ETV Bharat / bharat

PM Kisan EKYC : কৃষকসকলে সোনকালে দাখিল কৰক পিএম কিষাণ ই-কেৱাইচি

১০ জুনৰ পূৰ্বে কৃষকসকলে পিএম কিষাণ সন্মান নিধি যোজনাৰ অধীনত পৰৱৰ্তী কিস্তি লাভ কৰিব (PM Kisan Yojana)। কিন্তু যিসকলে এতিয়ালৈ ই-কেৱাইচি কৰা নাই তেওঁলোকে এই কিস্তি নাপাব ! সেয়ে সোনকালে ই-কেৱাইচি কৰি লওক । ইয়াৰ বাবে আপুনি কি কৰিব লাগিব ।

PM Kisan EKYC
কৃষকসকলে সোনকালে কৰক পিএম কিষাণ ই-কেৱাইচি
author img

By

Published : Jun 5, 2023, 5:39 PM IST

নেশ্যনেল ডেস্ক,৫ জুন : 'পিএম কিষাণ সন্মান নিধি যোজনা'ৰ (PM Kisan Yojana) জৰিয়তে চৰকাৰে কৃষকসকলক আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে । যাৰ অধীনত কৃষকসকলে বছৰি ৬,০০০ টকা লাভ কৰে । কৃষকসকলক প্ৰতি ৪ মাহত এটা কিস্তি মুকলি কৰা হয় । প্ৰতিটো কিস্তিত ২,০০০ টকাকৈ দিয়া হয় । এইবাৰ চৰকাৰে কৃষকৰ একাউণ্টত চতুৰ্দশ কিস্তি প্ৰদান কৰিব । এই কিস্তি ১০ জুনৰ পূৰ্বে দিয়া হ'ব বুলি অনুমান কৰা হৈছে । যদি আপুনিও এই কিস্তি লাভ কৰিব বিচাৰে, তেন্তে ইয়াৰ বাবে আপোনাৰ কেৱাইচি অনলাইন থাকিব লাগিব ।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সুবিধা লোৱাৰ বাবে ই-কেৱাইচি আৰু ভূমি প্ৰমাণীকৰণ বাধ্যতামূলক কৰা হৈছে (E Kyc for PM Kisan Yojana)। কিন্তু ইয়াৰ পাছতো এনে বহুতো কৃষক আছে যিয়ে এতিয়ালৈকে ই-কেৱাইচি আৰু ভূমি প্ৰমাণীকৰণ কৰা নাই । যাৰ বাবে প্ৰায় ৩ কোটি কৃষক চতুৰ্দশ কিস্তিৰ সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে । যদি আপুনি এতিয়াও ই-কেৱাইচি কৰা নাই, তেন্তে সোনকালে কৰক ।

ইয়াৰ বাবে, কৃষকসকলে তেওঁলোকৰ নিকটতম কমন চাৰ্ভিচ চেণ্টাৰ (চিএছচি) যাব লাগিব বা pmkisan.gov.in প্ৰধানমন্ত্ৰী কিষাণ পৰ্টেললৈ গৈ ই-কেৱাইচি সম্পন্ন কৰিব পাৰে । ইয়াৰ উপৰিও, হিতাধিকাৰী কৃষকসকলে ভূমি প্ৰমাণীকৰণৰ বাবে তেওঁলোকৰ নিকটতম কৃষি কাৰ্যালয়লৈ যাব পাৰে ।

অনলাইন ই-কেৱাইচি কৰিবলৈ এই পদক্ষেপবোৰ অনুসৰণ কৰক :

1. প্ৰধানমন্ত্ৰী কিষাণৰ অফিচিয়েল ৱেবছাইট www.pmkisan.gov.in চাওক ।

2. হোম স্ক্ৰীণত থকা ই-কেৱাইচি বিকল্পত ক্লিক কৰক ।

3. আপোনাৰ আধাৰ নম্বৰ আৰু Captcha কোড উল্লেখ কৰক । তাৰ পাছত Searchত ক্লিক কৰক ।

4.এতিয়া আধাৰ কাৰ্ডৰ সৈতে সংযোজিত ম'বাইল নম্বৰটো উল্লেখ কৰক, ইয়াৰ পাছত এটা অ'টিপি আহিব ।

5.অ'টিপি লাভ কৰিবলৈ ক্লিক কৰক । অ'টিপি উল্লেখ কৰক ।

6. লগে লগে প্ৰধানমন্ত্ৰী কিষাণ আঁচনি ই-কেৱাইচি প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব ।

অনলাইনৰ উপৰিও, কৃষকসকলে তেওঁলোকৰ নিকটতম কমন চাৰ্ভিচ চেণ্টাৰত ই-কেৱাইচি সম্পন্ন কৰিব পাৰে (E Kyc in CSC)। ইয়াৰ বাবে, আপোনাৰ বায়'মেট্ৰিক লাগিব । যাৰ বাবে কাৰ্ডৰ সৈতে সংযোজিত আপোনাৰ আধাৰ কাৰ্ড আৰু ম'বাইল নম্বৰৰ প্ৰয়োজন হ'ব । লগতে, আপুনি এই কামৰ বাবে ১৭ টকা মাচুল পৰিশোধ কৰিব লাগিব । এই সকলোবোৰৰ উপৰিও, চি.এছ.চি. অপাৰেটৰে ১০ ৰ পৰা ২০ টকাৰ সেৱা মাচুলো ল'ব ।

প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ সুবিধা ল'বলৈ, কৃষকসকলৰ ওচৰত কিছুমান নথি পত্ৰ থাকিব লাগিব । যেনে আধাৰ কাৰ্ড, বেংক একাউণ্ট, উপাৰ্জনৰ প্ৰমাণপত্ৰ, বাসস্থানৰ প্ৰমাণপত্ৰ আৰু পাছপোৰ্ট আকাৰৰ ফটো । ইয়াৰ উপৰিও, ই-কেৱাইচি আৰু ভূমি প্ৰমাণীকৰণ কৰাটোও প্ৰয়োজনীয় ।

লগতে পঢ়ক :Green Chiretta Benefits: এই ৫টা ৰোগৰ কাল হয় এইবিধ বনৌষধি, ইয়াক কিয় সেৱন কৰাটো উচিত জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.