ETV Bharat / bharat

তুষাৰপাতৰ বাবে পুনৰ বন্ধ শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথ - তুষাৰপাতৰ বাবে পুনৰ বন্ধ শ্ৰীনগৰ লেহ ৰাষ্ট্ৰীয় ঘাইপথ

৪৩৪ কিলোমিটাৰ দৈৰ্ঘৰ শ্ৰীনগৰ-লেহ ঘাইপথটো ৩১ ডিচেম্বৰত যান-বাহন চলাচলৰ বাবে বন্ধ কৰি দিয়া হৈছিল । বুধবাৰে সীমান্ত পথ সংস্থাই পথটো মুকলি কৰে যদিও প্ৰচণ্ড তুষাৰপাতৰ ফলত যান-বাহনৰ চলাচল পুনৰ বন্ধ কৰি দিয়া হয় ।

পুনৰ বন্ধ শ্ৰীনগৰ লেহ ৰাষ্ট্ৰীয় ঘাইপথ
পুনৰ বন্ধ শ্ৰীনগৰ লেহ ৰাষ্ট্ৰীয় ঘাইপথ
author img

By

Published : Apr 22, 2021, 7:18 PM IST

নেশ্যনেল ডেস্ক,২২ এপ্ৰিল: পুনৰ বন্ধ শ্ৰীনগৰ-লেহ ৰাষ্ট্ৰীয় ঘাইপথ । যাতায়তৰ বাবে মুকলি কৰাৰ ঠিক এদিন পিছত পুনৰ প্ৰচণ্ড তুষাৰপাতৰ বাবে বন্ধ কৰি দিয়া হ'ল ঘাই পথটো ।

উল্লেখ্য যে চাৰি মাহৰ অন্তত বুধবাৰে চাৰি মাহৰ পিছত সীমান্ত পথ সংস্থাই ঘাইপথটো যাতায়তৰ বাবে মুকলি কৰি দিছিল । কিন্তু পুৱাৰে পৰা দ্ৰাছ,মণিমাৰ্গ, সোণামাৰ্গ আৰু জোজিলা অঞ্চলত প্ৰচণ্ড তুষাৰপাতৰ বাবে যান-বাহনৰ চলাচল স্থগিত ৰখা হয় । এটা দিশতহে সৰু যান-বাহন চলাচলৰ অনুমতি দিয়া হৈছে ।

ইফালে যোৱা বিগত বছৰৰ ৩১ ডিচেম্বৰত পথটো বন্ধ কৰা হৈছিল । প্ৰায় ১১২ দিন ধৰি বন্ধ থকা পথটোত কেইবা ফুট পৰ্যন্ত বৰফ জমা হৈ আছিল । সীমান্ত পথ সংস্থাই বৰফবোৰ আঁতৰ কৰিছিল যদিও ধাৰাবাহিকভাৱে তুষাৰপাত হোৱাৰ ফলত পথটো যান-বাহনৰ চলাচল বন্ধ ৰাখিব লগীয়া হৈছিল ।

লগতে পঢ়ক:কৰ'ণাত আক্ৰান্ত বি এচ য়েডিয়ুৰুপ্পাৰ আৰোগ্য লাভ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.