ETV Bharat / bharat

Earth Day 2023: কিয় পালন কৰা হয় পৃথিৱী দিৱস ? ইয়াৰ গুৰুত্ব তথা এই বছৰৰ বিষয়বস্তু সম্পৰ্কে জানি লওক

বছৰ বছৰ ধৰি সমগ্ৰ বিশ্বতে পৃথিৱী দিৱস পালন কৰি অহা হৈছে । আমাৰ পৃথিৱীৰ সুৰক্ষাৰ বাবে প্ৰতি বছৰে ২২ এপ্ৰিলত এই দিৱস পালন কৰা হয় । ১৯৭০ চনৰ পৰা আৰম্ভ হৈছিল পৃথিৱী দিৱস ।

Earth Day 2023 Importance Theme and Reason to Celebrate
কিয় পালন কৰা হয় পৃথিৱী দিৱস ? ইয়াৰ গুৰুত্ব তথা এই বছৰৰ বিষয়বস্তু সম্পৰ্কে জানি লওক
author img

By

Published : Apr 22, 2023, 4:02 AM IST

নিউজ ডেস্ক, 19 এপ্ৰিল: প্ৰতি বছৰে ২২ এপ্ৰিলৰ দিনটো বিশ্ব পৃথিৱী দিৱস বিশেষভাৱে সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় । প্ৰকৃতি সম্পৰ্কে সজাগতা বিয়পাই দিয়াৰ উদ্দেশ্যেৰে পালন কৰা হয় পৃথিৱী দিৱস । সময়ৰ লগে লগে নতুন প্ৰত্যাহ্বানৰ মাজত প্ৰকৃতি আৰু পৃথিৱীক বচাব লাগিব । উন্নয়নৰ দৌৰত যাতে পৰিৱেশ সুৰক্ষাৰ দায়িত্ব ম্লান নহয় তাৰ বাবে পৃথিৱী দিৱসৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ হৈ পৰে ।

কিয় বিশ্ব পৃথিৱী দিৱস পালন কৰা হয়

কিন্তু প্ৰকৃতি সংৰক্ষণৰ ক্ষেত্ৰত বহুতো প্ৰত্যাহ্বান আছে । ইয়াৰ ভিতৰত জনসংখ্যাৰ দ্ৰুত বৃদ্ধি, মাটি খহনীয়া, জল প্ৰদূষণ, বনাঞ্চল ধ্বংস আদি প্ৰত্যাহ্বানসমূহেই প্ৰধান । বহু পৰিমাণে মানুহৰ কৰ্মই পৰিৱেশৰ ক্ষতিৰ কাৰণ । আমাৰ পৃথিৱীখনৰ কি কাৰণত ক্ষতি হৈছে আৰু ইয়াক কেনেকৈ হ্ৰাস কৰিব পাৰি সেই বিষয়ে জানিবলৈ সজাগতা প্ৰয়োজনীয় । প্ৰতি বছৰে সমাজত সজাগতা বিয়পোৱাৰ উদ্দেশ্যে বিভিন্ন বিষয়বস্তুৰে পৃথিৱী দিৱস পালন কৰা হয় ।

বিশ্ব পৃথিৱী দিৱস কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

পৃথিৱী দিৱসৰ ইতিহাস যদি চাওঁ তেন্তে ১৯৭০ চনৰ পৰাই আৰম্ভ হৈছিল । ১৯৬৯ চনত ছান ফ্ৰান্সিস্কোত অনুষ্ঠিত ইউনেস্কো সন্মিলনৰ সময়ত ২২ এপ্ৰিলত পৃথিৱী দিৱসৰ নাম নিৰ্ধাৰণ কৰা হয় । এই সময়ছোৱাত শান্তি কৰ্মী জন মেককনেলে পৃথিৱী মাতৃ আৰু শান্তিৰ ধাৰণাক সন্মান জনোৱাৰ প্ৰস্তাৱ আগবঢ়ায় ।

কিন্তু প্ৰথম অৱস্থাত উত্তৰ গোলাৰ্ধৰ বসন্ত মাহৰ প্ৰথম দিন ১৯৭০ চনৰ ২১ মাৰ্চত বিশ্ব পৃথিৱী দিৱস অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল । পিছলৈ আমেৰিকাৰ চিনেটৰ, গেলৰ্ড নেলছনে পৰিৱেশ সুৰক্ষাৰ বাবে ১৯৭০ চনৰ ২২ এপ্ৰিলত পৃথিৱী দিৱস উদযাপন কৰাৰ প্ৰস্তাৱ আগবঢ়ায় ।

২০২৩ চনৰ বিশ্ব পৃথিৱী দিৱসৰ বিষয়বস্তু

পৃথিৱী দিৱসৰ গুৰুত্বৰ কথা কওঁতে আজিৰ দিনটোত পৰিৱেশ সুৰক্ষাৰ বাবে বৰ্তমানৰ প্ৰত্যাহ্বানসমূহ জানি, সেইবোৰ নিৰ্মূলৰ ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয় । এইবাৰ পৃথিৱী দিৱসৰ বিষয়বস্তু হৈছে Invest In Our Planet । ইয়াৰ লগে লগে এইটোৱেই হ’ব বিশ্ব পৃথিৱী দিৱসৰ ৫৩ সংখ্যক অনুষ্ঠান ।

লগতে পঢ়ক: Solar Eclipse 2023: এইটো দিনত হ'বলৈ গৈ আছে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ; জানি লওক ইয়াৰ সৈতে জড়িত কিছু জৰুৰী কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.