নেশ্যনেল ডেস্ক, ২৮ ডিচেম্বৰ : ২০২২ চনত অনুষ্ঠিত হ'ব উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন (UP assembly election 2022)। তাৰ প্ৰাকক্ষণত বিভিন্ন দলসমূহে তৎপৰতা আৰম্ভ কৰিছে ।
ইফালে এলাহাবাদ উচ্চ ন্যায়ালয়ে ভাৰতৰ নিৰ্বাচন আয়োগক দেশখনত অ'মিক্ৰণৰ সংক্ৰমণ আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন ১-২ মাহৰ বাবে স্থগিত ৰাখিবলৈ অনুৰোধ জনাইছিল । ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক দলসমূহৰ ৰেলী, সভা আদি নিষিদ্ধ কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।
ইয়াৰ মাজতে নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'বলৈ ৰাজ্যখনত উপস্থিত ভাৰতীয় নিৰ্বাচন আয়োগৰ শীৰ্ষ বিষয়া (ECI team visit UP before assembly election)। মঙলবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ প্ৰদেশত উপস্থিত হয় মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰ, নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ আৰু অনুপ চন্দ্ৰ পাণ্ডেৰ লগতে আয়োগৰ আন শীৰ্ষ বিষয়াসকল ।
জানিব পৰা মতে, তেওঁলোকে শীৰ্ষ বিষয়া আৰু ৰাজনৈতিক দলসমূহৰ সৈতে নিৰ্বাচন প্ৰস্তুতি সম্পৰ্কত কেইবাখনো বৈঠকত মিলিত হ'ব । উত্তৰ প্ৰদেশৰ মুখ্য নিৰ্বাচনী বিষয়া অজয় কুমাৰ শুক্লা, ৰাজ্যিক আৰক্ষী আৰু কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ নডেল বিষয়াসকলৰ সৈতেও বৈঠকত মিলিত হ'ব নিৰ্বাচন আয়োগৰ দলটো ।
বুধবাৰে ভাৰতীয় নিৰ্বাচন আয়োগৰ দলটোৱে উত্তৰ প্ৰদেশৰ আটাইকেইখন জিলাৰ বিভাগীয় আয়ুক্ত, জিলা নিৰ্বাচনী বিষয়া, আৰক্ষী আয়ুক্ত, আৰক্ষী মহাপৰিদৰ্শক আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে নিৰ্বাচনৰ বাবে প্ৰস্তুতিৰ স্তৰ সম্পৰ্কে আলোচনা কৰিবলৈ এক বৈঠকৰ আহ্বান জনাইছে ।
বৃহস্পতিবাৰে নিৰ্বাচনী পেনেলে ৰাজ্যখনৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতে আন এক বৈঠক অনুষ্ঠিত হ'ব আৰু তাৰ পাছতে সংবাদমেল সম্বোধন কৰিব নিৰ্বাচন আয়োগৰ দলটোৱে ।
লগতে পঢ়ক : Kanpur Metro Rail Project : আজি কানপুৰত মেট্ৰ' ৰে'ল প্ৰকল্প মুকলি কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে