ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ বাৰামুলাত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘাত

author img

By

Published : Aug 24, 2021, 7:31 AM IST

জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ চোপোৰ অঞ্চলত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘৰ্ষ ৷ সংঘৰ্ষত বৰ্তমানলৈকে এজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে ৷

Encounter underway between security forces, militants in Baramulla
জম্মু-কাশ্মীৰৰ বাৰামুলাত সেনা আৰু সন্ত্ৰাসবাদীৰ সংঘাত

নেশ্যনেল ডেস্ক, 24 আগষ্ট : জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাৰ চোপোৰ অঞ্চলত মঙলবাৰে পুৱতি নিশাৰ পৰা সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত অব্যাহত আছে সংঘাত ৷ এই সংঘাতৰ তথ্য সদৰি কৰিছে জম্মু-কাশ্মীৰ আৰক্ষীয়ে ৷ সোমবাৰে নিশাই ভাৰতীয় সেনাই পেঠশীৰ অঞ্চলত কোৰ্ডোন মুকলি কৰাৰ লগতে অনুসন্ধান অভিযান আৰম্ভ কৰিছিল ৷

গোপন সূত্ৰৰ পৰা লাভ কৰাৰ তথ্যৰ ভিত্তিতে এই অভিযান চলাইছিল সেনাই ৷ অভিযানৰ সময়তেই সন্ত্ৰাসবাদীৰ দলটোৱে সেনালৈ লক্ষ্য কৰি গুলিচালনা কৰে ৷ ইয়াৰ পিছতে অনুসন্ধান অভিযানটো এনকাউন্টাৰলৈ পৰিণত হয় ৷

এই সংঘাতত এজন সন্ত্ৰাসবাদী নিহত হোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Sex Racket: 4 মহিলাসহ 5 জন পুৰুষক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.