ETV Bharat / bharat

ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘৰ্ষৰ প্ৰভাৱ পৰিছে ভাৰতীয় বজাৰত

author img

By

Published : Mar 15, 2022, 3:12 PM IST

ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ চলি থকাৰ মাজতে ভাৰতত তেলৰ নাটনি । বজাৰত খোৱা তেলৰ দাম বৃদ্ধি (Edible oil price hike in India)। বিশেষকৈ সূৰ্যমুখী আৰু চয়াবীন তেলৰ মূল্য যথেষ্ট হাৰত বৃদ্ধি হৈছে ।

Edible oil price hike in India
ইউক্ৰেইন আৰু ৰাছিয়াৰ সংঘৰ্ষৰ প্ৰভাৱ পৰিছে ভাৰতীয় বজাৰত

নেশ্যনেল ডেস্ক,১৫ মাৰ্চ : ইউক্ৰেইন আৰু ৰাছিয়াৰ যুদ্ধ অব্যাহত আছে (War between Ukraine and Russia)। ৰাছিয়াৰ সামৰিক অভিযানৰ ফলত প্ৰায় ধ্বংসস্তুপত পৰিণত হৈছে ইউক্ৰেইন । কিন্তু এই যুদ্ধৰ ফলত কেৱল দুয়োখনৰ দেশৰে ক্ষতি হোৱা নাই, বিশ্বৰ আন আন প্ৰান্তকো প্ৰভাৱান্বিত কৰা দেখা গৈছে । বহুতে ধাৰণা কৰিছিল যে এই যুদ্ধৰ ফলত কিছুমান সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব ।

লাহে লাহে সেই কথা সত্য প্ৰমাণিত হোৱাৰ দিশে । ইতিমধ্যে ভাৰতত বৃদ্ধি পাইছে খোৱা তেলৰ মূল্য (Edible oil price hike in India)। বিশেষকৈ সূয্যমুখী তেলৰ মূল্য অভাৱনীয় হাৰত বৃদ্ধি হৈছে (Sunflower oil price hike in India)। পুনে মাৰ্চেণ্ট চেম্বাৰৰ সঞ্চালক কানহাইয়া লাল গুজৰাটীয়ে জনোৱা মতে, এই তেলৰ মূল্য প্ৰতি ১৫ লিটাৰত ৩০০ ৰ পৰা ৪০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে ।

কিয়নো ইউক্ৰেইন আৰু ৰাছিয়াৰ পৰা সূৰ্যমুখী তেলৰ আমদানি বন্ধ হৈ পৰিছে (Imports of sunflower oil from Ukraine and Russia stopped)। বজাৰত তেলৰ অভাৱ ঘটিছে যাৰ বাবে বৃদ্ধি পাইছে এই তেলৰ মূল্য ।

আন এগৰাকী ব্যৱসায়ীয়ে কোৱা মতে সূৰ্যমুখী তেলৰ মূল্য প্ৰতি ১৫ লিটাৰত প্ৰায় ৬০০ টকালৈ বৃদ্ধি পাইছে । যিয়ে সাধাৰণ মানুহক প্ৰভাৱান্বিত কৰিছে । উল্লেখ্য যে সূৰ্যমুখী তেল ভাৰতত মুখ্যতঃ ইউক্ৰেইন আৰু ৰাছিয়াৰ পৰা আমদানি কৰা হয় ।

কানহাইয়া লাল গুজৰাটীয়ে লগতে কয় যে দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে চয়াবীন তেল প্ৰায় ১,৯৫০ টকাত বিক্ৰী কৰা হৈছিল । কিন্তু এতিয়া তাৰ মূল্য হৈছেগৈ ২,৫০০ টকা । আনহাতে সূৰ্যমুখী তেলৰ মূল্য পূৰ্বে ২,১৫০ টকা আছিল আৰু এতিয়া ২,৭৫০ টকা অতিক্ৰম কৰিছে । এগৰাকী ব্যৱসায়ীয়ে সংবাদ মাধ্যমক জনোৱা মতে যুদ্ধ চলি থকা পৰ্যন্ত তেলৰ মূল্য হ্ৰাস নহয় ।

লগতে পঢ়ক :পোলেণ্ডলৈ সাময়িকভাৱে স্থানান্তৰ ইউক্ৰেইনৰ ভাৰতীয় দূতাবাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.