নেশ্যনেল ডেস্ক,১৮ জানুৱাৰী : দিল্লী চৰকাৰৰ সুৰা নীতি কেলেংকাৰীৰ তদন্ত কৰি থকা ইডিয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাললৈ পঞ্চমখন চমন জাৰি কৰিছে । কেজৰিৱালক ইডিয়ে ১৯ জানুৱাৰী অৰ্থাৎ শুকুৰবাৰে সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে । ইয়াৰ পূৰ্বে, ইডিয়ে চমন জাৰি কৰি কেজৰিৱালক ১৮ জানুৱাৰী অৰ্থাৎ আজি মুখ্য কাৰ্যালয়লৈ মাতি পঠিয়াইছিল । কিন্তু কেজৰিৱাল ইডি কাৰ্যালয়ত উপস্থিত নোহোৱাৰ বাবে ইডিয়ে পঞ্চম চমন জাৰি কৰিছে ।
কেজৰিৱালে পূৰ্বে ৩ বাৰ ইডিৰ চমন অস্বীকাৰ কৰিছিল । তেওঁ ইডিৰ দ্বাৰা প্ৰেৰণ কৰা চমনৰ পৰিৱৰ্তে লিখিত উত্তৰ প্ৰেৰণ কৰিছিল । ৪ৰ্থ চমন উপেক্ষা কৰি তেওঁ ইডিলৈ পুনৰ লিখিত উত্তৰ প্ৰেৰণ কৰিব পাৰে ।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে প্ৰেৰণ কৰা চমনৰ লিখিত উত্তৰ দিয়া স্বত্বেও ইডিয়ে নিৰন্তৰভাৱে চমন জাৰি কৰি আছে । এনে পৰিপ্ৰেক্ষিতত আম আদমি পাৰ্টীয়ে মুখ্যমন্ত্ৰীক আইনীভাৱে সুৰক্ষা দিবলৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব পাৰে । অৰবিন্দ কেজৰিৱালে আজিৰে পৰা তিনিদিনীয়াকৈ গোৱা ভ্ৰমণত আছে । তেওঁ লোকসভা নিৰ্বাচনৰ বাবে দলৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিব ।
১৮ জানুৱাৰীৰ পৰা তিনিদিনীয়া গোৱা ভ্ৰমণত তেওঁৰ সৈতে পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত সিং মান আৰু সাংসদ ৰাঘৱ চাড্ডা আৰু সন্দীপ পাঠকো উপস্থিত থাকিব । আটাইকেইগৰাকী নেতাই গোৱাত বিধায়ক আৰু অন্যান্য ৰাজ্যিক বিষয়াসকলক সাক্ষাৎ কৰিব আৰু ভৱিষ্যতৰ ৰণনীতি নিৰ্ধাৰণ কৰিব। মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ১১ জানুৱাৰীৰ পৰা দুদিনীয়াকৈ গোৱা ভ্ৰমণ আৰম্ভ কৰাৰ কথা আছিল কিন্তু তেওঁ এই কাৰ্যসূচী পিছুৱাই দিছিল। ইয়াৰ পূৰ্বে, চিবিআইয়েও সুৰা কেলেংকাৰীত কেজৰিৱালক সোধা-পোছা কৰিছিল ।
লগতে পঢ়ক :ঝাৰখণ্ডৰ অবৈধ খনন গোচৰ, মুখ্যমন্ত্ৰী হেমন্ত সোৰেণক ইডিৰ অষ্টমখন চমন