ETV Bharat / bharat

Upcoming assembly polls : শীঘ্ৰেই ঘোষণা হোৱাৰ সম্ভাৱনা ৫ খন ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 12:29 PM IST

Updated : Oct 5, 2023, 12:59 PM IST

বছৰৰ শেষৰফালে অনুষ্ঠিত হ'ব মধ্যপ্ৰদেশ, তেলেংগানা, ছত্তীশগড়, ৰাজস্থান আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত শুকুৰবাৰে দিল্লীত ৰাজ্যকেইখনৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব ।

Upcoming assembly polls
শীঘ্ৰেই ঘোষণা হোৱাৰ সম্ভাৱনা ৫ খন ৰাজ্যৰ নিৰ্বাচনৰ তাৰিখ

নেশ্যনেল ডেস্ক,৫ অক্টোবৰ : এই বছৰতে দেশৰ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব । যাক লৈ নিৰ্বাচন আয়োগে প্ৰস্তুতি আৰম্ভ কৰিছে । অৱশ্যে তাৰ প্ৰাকক্ষণত নিৰ্বাচনমুখী ৰাজ্যত নিযুক্ত নিৰ্বাচনী পৰ্যবেক্ষকৰ এক গুৰুত্বপূৰ্ণ বৈঠকৰ আহ্বান জনোৱা হৈছে । সূত্ৰৰ মতে আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে শুকুৰবাৰে নতুন দিল্লীত নিৰ্বাচনমুখী ৰাজ্যকেইখনৰ নিৰ্বাচনী পৰ্যবেক্ষকৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব । এই বৈঠকৰ পাছত যিকোনো সময়তে এই ৫ খন ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, তেলেংগানা, ছত্তীশগড়, ৰাজস্থান আৰু মিজোৰামত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব পাৰে ।

যোৱা বছৰো, নিৰ্বাচনী পেনেলে অক্টোবৰত হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছিল । মন কৰিবলগীয়া যে নিৰ্বাচনমুখী ৫ খন ৰাজ্যৰ ভিতৰত মধ্যপ্ৰদেশ হৈছে একমাত্ৰ ৰাজ্য য'ত শাসনাধিষ্ঠিত বিজেপি ক্ষমতাত আছে আনহাতে ছত্তীশগড় আৰু ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ আছে ।

তেলেংগানাত ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) চৰকাৰ আছে আৰু মিজোৰামত মিজো নেচনেল ফ্ৰণ্টৰ চৰকাৰ আছে । মিজোৰাম বিধানসভাৰ সদস্যৰ সংখ্যা ৪০ গৰাকী । তেওঁলোকৰ কাৰ্যকাল ডিচেম্বৰত সমাপ্ত হ'ব । আনহাতে ৯০ জনীয়া ছত্তীশগড় বিধানসভা, ২০০ জনীয়া ৰাজস্থান বিধানসভা, ২৩০ জনীয়া সদস্যৰ মধ্যপ্ৰদেশ বিধানসভা আৰু ১১৯ জনীয়া সদস্যৰ তেলেংগানা বিধানসভাৰ কাৰ্যকাল জানুৱাৰীত সমাপ্ত হ'ব ।

ভাৰতৰ নিৰ্বাচন আয়োগে নিৰ্বাচনমুখী তেলেংগানা ভ্ৰমণত আছে । যাৰ ফলত অনাগত দিনত নিৰ্বাচনৰ তাৰিখ ঘোষণাক লৈ বিভিন্ন মহলত জল্পনা-কল্পনা অব্যাহত আছে । দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত বিজেপিৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰে । বিজেপিৰ চিইচি বৈঠকত বিজেপিৰ সভাপতি জে পি নাড্ডাও উপস্থিত থাকে । এই বৈঠক ছত্তীশগড় আৰু ৰাজস্থানৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰাৰ অৰ্থে আয়োজন কৰা হয় ।

লগতে পঢ়ক :ED raids Bengal ministers house : পশ্চিমবংগৰ মন্ত্ৰীৰ বাসগৃহত ইডিৰ অভিযান

Last Updated : Oct 5, 2023, 12:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.