নিষেধাঞ্জা জাৰি কৰিছিল বজৰং দলে (Bajrang Dal) ৷ উল্লেখ্য যে, 10 মে’ত হ’বলগা কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বিজেপি ৷
লগতে পঢ়ক: karnataka Poll 2023 : কৰ্ণাটক কংগ্ৰেছৰ সভাপতিৰ হেলিকপ্টাৰত ঈগলৰ খুন্দা