ETV Bharat / bharat

উত্তৰ প্ৰদেশৰ খেৰীত সংঘৰ্ষ : মন্ত্ৰী পুত্ৰৰ বাহনৰ তলত আহি 8 কৃষকৰ মৃত্যু - Lakhimpur Kheri clash news

দেওবাৰে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ যাদৱে খেৰী ভ্ৰমণৰ বাবে যোৱাৰ সময়তেই কৃষি আইনৰ বিৰুদ্ধে একাংশ কৃষক একতৃত হোৱাৰ মাজতেই সংঘটিত হয় এক হৃদয়বিদাৰক ঘটনা ৷ কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ বাহনৰ চকাৰ তলত আহি নিহত হয় 8 গৰাকীকৈ নিৰীহ কৃষক ৷

Eight killed and several injured in Lakhimpur Kheri clash
উত্তৰ প্ৰদেশৰ খেৰীত সংঘৰ্ষ : মন্ত্ৰী পুত্ৰৰ বাহনৰ তলত আহি 8 কৃষকৰ মৃত্যু
author img

By

Published : Oct 4, 2021, 7:42 AM IST

নেশ্যনেল ডেস্ক, 4 অক্টোবৰ : উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰীত সংঘটিত হিংসাত্মক ঘটনাত প্ৰায় 8 গৰাকীকৈ কৃষকে প্ৰাণ হেৰুৱাইছে ৷ লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অৰুণ কুমাৰ সিঙে সাংবাদিকক জানিবলৈ দিছে এই তথ্য ৷ ইয়াৰ উপৰিও এই ঘটনাত কেইবাগৰাকীয়ো কৃষক গুৰুতৰভাৱে আহত হৈছে ৷

দেওবাৰে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ যাদৱে খেৰী ভ্ৰমণৰ বাবে যোৱাৰ সময়তেই কৃষি আইনৰ বিৰুদ্ধে একাংশ কৃষক একতৃত হোৱাৰ সময়তেই এই ঘটনা সংঘটিত হয় ৷ প্ৰতিবাদকাৰী কৃষকসকলৰ অভিযোগ কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰই তেওঁলোকৰ গাৰ ওপৰত নিজৰ বাহন চলাই দিয়ে ৷ ইয়াৰ পিছতে পৰস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত মুখ্যমন্ত্ৰী যোগী আদিত্যানাথে ADG আইন-শৃংখলা প্ৰশান্ত কুমাৰক ঘটনাস্থলীলৈ যাবলৈ নিৰ্দেশ দিয়ে ৷

জানিবলৈ পোৱা অনুসৰি, প্ৰতিবাদকাৰী কৃষকসকলে উপ মুখ্যমন্ত্ৰীক ক’লা পতাকা দেখুৱাবলৈ প্ৰস্তুত হৈছিল ৷ ইয়াৰ উপৰিও তেওঁলোকে কেশৱ প্ৰসাদ যাদৱক আদৰিবলৈ লগাই থোৱা বেনাৰসমূহো ফালি পেলাইছিল ৷

ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে টুইটযোগে কয়, "যদি এই পৰিস্থিতি অব্যাহত থাকে তেন্তে, বিজেপি নেতাসকলে গাড়ীত ঘূৰিব নোৱাৰিব অথবা গাড়ীৰ বাহিৰত ওলাব নোৱাৰিব ৷"

  • कृषि कानूनों का शांतिपूर्ण विरोध कर रहे किसानों को भाजपा सरकार के गृह राज्यमंत्री के पुत्र द्वारा, गाड़ी से रौंदना घोर अमानवीय और क्रूर कृत्य है।

    उप्र दंभी भाजपाइयों का ज़ुल्म अब और नहीं सहेगा।

    यही हाल रहा तो उप्र में भाजपाई न गाड़ी से चल पाएंगे, न उतर पाएंगे। pic.twitter.com/huX8ZUQO08

    — Akhilesh Yadav (@yadavakhilesh) October 3, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে, দেওবাৰে আবেলি সংযুক্ত কিষাণ মৰ্চাই এই সমগ্ৰ ঘটনাৰ বিৰুদ্ধে ধাৰা 302(হত্যা)ৰ অধীনত গোচৰ ৰুজু কৰি তাৎক্ষণিকভাৱে আশীষ মিশ্ৰ টেনী আৰু এই ঘটনাৰ সৈতে জড়িত অন্য লোকসকক গ্ৰেপ্তাৰৰ দাবী জনায় ৷ ইয়াৰ উপৰিও সংগঠনটোৱে কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰ টেনীক মন্ত্ৰী পদৰ পৰা নিলম্বনৰো দাবী জনায় ৷

ঘটনা সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, কৃষকসকলৰ এই ত্যাগ অথলে নাযায় ৷ যিসকল লোকে এই অমানৱীয় কাৰ্য প্ৰত্যক্ষ কৰিও মৌন হৈ আছে তেওঁলোকৰে ইতিমধ্যে মৃত্যু হৈছে ৷ আমি এই ত্যাগ অথলে যাবলৈ নিদিও ৷

  • जो इस अमानवीय नरसंहार को देखकर भी चुप है, वो पहले ही मर चुका है।

    लेकिन हम इस बलिदान को बेकार नहीं होने देंगे- किसान सत्याग्रह ज़िंदाबाद!#FarmersProtest pic.twitter.com/z1NRlGJ8hq

    — Rahul Gandhi (@RahulGandhi) October 3, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী বাদ্ৰায়ো ঘটনাত শোক প্ৰকাশ কৰে ৷

  • भाजपा देश के किसानों से कितनी नफ़रत करती है? उन्हें जीने का हक नहीं है? यदि वे आवाज उठाएँगे तो उन्हें गोली मार दोगे, गाड़ी चढ़ाकर रौंद दोगे? बहुत हो चुका। ये किसानों का देश है, भाजपा की क्रूर विचारधारा की जागीर नहीं है।

    किसान सत्याग्रह मजबूत होगा और किसान की आवाज और बुलंद होगी।

    — Priyanka Gandhi Vadra (@priyankagandhi) October 3, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে পঢ়ক : গেংষ্টাৰ টিলুক হত্যাৰ পৰিকল্পনা কৰা গোগী গেঙৰ ৪ জনক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.