ETV Bharat / bharat

এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে গ্ৰেপ্তাৰ কৰিলে ব্যৱসায়ী অনুপ কুমাৰ গুপ্তাক - এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে

৩,৬০০ কোটিৰ মানী লণ্ডাৰিঙৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ ব্যৱসায়ী অনুপ কুমাৰ গুপ্তা । এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে গ্ৰেপ্তাৰ কৰে ব্যৱসায়ীজনক ।

এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে গ্ৰেপ্তাৰ কৰিলে ব্যৱসায়ী অনুপ কুমাৰ গুপ্তাক

author img

By

Published : Jan 30, 2021, 10:00 PM IST

নেশ্যনেল ডেস্ক, ৩০ জানুৱাৰী: এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে মানী লণ্ডাৰিঙৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিলে ব্যৱসায়ী অনুপ কুমাৰ গুপ্তাক । অনুপ কুমাৰ গুপ্তা ইণ্ডিয়া গেট বাচমতি চাউলৰ উৎপাদনকাৰী কে আৰ বি এল লিমিটেডৰ স্বত্বাধিকাৰী । ভিভিআইপি হেলিকপ্টাৰ কেলেংকাৰীৰে সম্পৰ্ক থকা ৩,৬০০ কোটিৰ মানী লণ্ডাৰিঙৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে ব্যৱসায়ীজনক ।

শুক্ৰবাৰে এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰে । সূত্ৰটোৱে জনোৱা মতে, অনুপ কুমাৰ গুপ্তাৰ বিৰুদ্ধে মানী লণ্ডাৰিং প্ৰতিৰোধ আইনৰ অধীনত এক গোচৰ ৰুজু কৰা হয় আৰু বিশেষ আদালতত হাজিৰ কৰা হয় । আদালতে গুপ্তাক ৫ দিনৰ বাবে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ জিম্মালৈ প্ৰেৰণ কৰে । সূত্ৰটোৱে কৈছে যে, আগষ্টা ৱেষ্টলেণ্ড ভিভিআইপি হেলিকপ্টাৰ কেলেংকাৰীৰে জড়িত থকা আৰু তদন্ত প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়োৱা নাই বুলি অভিযোগ তুলি গুপ্তাক গ্ৰেপ্তাৰ কৰা হৈছে ।

উল্লেখ্য যে, ইটালীস্থিত ফিনমেকানিকাৰ ব্ৰিটিছ সহায়ক সংস্থা আগষ্টা ৱেষ্টলেণ্ডৰ পৰা ১২ খন ভিভিআইপি হেলিকপ্টাৰ ক্ৰয় কৰাৰ বাবে কৰা চুক্তিত অনিয়ম সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰি এনফ'ৰ্চমেণ্ট ডাইৰেক্ট'ৰেটে মানী লণ্ডাৰিঙৰ অভিযোগ উত্থাপন কৰে আৰু তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰত পুনৰ পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.