ETV Bharat / bharat

71 বছৰীয়া মুছলমান বৃদ্ধই সম্পন্ন কৰিছে ক’ৰণাত মৃত্যু হোৱা ৰোগীৰ অন্ত্যেষ্টিক্ৰিয়া

author img

By

Published : Apr 18, 2021, 2:37 PM IST

এগৰাকী 71 বছৰীয়া মুছলমান ব্যক্তিয়ে মোদাচা চহৰৰ শ্মশানৰ তত্বাৱধায়কৰ লগতে কাঠ যোগান ধৰাৰ কাম চলাই আহিছে । দিন-ৰাতি একাকাৰ কৰি মৃতদেহ সৎকাৰ কৰিবলৈ অহা লোকসকলক সেৱা আগবঢ়োৱাৰ লগতে মৃতদেহৰ অন্তিম সংস্কাৰৰ বাবে যি সামগ্ৰীৰ প্ৰয়োজন সেয়া যোগান ধৰে বৃদ্ধগৰাকীয়ে । আনকি ৰমজানৰ সময়ত উপবাসে থাকিও শ্মশানত এই সেৱা অব্যাহত ৰাখিছে আব্দুল ৰহমান নামৰ বৃদ্ধগৰাকীয়ে ৷

muslim old man of gujarat
গুজৰাটৰ এগৰাকী মুছলমান বৃদ্ধ

নেশ্যনেল ডেস্ক,18 এপ্ৰিল : গুজৰাটৰ মোডাচাত ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকসকলৰ মৃতদেহৰ চহৰখনৰ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে । চহৰৰ এগৰাকী বৃদ্ধ মুছলমানে শ্মশানৰ তত্বাৱধানৰ লগতে সৎকাৰৰ সময়ত প্ৰয়োজনীয় সামগ্ৰীৰ যোগান ধৰে ৷ ক’ভিড মহামাৰীৰ সময়তো গোটেই দিন-ৰাতি সেৱা আগবঢ়াই আহিছে বৃদ্ধগৰাকীয়ে । 71 বছৰ গৰকা স্বত্বেও ক্লান্তি অবিহনে ৰমজানত উপবাসে থাকি এই সেৱা আগবঢ়াই আছে আব্দুল ৰহমান নামৰ এইগৰাকী বৃদ্ধই ৷

ক’ভিডৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশৰ লগতে আৰাৱল্লী জিলাতো বিৰূপ প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে । এনে কঠোৰ সময়তেই আব্দুল ৰহমান চাচাই চহৰখনৰ শ্মশানত অবিৰাম সেৱা আগবঢ়াই আছে ৷ ইটিভি ভাৰতৰ সৈতে হোৱা এক বাৰ্তালাপত আব্দুল ৰহমান চাচাই কয় যে, বিগত দহ বছৰ ধৰি তেওঁ শ্মশানত এই সেৱা আগবঢ়াই আহিছে । ক’ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰোগীৰ পৰিয়াল আৰু আত্মীয়সকলে তেওঁক ফোন কৰে আৰু তেওঁ মৃতকৰ অন্তিম সৎকাৰৰ বাবে প্ৰয়োজনীয় সা-সামগ্ৰীৰ যোগান ধৰে ৷

muslim old man of gujarat
গুজৰাটৰ এগৰাকী মুছলমান বৃদ্ধ

এই ক্ষেত্ৰত পৰিয়ালে যথেষ্ট সহায় আৰু সমৰ্থন কৰি আছিছে বৃদ্ধগৰাকীক ৷ উল্লেখ্য যে, ক’ৰণাত সংক্ৰমণ হোৱাৰ আশংকা কৰি মৃতকৰ আত্মীয়সকলে শ্মশানলৈ আহিবলৈ ভয় কৰে । এনে সময়তে আব্দুল ৰহমান চাচাই মৃতকৰ অন্তিম সৎকাৰ কৰি আছে ।

লগতে পঢ়ক : কুম্ভমেলালৈ পৰিদৰ্শন কৰা লোকক চৈধ্যদিন কোৱাৰেন্টাইন থকাৰ নিৰ্দেশ দিল্লী চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.