ETV Bharat / bharat

কেৰালাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব 'নিৰ্বাচনৰ ৰজা' পদ্মৰাজন

author img

By

Published : Mar 16, 2021, 5:47 PM IST

পদ্মৰাজনে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বডোদৰা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰি আন্তৰাষ্ট্ৰীয় পৰ্যায়তো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । তেওঁ কেৰালাত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি প্ৰতিহত হৈছিল ।

Famed election loser takes on Kerala CM
কেৰেলাত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব ভাৰতৰ 'নিৰ্বাচনৰ ৰজা' পদ্মৰাজন

নিউজ ডেস্ক,16 মাৰ্চ: কেৰালাৰ ধাৰমাদম সমষ্টিত এইবাৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টী (মাৰ্ক্সবাদী) নেতা তথা মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নক প্ৰত্যাহ্বান জনাব ভাৰতৰ 'নিৰ্বাচনৰ ৰজা' পদ্মৰাজনে ৷ তামিলনাডুৰ চেলেমত টায়াৰ বিক্ৰেতা পদ্মৰাজনে লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো ইতিমধ্যে নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে ৷ পদ্মৰাজনে ২০০ বাৰতকৈও অধিক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে । কিন্তু প্ৰতিবাৰেই নিৰ্বাচনত পৰাজিত হৈ লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত স্থান লাভ কৰিছে পদ্মৰাজনে ৷

পদ্মৰাজন তামিল যদিও তেওঁ সাৱলীলভাৱে মালায়ালামত কথা ক’ব পাৰে । পদ্মৰাজনে এইবাৰ ২১৭ তম বাৰৰ বাবে ধাৰমাডম সমষ্টিৰ পৰা মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে নিৰ্বাচনত অৱৰ্তীণ হোৱাৰ সিদ্ধান্ত লয় আৰু মনোনয়ন দাখিল কৰে । পদ্মৰাজনে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে বডোদৰা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰি আন্তৰাষ্ট্ৰীয় পৰ্যায়তো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । তেওঁ কেৰালাত কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি প্ৰতিহত হৈছিল ।

পদ্মৰাজনে ১৯৮৮ চনত প্ৰথমবাৰ চেলেম মেটুৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল । তেওঁ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ একমাত্ৰ উদ্দেশ্য আছিল যে, এজন সাধাৰণ মানুহেও নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে । পদ্মৰাজনে প্ৰতিবাৰই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজিত হ'লে, প্ৰত্যেকবাৰেই পৰৱৰ্তী নিৰ্বাচনত মনোনয়ন দাখিল কৰিবলৈ উৎসাহী আছিল । তেওঁ ভাৰতীয় নিৰ্বাচনত সৰ্বাধিকবাৰ পৰাজিত হোৱা প্ৰাৰ্থী হিচাপে লিমকা বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হয় । এতিয়ালৈকে, পদ্মৰাজনে নিৰ্বাচনৰ নামত ৫০ লাখ টকাৰো অধিক ব্যয় কৰিছে । কেৰালাৰ পাছত তামিলনাডুৰ চাৰিখন আসনৰ বাবেও মনোনয়ন দাখিল কৰিব পদ্মৰাজনে ।

লগতে পঢ়ক : ৰাজ্যসভাৰ সাংসদ পদ ত্যাগ স্বপন দাসগুপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.