নেশ্যনেল ডেস্ক,১৮ জুন : নিৰ্বাচন আয়োগে (Election Commission) ২০১৯ ৰ লোকসভা নিৰ্বাচনক আধাৰ হিচাপে লৈ এক ভূচিত্ৰাৱলী(Atlas) প্ৰকাশ কৰিছে য'ত বৃহৎ নিৰ্বাচনী অনুশীলনৰ সকলো তথ্য আৰু পৰিসংখ্যা সন্নিৱিষ্ট কৰা হৈছে । নিৰ্বাচনৰ বিভিন্ন দিশ দেখুওৱা ৪২ খন বিষয় ভিত্তিক মানচিত্ৰ আৰু ৯০ খন তালিকা থকা এই ভূচিত্ৰাৱলীখন মুখ্য নিৰ্বাচন আয়ুক্ত সুশীল চন্দ্ৰ আৰু নিৰ্বাচন আয়ুক্ত (Election Commissioner) ৰাজীৱ কুমাৰ আৰু অনুপ চন্দ্ৰ পাণ্ডেয়ে ১৫ জুনত মুকলি কৰে ।
ভূচিত্ৰাৱলীখনত ভাৰতীয় নিৰ্বাচন সম্পৰ্কীয় আকৰ্ষণীয় তথ্য, উপাখ্যান আৰু আইনী ব্যৱস্থাসমূহো সন্নিৱিষ্ট কৰা হৈছে । এক চৰকাৰী বিবৃতিত এই কথা কোৱা হৈছে । ১৯৫১-৫২ চনৰ প্ৰথম লোকসভা নিৰ্বাচনৰ পৰা নিৰ্বাচন আয়োগে বৰ্ণনা মূলক আৰু পৰিসাংখ্যিক তথ্যসমূহ কিতাপৰ ৰূপত নিৰ্বাচনী তথ্যৰ সংকলন প্ৰকাশ কৰি আহিছে ।
ভূচিত্ৰাৱলীখনত উল্লেখ থকা মতে ২০১৯ চনত অনুষ্ঠিত সপ্তদশ লোকসভা নিৰ্বাচন মানৱ ইতিহাসৰ সৰ্ববৃহৎ গণতান্ত্ৰিক অনুশীলন আছিল য'ত ভাৰতৰ ৩২ লাখ বৰ্গ কিলোমিটাৰ অঞ্চল বিয়পি থকা ১০.৩৭৮ লাখ ভোটকেন্দ্ৰত ৬১.৪৬৮ কোটি ভোটাৰে অংশগ্ৰহণ কৰিছিল ।
উল্লেখ্য যে ভাৰতৰ নিৰ্বাচনৰ ক্ষেত্ৰত নিৰ্বাচনী পঞ্জীয়ক বিষয়াসকলৰ (Election Registration Officer) দ্বাৰা ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ সময়ত আৰু ৰিটাৰ্ণিং বিষয়াসকলৰ দ্বাৰা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰক্ৰিয়াত প্ৰাথমিকভাৱে নিৰ্বাচনী তথ্য সংগ্ৰহ কৰা হয় । এই তথ্যবোৰ তাৰ পিছত বিভাগীয় কৰ্তৃপক্ষৰ দ্বাৰা একত্ৰিত কৰা হয় । নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পিছত নিৰ্বাচন আয়োগে নিৰ্বাচনী তথ্য সংগ্ৰহ কৰে আৰু সংকলন, ৰেকৰ্ড আৰু প্ৰচাৰৰ উদ্দেশ্যৰ বাবে বিভিন্ন প্ৰতিবেদন প্ৰস্তুত কৰে ।
উল্লেখ্য যে এই নিৰ্বাচন আয়োগৰ এই ধৰণৰ ভূচিত্ৰাৱলীৰ জৰিয়তে সাধাৰণ লোকে নিৰ্বাচন সম্পৰ্কীয় বিভিন্ন তথ্যৰ বিষয়ে জানিব পাৰিব । শেহতীয়াকৈ মুকলি কৰা ভূচিত্ৰাৱলীৰ পৰাও ৰাইজে ২০১৯ চনত অনুষ্ঠিত সপ্তদশ লোকসভা নিৰ্বাচন সম্পৰ্কীয় সকলো তথ্য লাভ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে ।
লগতে পঢ়ক: ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং