ETV Bharat / bharat

Election Commission: তিনি সপ্তাহৰ ভিতৰত জাননীৰ উত্তৰ দিয়ক; পাৱাৰ খুড়া-ভতিজাক নিৰ্দেশ নিৰ্বাচন আয়োগৰ

author img

By

Published : Aug 17, 2023, 9:50 AM IST

NCP ৰ মুৰব্বী শাৰদ পাৱাৰৰ ভতিজা আৰু মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰে কেইবাজনো বিধায়কৰ সৈতে বিদ্ৰোহ কৰি NDA ত যোগদান কৰে । তাৰ পাচতে নিৰ্বাচন আয়োগে দলৰ নাম আৰু প্ৰতীক সন্দৰ্ভত জাননী জাৰি কৰে ৷

Election Commission
নিৰ্বাচন আয়োগৰ ঘোষণা

নেশ্যনেল ডেস্ক, 17 আগষ্ট : বুধবাৰে নিৰ্বাচন আয়োগে জাতীয়তাবাদী কংগ্ৰেছ দলৰ (NCP) দুয়োটা প্ৰতিদ্বন্দ্বী ফৈদক দলটোৰ নাম আৰু চৰকাৰী প্ৰতীক সন্দৰ্ভত জাননীৰ উত্তৰ দিবলৈ তিনি সপ্তাহৰ সময় দিয়ে । এটা ফৈদৰ নেতৃত্বত আছে শৰদ পাৱাৰ আৰু আনটো ফৈদৰ নেতৃত্বত আছে তেওঁৰ ভতিজা অজিত পাৱাৰ । দলটোৰ নাম আৰু চৰকাৰী নিৰ্বাচনী চিহ্নৰ দাবী সন্দৰ্ভত নিৰ্বাচন আয়োগৰ জাননীৰ উত্তৰ দিবলৈ দুয়োজনে চাৰি সপ্তাহৰ সময় বিচাৰিছিল ।

নিৰ্বাচন আয়োগে 27 জুলাইত দুয়োটা প্ৰতিদ্বন্দ্বী ফৈদক জাননী জাৰি কৰি আয়োগক দাখিল কৰা সকলো নথি-পত্ৰ বিনিময় কৰিবলৈ কয় ৷ 5 জুলাইত নিৰ্বাচন আয়োগে 40 জন সাংসদ, বিধায়ক আৰু বিধান পৰিষদৰ সদস্যৰ শপতনামা লাভ কৰে ৷ লগতে বিদ্ৰোহী পক্ষৰ সদস্যৰ প্ৰস্তাৱ যে তেওঁলোকে অজিত পাৱাৰক NCP ৰ মুৰব্বী হিচাপে বাচি লয় ।

এই সন্দৰ্ভত 30 জুনৰ দিনা এখন পত্ৰখন লিখা হৈছিল । দুদিন পূৰ্বে অজিত পাৱাৰে NCP ত আকস্মিক বিদ্ৰোহ কৰি 8 জন মন্ত্ৰীৰ সৈতে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল । শৰদ পাৱাৰ নেতৃত্বাধীন ফৈদে বিদ্ৰোহী সংগঠনটোৰ দাবীৰ সন্দৰ্ভত গুৰুত্ব নিদিয়ালৈকে আয়োগৰ কাষ চাপিব নোৱাৰিব বুলি সিদ্ধান্ত লৈছিল ।

শৰদ পাৱাৰৰ বক্তব্য :

একে সময়তে শৰদ পাৱাৰে কয় যে. দেশৰ ক্ষমতা ভাৰতীয় জনতা পাৰ্টী আৰু ইয়াৰ মিত্ৰ দলৰ হাতত । এই সকলোবোৰৰ ভূমিকা সমাজত ঐক্য বজাই ৰখা ৷ কিন্তু এইসকল লোকে ইজনে সিজনৰ লগত যুঁজিছে । এই চৰকাৰে বহু ৰাজ্যৰ চৰকাৰ যেনে- গোৱা, মধ্যপ্ৰদেশ আৰু মহাৰাষ্ট্ৰত উফৰাই পেলাইছে ।

তেওঁ আৰু কয়, ‘‘মহাৰাষ্ট্ৰৰ উদ্ধৱৰ চৰকাৰ উফৰাই দিয়াৰ পিচত কি হ’ল আমি সকলোৱে দেখিছো ৷ মোৰ দল সন্দৰ্ভত নিৰ্বাচন আয়োগে জাননী দিছে । মোৰ চিন্তাৰ প্ৰয়োজন নাই । মই স্পষ্টকৈ ক’ব বিচাৰিছো যে, কেন্দ্ৰৰ মোদী চৰকাৰৰ একাংশ লোকে উদ্ধৱ থাকৰেৰ শিৱসেনা দলক লৈ আয়োগৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল । আমাৰ লগতো এনেকুৱা হ’ব পাৰে’’ ।

লগতে পঢ়ক : Delhi Frankfurt Vistara flight : মাজ আকাশত শিশু বিমান যাত্ৰীৰ শৰীৰত পৰিল গৰম পানীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.