নেশ্যনেল ডেস্ক, 25 ফেব্ৰুৱাৰী: ছত্তিশগড়ৰ সুকমাত শনিবাৰে নিৰাপত্তাৰক্ষী আৰু নক্সালৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় (Encounter between security forces and naxals) ৷ এই সংঘৰ্ষত তিনি সেনা জোৱান থিতাতে মৃত্যুৰ মুখত পৰে (3 jawans martyred) আনহাতে দুজন সেনা গুৰুতৰভাৱে আহত হৈছে ৷
সুকমাৰ আৰক্ষী অধীক্ষক সুনীল শৰ্মাই (SP Sunil Sarma) এই এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত কয় যে, ডিআৰজিৰ এটা অভিযানকাৰী দলে শনিবাৰে পুৱা প্ৰায় 9 বজাত সুকমাৰ জাগৰগুণ্ডাত এক তালাচী অভিযান চলাইছিল (Encounter In Jagargunda) ৷ এই তালাচী অভিযান চলি থকাৰ সময়তে নক্সালবাদী দল এটাই নিৰাপত্তাৰক্ষীৰ দলটোলৈ উদ্দেশ্যি গুলীবৰ্ষণ আৰম্ভ কৰে ৷
লগে লগে নিৰাপত্তাৰক্ষীৰ দলটোও প্ৰত্যুত্তৰত নক্সালবাদী দলটোলৈ গুলীচালনা কৰে ৷ ফলত দুয়োটা দলৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণৰ ঘটনা সংঘটিত হয় ৷ এই গুলীবৰ্ষণত তিনি আৰক্ষী জোৱান থিতাতে নিহত হোৱাৰ লগতে দুজন সেনা জোৱান আহত হয় ৷ মৃত জোৱানকেইজন এএছআই ৰামুৰাম নাগ, সহকাৰী কনিষ্টবল কুঞ্জম যোগা আৰু জোৱান ৱঞ্জম ভীম বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ বিপৰীতে ৬ ৰ পৰা ৭ টাকৈ নক্সালবাদী নিহত হোৱাৰ খবৰ লাভ কৰা হৈছে (Many naxals death in Encounter) ৷
-
#UPDATE | Three DRG officials were killed during the encounter between security forces and Naxals in district Sukma. The deceased include ASI Ramuram Nag, Assistant Constable Kunjam Joga and Sainik Vanjam Bheema.
— ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) February 25, 2023 " class="align-text-top noRightClick twitterSection" data="
">#UPDATE | Three DRG officials were killed during the encounter between security forces and Naxals in district Sukma. The deceased include ASI Ramuram Nag, Assistant Constable Kunjam Joga and Sainik Vanjam Bheema.
— ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) February 25, 2023#UPDATE | Three DRG officials were killed during the encounter between security forces and Naxals in district Sukma. The deceased include ASI Ramuram Nag, Assistant Constable Kunjam Joga and Sainik Vanjam Bheema.
— ANI MP/CG/Rajasthan (@ANI_MP_CG_RJ) February 25, 2023
ফেব্ৰুৱাৰী মাহত, জিলাখনৰ বিভিন্ন অঞ্চলত নক্সালবাদীয়ে খোপনি পোতাৰ এক তথ্য লাভ কৰাৰ পিচতে নিৰাপত্তাৰক্ষী তথা আৰক্ষীয়ে জোৰদাৰ অভিযান চলাইছিল ৷ নক্সালবাদীয়ে বিভিন্ন সময়ত বিভিন্ন অঞ্চলত কেইবাবাৰো সোনা জোৱানসকলক লক্ষ্য কৰি লোৱাৰ চেষ্টা কৰিছিল। যদিওবা এতিয়ালৈ কোনো সৈনিকৰ ক্ষতি হোৱা নাছিল। ইয়াৰ বিপৰীতে কেবাটাও সংঘৰ্ষত কেইবাটাও নক্সাল আহত হোৱাৰ খবৰ পোৱা গৈছিল।
উক্ত এনকাউণ্টাৰ ঘটনাত ঘটনাস্থলীৰ পৰা বৃহৎ পৰিমাণৰ নক্সালবাদীৰ ব্যৱহৃত সামগ্ৰী লাভ কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে। উল্লেখ্যে যে যোৱা ৮ ফেব্ৰুৱাৰীত পুৱা ৪.০০ বজাৰ পৰা পুৱা ৫:০০ বজাৰ ভিতৰত আৰক্ষী থানা তাৰেমৰ অন্তৰ্গত গুণ্ডাম চুটৱাইৰ জংঘলত নক্সালবাদী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ সংঘটিত হৈছিল । য'ত এজন নিৰীহ গাওঁবাসী নিহত হৈছিল।
এনকাউণ্টাৰৰ পিচত গাওঁবাসীয়ে এনকাউণ্টাৰটো ভুৱা বুলি সদৰী কৰিছিল। নিৰাপত্তাৰক্ষীয়ে দাবী কৰিছিল যে এনকাউণ্টাৰৰ সময়ত গাওঁবাসী নক্সালৰ এম্বুছত সোমোৱাৰ ফলত গাঁৱৰ লোকজনৰ মৃত্যু হয় ৷