ETV Bharat / bharat

মই দেশ এৰি নাযাওঁ মোক বিশ্বাস কৰক; আদালতক ক’লে আৰিয়ান খানে !

মুম্বাইৰ ড্ৰাগছ অন ক্ৰুজ ঘটনাৰ অভিযুক্ত তথা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিন আবেদন সম্পৰ্কে শুকুৰবাৰে শুনানি গ্ৰহণ কৰে আদালতে । এনচিবিৰ অধিবক্তাই বিভিন্ন ধৰণৰ কাৰণ দেখুৱাই জামিন আবেদনৰ বিৰোধিতা কৰিছে । নাকচ হ’ল আৰিয়ানৰ জামিন আবেদন ৷

Drugs on cruise case
আৰিয়ান খানে জামিন পাৱ নে
author img

By

Published : Oct 8, 2021, 5:19 PM IST

নেশ্যনেল ডেস্ক,৮ অক্টোবৰ : এস্প্লেনেড আদালতত সম্পন্ন হৈছে আৰিয়ান খান, আৰবাজ মাৰ্চেণ্ট আৰু মুনমুন ধামেছাৰ জামিন আবেদনৰ শুনানি । আদালতে খাৰিজ কৰিলে আৰিয়ানৰ জামিন আবেদন ৷ আদালতত এক আৱেগিক আবেদনত আৰিয়ানে কয় যে তেওঁ এগৰাকী ভাৰতীয় । তেওঁৰ মা-দেউতাক ভাৰতীয় আৰু ভাৰতত বাস কৰে । তেওঁৰ ওচৰত ভাৰতীয় পাছপোৰ্ট আছে ।

আৰিয়ানৰ মতে তেওঁ তদন্তকাৰী দলৰ সৈতে সহযোগিতা কৰি আছে । সেয়ে তেওঁ দেশ এৰি যাব বুলি কোনো প্ৰশ্নই নাহে । ইফালে জামিনৰ আবেদনক লৈ আৰিয়ানৰ অধিবক্তা মানেশিন্দে আৰু এনচিবিৰ অধিবক্তাৰ মাজত তীব্ৰ তৰ্ক অব্যাহত আছে । এনচিবিক বিভিন্ন কাৰণত জামিন আবেদনৰ তীব্ৰ বিৰোধিতা কৰা দেখা গৈছে । যোৱা শুনানিত দণ্ডাধীশৰ আদালতে আৰিয়ানক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল ।

ইয়াৰ পূৰ্বে সোমবাৰে মুম্বাইৰ কিল্লা আদালতে ড্ৰাগছ অন-ক্ৰুজ গোচৰৰ সন্দৰ্ভত বলীউড অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰু আন দুজন অভিযুক্তৰ জিম্মাৰ সীমা ৭ অক্টোবৰলৈ বৃদ্ধি কৰিছিল । এনচিবিৰ সৈতে তিনিওজনৰ জিম্মাৰ সময়সীমা ৪ অক্টোবৰত সমাপ্ত হৈছে । উল্লেখ্য যে বিশেষ সূত্ৰৰ খবৰৰ পাছতে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই (NCB) ৰেভ পাৰ্টিটোৰ বিৰুদ্ধে অভিযান চলাইছিল । য'ত ড্ৰাগছ আৰু বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰা হৈছিল ।

ক্ৰুজত অভিযান চলোৱাৰ পাছতে বলীউডৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান,আৰবাজ ছেথ মাৰ্চেণ্ট আৰু মুনমুন ধামেচাক গ্ৰেপ্তাৰ কৰা হৈছিল । NCBৰ সূত্ৰ অনুসৰি, তিনিওজনে ক্ৰুজত তেওঁলোকৰ সৈতে ড্ৰাগছ কঢ়িয়াই নিয়াৰ কথা স্বীকাৰ কৰিছে । এতিয়ালৈকে, এনচিবিয়ে আঠজন লোকক আটক কৰিছে । বাকী গ্ৰেপ্তাৰ হোৱা সকলৰ ভিতৰত আছে নুপুৰ চাৰিকা, ইসমিত সিং, মোহক যশৱাল, বিক্ৰান্ত ছোকাৰ আৰু গোমিত চোপ্ৰা ।

ইফালে খবৰ অনুসৰি ছচিয়েল মিডিয়াৰ জৰিয়তে ক্ৰুজৰ বিশেষ যাত্ৰাৰ বিজ্ঞাপন প্ৰকাশ হৈছিল য'ত প্ৰতিজন ব্যক্তিৰ বাবে টিকটৰ হাৰ আছিল ৭৫,০০০ টকা । এনচিবিৰ চোৰাংচোৱাই সাধাৰণ যাত্ৰী হিচাপে ক্ৰুজত গৈছিল আৰু তেওঁলোকে তাত কিছুমান যাত্ৰীক ড্ৰাগছ সেৱন কৰা প্ৰত্যক্ষ কৰিছিল ।

লগতে পঢ়ক :মুম্বাইৰ ক্ৰুজত চলা ড্ৰাগছ পাৰ্টী গোচৰ সন্দৰ্ভত বিদেশী নাগৰিকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.