ETV Bharat / bharat

Karnataka Election Winners Update : কৰ্ণাটক নিৰ্বাচনত বৰ্তমানলৈ জয়ী হোৱা প্ৰাৰ্থী...

চলি আছে কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ভোটগণনা । ইতিমধ্যে লাভ কৰা ফলাফলৰ অগ্ৰগতি অনুসৰি কংগ্ৰেছ পুনৰ কৰ্ণাটকৰ মচনদ অধিকাৰৰ দিশে আগবাঢ়িছে । আনহাতে, বহু পৰাক্ৰমী নেতাও নিৰ্বাচনত পৰাস্ত হৈছে । তাৰে ভিতৰত এগৰাকী হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা জগদীশ শ্বেট্টাৰ । এবাৰ চাওঁ আহক শেহতীয়া ফলাফল অনুসৰি কোন কোন নেতাই বিজয়ৰ হাঁহি মাৰিছে (Karnataka Election Winners Update) :

Karnataka Election Winners Update
Karnataka Election Winners Update
author img

By

Published : May 13, 2023, 1:38 PM IST

নিউজ ডেস্ক, ১৩ মে' : প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা জগদীশ শ্বেট্টাৰ হুবলি ধাৰৱাড়া কেন্দ্ৰীয় সমষ্টিত তেওঁৰ শিষ্য বিজেপি প্ৰাৰ্থী মহেশ টেংগিনাকাইৰ হাতত ৩৫,০০০ ভোটত পৰাস্ত হৈছে (Former CM Jagadish Shettar lost) ।

  • চিক্কাবালাপাউৰা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী প্ৰদীপ ঈশ্বৰৰ হাতত বৰ্তমানৰ স্বাস্থ্যমন্ত্ৰী ডঃ কে সুধাকৰ ১০,০০০ ভোটৰ ব্যৱধানত পৰাজিত হৈছে (Karnataka Assembly polls result 2023) ।
  • মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাই কংগ্ৰেছ প্ৰাৰ্থী পাঠান য়াছিৰ আহম্মদ খানৰ বিৰুদ্ধে শিগাভি সমষ্টিত ২২০০০-তকৈও অধিক ভোটত বিজয়ী হৈছে (CM Basavraj Bommai wins) ।
  • পৰিবহণ মন্ত্ৰী শ্ৰীৰামুলু বল্লাৰী গ্ৰাম্য সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী তথা তেওঁৰ ঘনিষ্ঠ বন্ধু নগেন্দ্ৰৰ হাতত ২৮,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাজিত হৈছে ।
  • কংগ্ৰেছ প্ৰাৰ্থী লক্ষ্মণ সাবাদীয়ে আথানি সমষ্টিত বিজেপি প্ৰাৰ্থী মহেশ কুমাটাল্লিৰ বিৰুদ্ধে ৫০,০০০ তকৈও অধিক ভোটত বিজয় সাব্যস্ত কৰিছে । উল্লেখ্য, লক্ষ্মণ সাবাদীয়ে শেহতীয়াকৈ বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছিল (Karnataka Election Winners Update) ।
  • দাভানাগেৰে দক্ষিণ সমষ্টিত বিজেপি প্ৰাৰ্থী অজয় কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰাৰ্থী শ্বামানুৰু শিৱশংকৰপ্পাৰ জয়লাভ । ৬০ বছৰ বয়সত ৰাজনীতিত প্ৰৱেশ কৰা শ্বামানুৰু শিৱশংকৰপ্পাৰ বৰ্তমান বয়স ৯২ বছৰ ।
  • বিদাৰত বিজেপি প্ৰাৰ্থী সুৰিয়াকন্ত নাগমাৰপল্লীৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰাৰ্থী ৰহিম খান বিজয়ী ।
  • ধাৰৱাড পূব সমষ্টিত বিজেপি প্ৰাৰ্থী ডঃ ক্ৰান্তিকিৰণৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰাৰ্থী প্ৰসাদ আব্বায়াৰ জয়লাভ ।
  • কংগ্ৰেছ প্ৰাৰ্থী জি এছ পাটিলে ৰণ সমষ্টিত বিজেপি প্ৰাৰ্থী কালাকাপ্পা বান্দিৰ বিৰুদ্ধে বিজয়ী হৈছে ।
  • শিৰাহাট্টি সমষ্টিত কংগ্ৰেছৰ বিদ্ৰোহী প্ৰাৰ্থী ৰামকৃষ্ণ লামণিৰ বিৰুদ্ধে বিজেপি প্ৰাৰ্থী চান্দু লামণিয়ে বিজয়ী সাব্যস্ত কৰে । চান্দু লামণিয়ে অলপতে তেওঁৰ চৰকাৰী চাকৰিৰ পৰা পদত্যাগ কৰি বিজেপিত যোগদান কৰে ।
  • চিত্ৰদুৰ্গা সমষ্টিত বিজেপি প্ৰাৰ্থী থিপ্পাৰেড্ডীৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰাৰ্থী কেচি বীৰেন্দ্ৰ পাপ্পী বিজয়ী হয় ।
  • বিজেপিয়ে দলীয় নীতি ভংগ কৰি থিপ্পাৰেড্ডীক টিকট দিছিল । বেজেপিৰ নিয়ম অনুসৰি ৭৫ বছৰ বয়সৰ ঊৰ্ধ্বৰ ব্যক্তিক টিকট দিয়া নহয় ।
  • কেৰালা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে কনকপুৰত বিজেপি প্ৰাৰ্থী আৰ অশোকক পৰাস্ত কৰিছে ।
  • কেপিচিচিৰ কাৰ্যকৰী সভাপতি সতীশ জাৰাকিহোলীয়ে ইয়ামাকানামাৰাডি সমষ্টিত বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে জয়লাভ কৰিছে ।
  • ধাৰৱাড গ্ৰাম্যত বিজেপি প্ৰাৰ্থী অমৃত দেশাইৰ বিৰুদ্ধে কংগ্ৰেছ প্ৰাৰ্থী বিনয় কুলকাৰ্ণীয়ে জয়লাভ কৰিছে । তেওঁক আদালতে ধাৰৱাদ জিলাত প্ৰৱেশত বাধা আৰোপ কৰিছিল ।
  • হিৰিয়ুৰু সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ডি সুধাকৰৰ বিজেপি প্ৰাৰ্থী পূৰ্ণিমা শ্ৰীনিবাসৰ বিৰুদ্ধে জয়লাভ ।
  • মোলাকালমুৰুৰ কংগ্ৰেছ প্ৰাৰ্থী এন ৱাই গোপালকৃষ্ণই বিজেপি প্ৰাৰ্থী থিপ্পেস্বামীৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছে । গোপালকৃষ্ণই অলপতে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিছিল ।
  • হাছানত বিজেপি প্ৰাৰ্থী প্ৰীতম গৌড়াৰ বিৰুদ্ধে জেডিএছ প্ৰাৰ্থী স্বৰূপ গৌড়া ১৩,০০০ ভোটত বিজয়ী হৈছে ।

লগতে পঢ়ক :Karnataka election 2023 : কৰ্ণাটকত কোনে মাৰিব বিজয়ৰ হাঁহি?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.