ETV Bharat / bharat

Gold seized in Kerala Airport: কেৰালা বিমান বন্দৰত ডেৰ কিলোগ্ৰাম সোণসহ বিমান কৰ্মীক গ্ৰেপ্তাৰ

author img

By

Published : Mar 9, 2023, 8:06 PM IST

সোণ সৰবৰাহৰ চেষ্টা কৰা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ বিমান কৰ্মচাৰীক গ্ৰেপ্তাৰ ৷ কেৰালা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গ্ৰেপ্তাৰ কৰা হয় ছাফি নামৰ বিমান কৰ্মীজনক ৷ ডেৰ কিলোগ্ৰাম সোণ সৰবৰাহৰ চেষ্টা কৰিছিল বিমান কৰ্মীজনে (Customs department caught flight employee) ৷

Gold seized in Kerala Airport
কেৰালা বিমান বন্দৰত ডেৰ কিলোগ্ৰাম সোণসহ বিমান কৰ্মীক গ্ৰেপ্তাৰ

নেশ্যেনেল ডেস্ক, 9 মাৰ্চ: এইবাৰ সোণ সৰবৰাহৰ সৈতে জড়িত হৈ পৰিছে বিমান কৰ্মী ৷ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এগৰাকী কৰ্মচাৰীক ডেৰ কিলোগ্ৰাম ওজনৰ সোণসহ গ্ৰেপ্তাৰ ৷ কেৰালাৰ কোচি বিমান বন্দৰত গ্ৰেপ্তাৰ কৰা হয় বিমান কৰ্মীজনক (Customs department caught Air India express employee) ৷

উল্লেখ্য যে, ছাফি নামৰ বিমান কৰ্মীজনে ডেৰ কিলোগ্ৰাম ওজনৰ সোণ হাতত মেৰিয়াই সৰবৰাহৰ চেষ্টা কৰিছিল ৷ বাহৰেইনৰ পৰা কোচি বিমানবন্দৰত অৱতৰণ কৰা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমানৰে এই সোণখিনি সৰবৰাহ কৰা হৈছিল ৷ যি তথ্য লাভ কৰিছিল শুল্ক বিভাগ (Gold smuggling by India express employee) ৷

বাহৰেইনৰ পৰা কোজিকোড হৈ কোচি বিমানবন্দৰত উপস্থিত হোৱা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ এখন বিমানখনেৰে সোণ সৰবৰাহৰ খবৰ লাভ কৰাৰ পাচতেই অভিযান চলাইছিল শুল্ক বিভাগে ৷ কোচি বিমান বন্দৰত চলোৱা সেই অভিযানতে সোণখিনি জব্দ কৰাৰ লগতে ছাফি নামৰ বিমান কৰ্মীজনকো গ্ৰেপ্তাৰ কৰা হয় ৷ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ কেবিন পৰিচালক আছিল ছাফি (Cabin crew arrested for gold smuggling) ৷

মুঠ 1487 গ্ৰাম সোণ হাতত মেৰিয়াই সৰবৰাহৰ চেষ্টা কৰিছিল বিমান কৰ্মীজনে ৷ জব্দকৃত সোণখিনিৰ মূল্য প্ৰায় 75 লাখ টকা হ’ব বুলি সদৰী কৰিছে শুল্ক বিভাগে ৷ আনহাতে বিমান কৰ্মীজন গ্ৰেপ্তাৰ হোৱাৰ পাছতেই নিলম্বন কৰা হয় (Gold seized in Cochin International Airport) ৷

ছাফি নামৰ কৰ্মচাৰীজনক নিলম্বন কৰা সন্দৰ্ভত এক বিবৃতিত এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে কয়, ‘‘আমাৰ সংস্থাই কেতিয়াও এনে আচৰণ সহ্য নকৰে । তদন্তৰ প্ৰতিবেদনৰ পিচত ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । প্ৰয়োজন হ’লে তেওঁক কৰ্তব্যৰ পৰা আঁতৰাই দিবলৈ আমি কুণ্ঠাবোধ নকৰো ৷’’ এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰি সম্প্ৰতি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে শুল্ক বিভাগে ৷

উল্লেখ্য যে, বিভিন্ন সময়ত এই দৰেই বিমান বন্দৰৰ পৰা নীতি বৰ্হিভূতভাৱে সৰবৰাহ কৰা সোণ জব্দ কৰি আহিছে শুল্ক বিভাগে ৷ বিদেশৰ পৰ বিশেষকৈ ডুবাইৰ পৰা এই দৰে নিৰ্ধাৰিত পৰিমাণতকৈ অধিক সোণ সৰবৰাহ কৰা ঘটনা সৰ্বাধিক সংঘটিত হয় ৷

লগতে পঢ়ক: Delhi liquor scam: তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কন্যা কালভাকুন্তলা কবিতালৈ EDৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.