নিউজ ডেস্ক, 2 মে': 2021 চনৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা অব্যাহত থকাৰ মাজতে বিজয় উৎসৱ পালনত নিষেধাজ্ঞা জাৰি কৰি ভাৰতৰ নিৰ্বাচন আয়োগে এক নিৰ্দেশনা জাৰি কৰিছে ৷ দেওবাৰে এক নিৰ্দেশনা জাৰি কৰি আয়োগে কয় যে, এই নিৰ্দেশনা উলংঘন হ'লে দায়িত্বত থকা ষ্টেশ্যন হেড অফিচাৰ আৰু অন্যান্য বিষয়া সকলক তাৎক্ষণিকভাৱে নিলম্বন প্ৰক্ৰিয়াৰ অধীনলৈ আনি তেওঁলোকৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ৷
![eci prohibits victory celebration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11615133_ecinotice1.jpg)
ইতিমধ্যে বহু ঠাইত ভোটগণনা তথা ভোটৰ ফলাফল ঘোষণাক কেন্দ্ৰ কৰি বিভিন্ন ৰাজনৈতিক দলৰ সমৰ্থক সকলে ৰাজহুৱাভাৱে উদযাপন কৰা পৰিলক্ষিত হৈছে বুলি উক্ত নিৰ্দেশনাটোত উল্লেখ কৰি আয়োগে লগতে এইবুলিও কয় যে, 28 এপ্ৰিল আৰু 1 মে' ত আয়োগে জাৰি কৰা নিৰ্দেশাৱলীৰ উলংঘনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে পুনৰ এই নিৰ্দেশনা জাৰি কৰিছে ৷
![eci prohibits victory celebration](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11615133_image_ecinotice.jpg)
আয়োগে জাৰি কৰা নিৰ্দেশাৱলী সমূহ প্ৰায় ক্ষেত্ৰতে উলংঘন হোৱা প্ৰত্যক্ষ কৰাৰ পাচতে দেওবাৰে আয়োগে প্ৰতিখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিব আৰু ৰাজনৈতিক দল সমূহৰ প্ৰধানসকললৈ পৃথকে দুখনকৈ নিৰ্দেশনা জাৰি কৰে ৷
দেওবাৰে ৰাজনৈতিক দল সমূহৰ প্ৰধানসকললৈ জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে আয়োগে দলীয় কৰ্মী তথা প্ৰতিনিধি সকলক নিয়ন্ত্ৰণ কৰাৰ লগতে অতিমাৰীৰ সময়ত বিজয় উৎসৱ পালন নকৰি ক'ভিড সম্পৰ্কীয় নিৰ্দেশাৱলী মানি চলাৰ বাবে আহ্বান জনায় ৷
লগতে পঢ়ক: ওড়িশাত ১৪ দিনৰ বাবে লক ডাউন