ETV Bharat / bharat

দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তি: আৰম্ভ হ'ল স্নাতকোত্তৰৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া - দিল্লী বিশ্ববিদ্যালয়

সোমবাৰৰ পৰা আৰম্ভ হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগত নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া ৷ স্নাতক, স্নাতকোত্তৰ উপৰিও এম ফিল (M Phill) আৰু পি এইচ ডিৰ (P hD) বাবে আৰম্ভ হৈছে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া ৷

DU Admission 2021: Delhi University To Start Registrations For PG Programmes from today
দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তি: আজিৰে পৰা আৰম্ভ স্নাতকোত্তৰৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া
author img

By

Published : Jul 26, 2021, 12:26 PM IST

Updated : Jul 26, 2021, 12:36 PM IST

নিউজ ডেস্ক, 26 জুলাই : সোমবাৰৰ পৰা আৰম্ভ হৈছে দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া ৷ স্নাতকোত্তৰৰ উপৰিও দিল্লী বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা (Delhi University Entrance Test ), পি এইচ ডি (P hD), আৰু এম ফিলৰ (M Phill) বাবেও প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে ৷ অহা 21 জুলাইলৈ গ্ৰহণ কৰা হ’ব প্ৰ-পত্ৰসমূহ ৷

এইক্ষেত্ৰত দিল্লী বিশ্ববিদ্যালয়ে (Delhi University) কিছু নতুন নিয়ম বান্ধি দিছে ৷ স্নাতকোত্তৰ শাখাত নামভৰ্তি কৰা শিক্ষাৰ্থীয়ে এখন প্ৰ-পত্ৰ পূৰণ কৰিলেও হ’ব ৷ কিন্তু যদিহে তেওঁ এটাতকৈ বেছি বিষয়ৰ বাবে আবেদন কৰে তেনে ক্ষেত্ৰত প্ৰতিটো বিষয়ৰ বাবে পৃথকে পৃথকে দিব লাগিব মাচুল ৷ দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়াটো সুন্দৰকৈ পৰিচালিত কৰিবলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই নামভৰ্তিৰ বাবে এটা পৰ্টেল মুকলি কৰিব ৷

লগতে পঢ়ক- 2 আগষ্টৰ পৰা দিল্লী বিশ্ববিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ

এই পৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থী সকলে নামভৰ্তিৰ প্ৰ-পত্ৰ পূৰণ, মাচুল প্ৰদান কৰাৰ লগতে এইসন্দৰ্ভত সকলো তথ্য কোনো অসুবিধা অবিহনে ঘৰতে বহি লাভ কৰিব ৷ ইয়াৰ উপৰিও শিক্ষাৰ্থী সকলক নামভৰ্তি প্ৰক্ৰিয়াত সহায় কৰিবলৈ কৰ্তৃপক্ষই ৱেবিনাৰো (webinars) আয়োজন কৰিব ৷

উল্লেখ্য যে, চলিত বৰ্ষত দিল্লী বিশ্ববিদ্যালয়ে প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিবলগীয়া বিষয়ৰ সংখ্যা 9 ৰ পৰা 13 লৈ বৃদ্ধি কৰিছে ৷ এই বছৰ নতুনকৈ প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া চাৰিটা বিষয় হ’ল ফিজিঅ’থেৰাপীৰ স্নাতক (Bachelor in Physiotherapy), অক্যুপেশ্বনেল থেৰাপীৰ স্নাতক (Occupational Therapy), প্ৰস্থেটিকছ আৰু অৰ্থোটিকছৰ স্নাতক (Bachelor of Prosthetics and Orthotics), ফিজিঅ’থেৰেপীৰ স্নাতকোত্তৰ (Masters of Physiotherapy)৷

সকলো স্নাতকোত্তৰ বিষয়, নিৰ্দিষ্ট স্নাতক বিষয়, এম ফিল (M Phill) আৰু পি এইচ ডিৰ (P hD) বাবে দিল্লী বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা National Testing Agencyৰ দ্বাৰা অনুষ্ঠিত কৰা হ’ব ৷ আনহাতে, NET নথকা ছাত্ৰ-ছাত্ৰীয়ে পি এইচ ডি আৰু এম ফিলত নাম ভৰ্তিৰ বাবে DUET 2021ত অৱতীৰ্ণ হ’ব লাগিব ৷ আনহাতে, মেধাৰ ভিত্তিত আৰম্ভ হ’বলগীয়া ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াৰ দিন 2 আগষ্টৰ পৰা 12 আগষ্টৰ ভিতৰত ধাৰ্য কৰা হৈছে ৷

লগতে পঢ়ক- দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ECA কোটা আঁতৰোৱাৰ প্ৰসংগত সোনাল মানসিং

Last Updated : Jul 26, 2021, 12:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.