নেচনেল ডেস্ক, 26 এপ্ৰিল : ক’ভিড-19ৰ ভয়াৱহ পৰিস্থিতিৰ মাজত দেশৰ নিৰ্বাচন আয়োগে ৰাজনৈতিক সমদলৰ অনুমতি দিয়া কাৰ্যক মাদ্ৰাজ উচ্চ ন্যায়ালয়ে সমালোচনা কৰে ৷ সোমবাৰে মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীয়ে সমদলৰ সময়ত ক’ভিড-19ৰ প্ৰট’কল অনুসৰণ কৰাতো নিশ্চিত কৰাত ব্যৰ্থ হোৱাৰ পৰিপেক্ষিতত কৰ’ণাৰ দ্বিতীয়টো ঢৌৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগক এককভাৱে জগৰীয়া কৰে ৷
লাইভ আইন অনুসৰি নিৰ্বাচন আয়োগৰ বিষয়াসকলক সম্ভৱতঃ হত্যাৰ অভিযোগত গোচৰ ৰুজু কৰা উচিত বুলি মন্তব্য কৰে ন্যায়াধীশ গৰাকীয়ে ৷ নিৰ্বাচন আয়োগৰ পৰামৰ্শদাতাই ক’ভিড-19 ৰ সংক্ৰমণ ৰোধ কৰিবলৈ ব্যৱস্থা লোৱা হৈছে বুলি কৰা মন্তব্যৰ উত্তৰত ন্যায়াধীশ গৰাকীয়ে তেওঁক ককৰ্থনাৰ সুৰত কয় যে, ৰাজনৈতিক সমদল অনুষ্ঠিত হৈ থকাৰ সময়ত আপুনি আন এটা গ্ৰহত আছিল নেকি ? জনতাৰ স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীয়ে নিৰ্বাচন আয়োগক কয়-যেতিয়া এজন নাগৰিক জীয়াই থাকে তেতিয়াহে তেওঁ গণতান্ত্ৰিক গণৰাজ্যই নিশ্চিত কৰা অধিকাৰসমূহ উপভোগ কৰিবলৈ সক্ষম হ'ব ৷
লগতে পঢ়ক : মৰাণত প্ৰথমগৰাকী ক'ভিড আক্ৰান্তৰ মৃত্যু