ETV Bharat / bharat

অভিযন্তা দিৱস 2021: ওপজা দিনত অভিযন্তা এম বিশ্বেশ্বৰায়ক স্মৰণ

author img

By

Published : Sep 15, 2021, 7:13 AM IST

মোক্ষগুণ্ডাম বিশ্বেশ্বৰায়ৰ(Mokshagundam Visvesvaraya) জন্ম জয়ন্তী উপলক্ষে প্ৰতি বছৰে 15 ছেপ্তেম্বৰৰ দিনটো ‘অভিযন্তা দিৱস’(Engineers' Day) হিচাপে পালন কৰা হয় । 160 সংখ্যক জন্মদিনত বিশিষ্ট অভিযন্তাগৰাকীৰ বিষয়ে চমু আলোকপাত...

remembering M Visvesvaraya on his birth anniversary
ওপজা দিনত অভিযন্তা এম বিশ্বেশ্বৰায়ক স্মৰণ

নিউজ ডেস্ক, 15 ছেপ্তেম্বৰ: অভিযান্ত্ৰিক ক্ষেত্ৰখনত আগবঢ়োৱা তেওঁৰ ভিন্ন অৱদান আৰু শিক্ষাৰ পথ প্ৰদৰ্শক হোৱাৰ বাবে এম বিশ্বেশ্বৰায়(M Visvesvaraya) ‘ভিএম ছাৰ’ হিচাপেও পৰিচিত ৷ প্ৰতি বছৰে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ অভিযন্তা মোক্ষগুণ্ডাম বিশ্বেশ্বৰায়ৰ জন্মদিনটো ‘অভিযন্তা দিৱস’(Engineers' Day) হিচাপে পালন কৰা হয় ।

এম বিশ্বেশ্বৰায়ক এজন আগশাৰীৰ ৰাষ্ট্ৰ নিৰ্মাতা হিচাপে গণ্য কৰা হয়, যাৰ ওপৰত আধুনিক ভাৰত নিৰ্মাণ হৈছিল । ইনষ্টিটিউচন অৱ ইঞ্জিনিয়াৰ্ছ ইণ্ডিয়াৰ(IEI) মতে, তেওঁক ‘ভাৰতত অৰ্থনৈতিক পৰিকল্পনাৰ পূৰ্বসূৰী’ হিচাপে অভিহিত কৰা হৈছিল ৷ 1861 চনৰ 15 ছেপ্তেম্বৰত কৰ্ণাটকৰ মুদ্দেনাহাল্লি নামৰ এখন সৰু গাঁৱত জন্মগ্ৰহণ কৰা বিশ্বেশ্বৰায়ে পুনে কলেজ অৱ ইঞ্জিনিয়াৰিঙৰ পৰা অসামৰিক অভিযান্ত্ৰিক বিষয়ত ডিগ্ৰী লাভ কৰে ।

জলসিঞ্চন আৰু বান দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰখনত দক্ষ আছিল বিশ্বেশ্বৰায় ৷ আধুনিক জলসিঞ্চন কৌশলৰ লগতে বান নিয়ন্ত্ৰণ আৰু প্ৰশমনৰ সৈতে এই ক্ষেত্ৰসমূহত গুৰুত্বপূৰ্ণ কামেৰে খ্যাতি লাভ কৰিছিল অভিযন্তাগৰাকীয়ে ৷ 1903 চনত তেওঁ পুনেত খাড়কভাছলা জলাশয়ত স্থাপন কৰা ‘Automatic barrier water floodgates’ ডিজাইন কৰিছিল ।

আনহাতে, কৰ্ণাটকৰ মাণ্ডিয়া জিলাত কৃষ্ণ ৰাজা সাগৰ বান্ধ(Krishna Raja Sagar dam) নিৰ্মাণত দায়ৱদ্ধ মুখ্য অভিযন্তা আৰু হায়দৰাবাদৰ বান সুৰক্ষা ব্যৱস্থাৰো মুখ্য অভিযন্তা হিচাপে নিয়োজিত হৈ আছিল এম বিশ্বেশ্বৰায় । এগৰাকী প্ৰসিদ্ধ অভিযন্তা, শিক্ষাবিদ, অৰ্থনীতিবিদ, বিংশ শতিকাৰ পণ্ডিত বিশ্বেশ্বৰায়ে অভিযান্ত্ৰিক ক্ষেত্ৰখনত আগবঢ়াইছিল গুৰুত্বপূৰ্ণ অৱদান । অৱশ্যে, UNESCOই বছৰি 8 মাৰ্চত ‘বিশ্ব অভিযন্তা দিৱস’ পালন কৰে ।

1917 চনত তেলেংগানাত অভিযন্তা এম বিশ্বেশ্বৰায়ে এখন বিখ্যাত চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়ো স্থাপন কৰিছিল, যিখন ‘বিশ্বেশ্বৰায় কলেজ অৱ ইঞ্জিনিয়াৰিং এণ্ড টেকন’ল’জী(Visvesvaraya College of Engineering and Technology) হিচাপে পৰিচিত ৷

ভাৰত চৰকাৰে ঔদ্যোগিক, অৰ্থনৈতিক আৰু সামাজিক প্ৰকল্পত আগবঢ়োৱা অমূল্য অৱদানৰ বাবে মোক্ষগুণ্ডাম বিশ্বেশ্বৰায়ক ‘ভাৰত ৰত্ন’ উপাধিৰে বিভূষিত কৰে ৷ 1962 চনৰ 12 এপ্ৰিলত 102 বছৰ বয়সত ইহলীলা সম্বৰণ কৰে এইগৰাকী মহান অভিযন্তাই ৷

লগতে পঢ়ক: পুনৰ সাংসদ হ’ব সুস্মিতা দেৱ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.