ETV Bharat / bharat

EAM Jaishankar in Uganda : পূৰ্বৰ দৰে নহয়, এইখন এতিয়া পৃথক ভাৰত; এছ জয়শংকৰ - EAM on strength of Indian Army

উগাণ্ডাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ (EAM Jaishankar address Indian community in Uganda)। ভাৰতে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়ে উল্লেখ কৰি জয়শংকৰে কয় যে, আজি মানুহে ইয়াক এখন পৃথক ভাৰত হিচাপে গণ্য কৰে । ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পাৰে ।

EAM Jaishankar in Uganda
উগাণ্ডাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন মন্ত্ৰী এছ জয়শংকৰৰ
author img

By

Published : Apr 13, 2023, 7:55 PM IST

নেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল : কেইবা দশক ধৰি ভাৰতৰ বিৰুদ্ধে সীমান্তৰ সীপাৰৰ পৰা সন্ত্ৰাসবাদত লিপ্ত শক্তিবোৰে এতিয়া বুজি উঠিছে যে, বৰ্তমান ই এক পৃথক ভাৰত । যিয়ে তেওঁলোকক প্ৰত্যুত্তৰ দিব পাৰে । এই মন্তব্য বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ । তেওঁ দাবী কৰা মতে আজি দেশখনে পাকিস্তান আৰু চীনৰ দ্বাৰা ৰাষ্ট্ৰীয় নিৰাপত্তা প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব পাৰে । বুধবাৰে উগাণ্ডাত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন কৰি জয়শংকৰে দেশখনক নতুন ভাৰতলৈ ৰূপান্তৰ কৰাৰ বিষয়ে উল্লেখ কৰে (EAM Jaishankar address Indian community in Uganda)।

২০১৬ চনত পাকিস্তানৰ জৈইচ-ই-মহম্মদে ভাৰতীয় সেনা ব্ৰিগেডৰ মুখ্য কাৰ্যালয়ত কৰা উৰি আক্ৰমণ (Uri attack) আৰু ২০১৯ চনত পাকিস্তানৰ বালাকোটত ভাৰতীয় যুদ্ধ বিমানে সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ শিবিৰৰ বিৰুদ্ধে চলোৱা বালাকোট বিমান আক্ৰমণৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে (2019 Balakot airstrike)। তেওঁৰ মতে যোৱা তিনি বছৰ ধৰি চুক্তি উলংঘা কৰি চীনাসকলে বৃহৎ বাহিনী সীমান্তত মোতায়েন কৰিছে । ঠিক তেনেদৰে আজি ভাৰতীয় সামৰিক বাহিনীও শীৰ্ষ উচ্চতাত আৰু অতি কঠিন পৰিস্থিতিত মোতায়েন কৰা হৈছে ।

মন্ত্ৰীগৰাকীৰ মতে বৰ্তমানৰ পৰিস্থিতি পূৰ্বতকৈ পৃথক কিয়নো ভাৰতীয় সৈন্যসকলৰ এতিয়া সম্পূৰ্ণ সমৰ্থন আছে । সেনা বাহিনীৰ ওচৰত সঠিক সঁজুলি আৰু আন্তঃগাঁথনি আছে (EAM on strength of Indian Army)। অৱশ্যে তেওঁ স্বীকাৰ কৰিছে যে, চীনৰ সৈতে সীমান্তত আন্তঃগাঁথনি বিকাশৰ বাবে আৰু অধিক কাম কৰিব লাগিব কিয়নো অতীতত ইয়াক অৱহেলা কৰা হৈছিল । তেওঁ লগতে কয় যে, ভাৰতৰ নীতিসমূহক কোনো বাহিৰৰ চাপে এতিয়া প্ৰভাৱিত কৰিব নোৱাৰে ।

তেওঁৰ মতে ভাৰতে তেল ক'ৰ পৰা ক্ৰয় কৰিব লাগে আৰু ভাৰতৰ তেল ক'ত বিক্ৰী কৰিব লাগে উপভোক্তাৰ স্বাৰ্থত সেয়া কৰিব । তাত কোনেও হেঁচা প্ৰয়োগ কৰিব নোৱাৰে । ইউক্ৰেইন আক্ৰমণৰ বাবে ৰাছিয়াক সমালোচনা কৰা হৈছে যদিও ভাৰতে ৰেহাইত উপলব্ধ ৰাছিয়াৰ তেল ক্ৰয় কৰা অব্যাহত ৰাখিছে ।

চীনে কোৱাড গোট গঠনক সমালোচনা কৰি আহিছে আৰু কৈছে যে, ইয়াৰ উদ্দেশ্য হৈছে বেইজিঙৰ উত্থান নিয়ন্ত্ৰণ কৰা । চীন দক্ষিণ আৰু পূব চীন সাগৰত তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ আঞ্চলিক বিবাদত লিপ্ত হৈ আছে । বেইজিঙে যোৱা কেইবছৰমানত মানৱ-নিৰ্মিত দ্বীপসমূহক সামৰিককৰণৰ ক্ষেত্ৰতো যথেষ্ট অগ্ৰগতি লাভ কৰিছে । বেইজিঙে সমগ্ৰ দক্ষিণ চীন সাগৰৰ ওপৰত সাৰ্বভৌমত্ব দাবী কৰে । কিন্তু ভিয়েটনাম, মালয়েছিয়া, ফিলিপাইনছ, ব্ৰুনেই আৰু টাইৱানৰ প্ৰতিবাদ অব্যাহত আছে । পূব চীন সাগৰত, চীন আৰু জাপানৰ আঞ্চলিক বিবাদ অব্যাহত আছে ।

মন্ত্ৰী জয়শংকৰৰ মতে ভাৰত অতি স্পষ্ট যে যদি কোৱাড বিশ্বৰ স্বাৰ্থত থাকে আৰু বিশ্বৰ বাবে ভাল হয় তেন্তে ই ভাৰতৰ বাবেও ভাল । তেওঁ কয় যে ভাৰতে বিশ্বৰ স্বাৰ্থৰ বাবে যি প্ৰয়োজন সেয়া কৰিব । জয়শংকৰে লগতে কয় যে আজিৰ ভাৰত এখন আত্মনিৰ্ভৰ (স্বাৱলম্বী) দেশ । তেওঁৰ মতে ভাৰতক এনে এজন নেতাৰ প্ৰয়োজন যিয়ে আত্মনিৰ্ভৰৰ আত্মবিশ্বাস প্ৰদান কৰিব পাৰে । যাৰ দ্বাৰা ভাৰতে সামৰ্থ্য উপলব্ধি কৰিব পাৰে । ভাৰতত বৰ্তমান সেয়াই হৈ আছে বুলি তেওঁ উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ব্যক্তিত্বত সেয়া সকলো স্পষ্ট বুলিও তেওঁ উল্লেখ কৰে । তেওঁ লগতে কয় যে, এয়া বিশেষকৈ বিদেশৰ ভাৰতীয়সকলৰ বাবে আৰু উগাণ্ডাৰ দৰে দেশৰ ভাৰতীয়সকলৰ বাবেও এক গুৰুত্বপূৰ্ণ বিষয় । তুৰস্ক আৰু চিৰিয়াত শেহতীয়া ভূমিকম্পৰ সময়ত ভাৰতে কেনেদৰে সহায় কৰিছিল সেয়াও তেওঁ উল্লেখ কৰে । মন্ত্ৰী জয়শংকৰৰ মতে যদি মানুহে ভাৰতৰ উত্থানৰ কথা কয় তেন্তে ইয়াৰ এক বৃহৎ অংশ হৈছে প্ৰকৃততে বিদেশত ভাৰতীয় সম্প্ৰদায়ে কৰা কঠোৰ পৰিশ্ৰম ।

লগতে পঢ়ক :Asad Encounter by UP STF : এনকাউণ্টাৰত নিহত মাফিয়া আতিক আহমেদৰ পুত্ৰ আছাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.