ETV Bharat / bharat

ED raids against AAP MLA Amanatullah Khan : আপৰ বিধায়ক আমানাতুল্লা খানৰ ঘৰত ইডিৰ অভিযান

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 12:28 PM IST

দিল্লী ৱাকফ ব'ৰ্ডত অবৈধ নিযুক্তি আৰু ধন আত্মসাৎ সম্পৰ্কীয় গোচৰৰ ইডিয়ে তদন্ত অব্যাহত ৰাখিছে । তাৰ অধীনত আপৰ বিধায়ক তথা ৱাকফ ব'ৰ্ডৰ অধ্যক্ষ আমানাতুল্লা খানৰ বিৰুদ্ধে ইডিয়ে অভিযান চলাইছে ।

ED raids against AAP MLA Amanatullah Khan
আপৰ বিধায়ক আমানতুল্লা খানৰ ঘৰত ইডিৰ অভিযান

নেশ্যনেল ডেস্ক,১০ অক্টোবৰ : ৱাকফ ব'ৰ্ডৰ ধন আত্মসাৎ গোচৰত পুনৰ দিল্লীত ইডিয়ে অভিযান চলাইছে । মঙলবাৰে দিল্লীৰ আম আদমি পাৰ্টীৰ বিধায়ক আমানাতুল্লা খানৰ বাসগৃহত ইডিয়ে অভিযান চলায় ।

ৱাকফ ব'ৰ্ডৰ ধন আত্মসাৎ গোচৰৰ তদন্ত কৰি থকা সংস্থাটোৱে বিধায়ক আমানাতুল্লা খান আৰু আন একাংশ লোকৰ বিভিন্ন সম্পত্তিত তালাচী আৰম্ভ কৰে । দিল্লীৰ শাসনত থকা আম আদমি পাৰ্টী আৰু কেন্দ্ৰৰ শাসনাধিষ্ঠিত বিজেপিৰ মাজত ৰাজনৈতিক স্থিতিৰ মাজতে কেন্দ্ৰীয় সংস্থাটোৰ এই তালাচী অভিযানে পুনৰ এবাৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

উল্লেখ্য যে ৪৯ বছৰীয়া আপৰ বিধায়ক আমানাতুল্লা খানে দক্ষিণ দিল্লীৰ ওখলা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰে । ইফালে ৱাকফ ব'ৰ্ড গোচৰ সন্দৰ্ভত সংস্থাটোৰ অনুসন্ধানৰ মাজত খানক লক্ষ্য কৰি লোৱা হৈছে । ইডিয়ে পিএমএলএ (ধন আত্মসাৎ প্ৰতিৰোধ আইন)ৰ অধীনত খানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে ।

দুৰ্নীতি বিৰোধী ব্যুৰ' আৰু কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ' চমুকৈ চিবিআইয়ে দিল্লী ৱাকফ ব'ৰ্ডত অবৈধ নিযুক্তি সম্পৰ্কীয় দুৰ্নীতিৰ অভিযোগত আমানাতুল্লা খানৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল । আপৰ বিধায়কজন দিল্লী ৱাকফ ব'ৰ্ডৰ অধ্যক্ষ । ৮ মাহ পূৰ্বে, চিবিআইৰ এখন বিশেষ আদালতে ৱাকফ ব'ৰ্ডৰ নিযুক্তি গোচৰত আমানাতুল্লা খানক জামিন প্ৰদান কৰিছিল । যোৱা বছৰ ছেপ্টেম্বৰত, আমানাতুল্লা খানক দিল্লীৰ দুৰ্নীতি বিৰোধী ব্যুৰ'ৱে গ্ৰেপ্তাৰ কৰিছিল । দুৰ্নীতিৰ গোচৰত তেওঁক সোধা-পোছা কৰা হৈছিল । ইফালে আপৰ বিধায়কজনে গোচৰটো আৰু দুৰ্নীতিৰ অভিযোগ ভিত্তিহীন বুলি দাবী কৰি আহিছে ।

উল্লেখ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে তদন্তকাৰী সংস্থাবোৰক ৰাজনৈতিক স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে । বিশেষকৈ বিৰোধী নেতাসকলৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৰুজু কৰি তদন্তকাৰী সংস্থাবোৰে চলোৱা অভিযানক লৈ উদ্বিগ্ন হৈ পৰিছে বিৰোধী দলসমূহ । পুনৰ এবাৰ আপৰ নেতাৰ বিৰুদ্ধে ইডিৰ এনে অভিযানক লৈ বিৰোধীয়ে কেনে প্ৰতিক্ৰিয়া কৰে সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক :ITLF slams Manipur Govt : জাতিগত হিংসাত মেইটেইসকলক মণিপুৰ চৰকাৰে সহযোগ কৰাৰ অভিযোগ আইটিএলএফৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.