নেশ্যনেল ডেস্ক, 24 ফেব্ৰুৱাৰী : শেহতীয়াকৈ গ্ৰেপ্তাৰ হোৱা মহাৰাষ্ট্ৰৰ মন্ত্ৰী নৱাব মালিকৰ ভাতৃ কেপ্তেইন মালিকক বৃহস্পতিবাৰে প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) সংস্থাটোৰ সন্মুখত হাজিৰ হ'বলৈ নিৰ্দেশ প্ৰদান (ED summons Nawab Malik's brother Captain Malik) কৰে ৷ বুধবাৰে মালিকক গ্ৰেপ্তাৰ কৰাৰ পিছত ইডিয়ে এই নিৰ্দেশ প্ৰদান কৰিছে ৷ সেই অনুসৰি, শুকুৰবাৰে মন্ত্ৰীগৰাকীৰ ভাতৃয়ে ইডিৰ কাৰ্যালয়ত উপস্থিত হ’ব ৷
আনহাতে, বৃহস্পতিবাৰে এনচিপি নেতাগৰাকীৰ ভগ্নী ছাইদা খানক দক্ষিণ মুম্বাইৰ ইডি কাৰ্যালয়ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বাধা প্ৰদান (NCP leader Maliks sister Saida Khan prevented from entering ED office) কৰা বুলি পোহৰলৈ আহিছিল ৷ ইয়াৰ পিছত মালিকক সাক্ষাৎ কৰাৰ ক্ষেত্ৰতো ভগ্নীক প্ৰদান কৰা হৈছিল বাধা ৷
"এতিয়া নৱাব মালিক আৰু অনিল দেশমুখে একেলগে কাৰাগাৰত খাদ্য গ্ৰহণ কৰিব" বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰি কম্বোজে কয় যে, "আন্তৰ্জাতিক ড্ৰাগছ সৰবৰাহকাৰী আৰু নৱাব মালিকৰ জোঁৱায়েকৰে থকা সম্পৰ্ক পোহৰলৈ আহিব লাগে," ৷ মালিকৰ জোঁৱায়েক সমীৰ খানক যোৱা বছৰ নাৰ্ক’টিক্স কণ্ট্ৰ’ল ব্যুৰ’ চমুকৈ এনচিবিয়ে ড্ৰাগছৰ গোচৰত কৰায়ত্ত কৰিছিল ৷
মহাৰাষ্ট্ৰৰ মন্ত্ৰীগৰাকীক মুম্বাইৰ আণ্ডাৰৱৰ্ল্ডৰ নায়ক ডাউদ ইব্ৰাহিমৰ দ্বাৰা পৰিচালিত অভিযানৰ বাবে পুঁজি যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ উল্লেখ্য যে, মানি লণ্ডাৰিং প্ৰতিৰোধ আইন আদালতে মহাৰাষ্ট্ৰৰ মন্ত্ৰী মালিকক 3 মাৰ্চলৈকে ইডিৰ জিম্মাত ৰখাৰ নিৰ্দেশ প্ৰদান কৰে ।
লগতে চাওক: Russia-Ukraine Crisis : নতুন দিল্লীলৈ উভতিল এয়াৰ ইণ্ডিয়াৰ বিমান