ETV Bharat / bharat

Himachal Scholarship Scam: হিমাচলৰ সৰ্ববৃহৎ কেলেংকাৰীৰ সন্দৰ্ভত 4 ৰাজ্যত ইডিৰ অভিযান - ছাত্ৰ বৃত্তি কেলেংকাৰী

হিমাচল প্ৰদেশত এতিয়ালৈকে সংঘটিত হোৱা সৰ্ববৃহৎ কেলেংকাৰীৰ তদন্ত তীব্ৰতৰ কৰি তুলিছে ইডিয়ে । বিগত প্ৰায় ৪ বছৰত চিবিআইয়ে ২৫০ কোটি টকাৰ বৃত্তিৰ কেলেংকাৰীৰ তদন্ত কৰি এই পৰ্যন্ত ৮ খন চাৰ্জচিট দাখিল কৰিছে । এই কেলেংকাৰীৰ লগত জড়িত থকা অভিযোগত ইতিমধ্যে কেইবাজনক গ্ৰেপ্তাৰো কৰা হৈছে ৷

Himachal Scholarship Scam
হিমাচলৰ সৰ্ববৃহৎ কেলেংকাৰীৰ সন্দৰ্ভত 4 ৰাজ্যত ইডিৰ অভিযান
author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 9:38 PM IST

নিউজ ডেস্ক, ২৯ আগষ্ট: হিমাচলৰ ২৫০ কোটিৰ বৃত্তি কেলেংকাৰীৰ চিবিআইৰ তদন্তৰ সমান্তৰালকৈ ইডি তদন্ত ঘোষণা কৰা হৈছে ৷ এই কেলেংকাৰীৰ ষ্ট্ৰিং চুবুৰীয়া ৰাজ্যৰ সৈতেও জড়িত থকাত ইডিয়ে মঙলবাৰে হিমাচলকে ধৰি লগতে পঞ্জাৱ, হাৰিয়ানা আৰু চণ্ডীগড়ত অভিযান চলায় । উল্লেখ্য যে, হিমাচলৰ ২৫০ কোটি টকাৰ বৃত্তি কেলেংকাৰীৰ সন্দৰ্ভত গোচৰৰ শুনানী উচ্চ ন্যায়ালয়ত চলি আছে । চিবিআইয়ে ২০১৪ চনৰ পৰা এই কেলেংকাৰীৰ তদন্ত কৰি আছে আৰু এই পৰ্যন্ত ৭টা ষ্টেটাছ ৰিপৰ্ট উচ্চ ন্যায়ালয়ত দাখিল কৰিছে ।

দৰাচলতে ২০১৯ বৰ্ষত বিজেপি চৰকাৰৰ দিনত জনজাতীয় জিলা লাহৌল স্পিতিৰ ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি নোপোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰ পিচত লাহৌল স্পিতিৰ তদানীন্তন মন্ত্ৰী তথা বিধায়ক ৰামলাল মাৰ্কণ্ডাই এই বিষয়ে অভিযোগ দাখিল কৰে । ইয়াৰ পিচতে এই কেলেংকাৰীৰ তদন্ত আৰম্ভ হয় আৰু সেই বছৰতে জয়ৰামৰ নেতৃত্বাধীন বিজেপি চৰকাৰে তদন্তৰ দায়িত্ব চিবিআইক অৰ্পণ কৰে । এই গোচৰত এতিয়ালৈকে চিবিআইয়ে ৮খন চাৰ্জচিট দাখিল কৰিছে ।

চিবিআইৰ তদন্তত এই জালিয়াতি ২৫০ কোটিতকৈও অধিক টকাৰ বুলি ধৰা পৰাৰ লগতে দেশৰ আন আন ৰাজ্যতো একাংশই ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ কথা পোহৰলৈ আহে ৷ ১,১৭৬টা প্ৰতিষ্ঠান এই কেলেংকাৰীৰ লগত জড়িত থকাৰ তথ্য জানিব পৰা হৈছে । ইফালে বৃত্তি দিয়া ২৬৬টা ব্যক্তিগত প্ৰতিষ্ঠানৰ ভিতৰত ২৮খন প্ৰতিষ্ঠান এই কেলেংকাৰিত জড়িত বুলি ধৰা পৰিছে । চিবিআইৰ তথ্য অনুসৰি সেই ২৮টা প্ৰতিষ্ঠানৰ ভিতৰত ১১টা প্ৰতিষ্ঠানৰ তদন্ত ইতিমধ্যে সম্পূৰ্ণ হৈছে । তদন্তৰ অন্তত অভিযোগনামাও দাখিল কৰা হৈছে আৰু ১৭টা প্ৰতিষ্ঠানৰ বিৰুদ্ধে তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক: LPG Cylinder Price : ২০০ টকাকৈ কমিব প্ৰতিটো চিলিণ্ডাৰ মূল্য !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.