ETV Bharat / bharat

Jhansi news:সুৰাৰ ৰাগীত মাতাল যুৱকে চলন্ত ৰে’লতে বৃদ্ধ সহযাত্ৰীৰ ওপৰত কৰিলে প্ৰস্ৰাৱ - মদ্যপায়ী যুৱক

ঝান্সীত চলন্ত ৰে’লত বৃদ্ধ বিজ্ঞানী দম্পতীৰ ওপৰত প্ৰস্ৰাৱ কৰিলে মদ্যপায়ী যুৱকে ৷ আৰ পি এফে অভিযুক্তক গ্ৰেপ্তাৰ কৰি গোচৰ ৰুজু কৰিছে ।

Jhansi news
যুৱকে ৰে’লতে কৰিলে যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ
author img

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 2:05 PM IST

নেশ্যনেল ডেস্ক, 6 অক্টোবৰ : ঝান্সীত চলন্ত ৰে’লত এটি বৃদ্ধ বিজ্ঞানী দম্পতীৰ ওপৰত মদ্যপান কৰা এজন যুৱকে প্ৰস্ৰাৱ কৰাৰ ঘটনা পোহৰলৈ আহিছে । ঝান্সীৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছত বৃদ্ধ বিজ্ঞানী দম্পতীৰ ওপৰত প্ৰস্ৰাৱ কৰিলে এজন মদ্যপায়ীয়ে । ঘটনাটোক লৈ বহু সময় ধৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় । ঘটনা সংত্ৰান্ত অৱগত হোৱাৰ পিচত উক্ত স্থানত উপস্থিত হোৱা টিটিইয়ে মদ্যপান কৰা যাত্ৰীজনক ধৰি ঝান্সী পোৱাৰ পিচত আৰপিএফক গতাই দিয়ে । আৰ পি এফে ৰে’ল আইনৰ অধীনত গোচৰ ৰুজু কৰি অভিযুক্তক জামিন প্ৰদান কৰে ।

Jhansi news
ৰে’লতে কৰিলে যাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ

বুধবাৰে নিশা বাৰাণসী হিন্দু বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিজ্ঞানীগৰাকীয়ে পত্নীৰ সৈতে সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছেৰে মধ্যপ্ৰদেশৰ হৰপালপুৰৰ পৰা হজৰত নিজামুদ্দিনলৈ গৈ আছিল । দুয়োজনেই এচি কোচ বি-৩ৰ তলৰ বাৰ্থৰ ৫৭ আৰু ৬০ নম্বৰৰ আসনত বহিছিল । কুতুব বিহাৰ দক্ষিণ পশ্চিম নতুন দিল্লীৰ বাসিন্দা ৰিতেশেও একেটা ডবাৰে চাইড ল’ৱাৰ বাৰ্থৰ ৬৩ নং আসনত বহি যাত্ৰা কৰিছিল । অভিযোগ অনুসৰি তেওঁ মদ্যপান কৰি আছিল । যাত্ৰাৰ সময়ত বুধবাৰে নিশা ৯:৫১ বজাত মাণিকপুৰত ৰিতেশে যাত্ৰা কৰি থকা আসনৰ পৰা বহি থকা বৃদ্ধ দম্পতীৰ ওপৰত প্ৰস্ৰাৱ কৰে । প্ৰস্ৰাৱ কৰাৰ পিচত বিতৰ্ক আৰম্ভ হয় । দম্পতীহালে প্ৰতিবাদ কৰাৰ লগে লগে যুৱকজনে গালি-গালাজ আৰু অপব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে ।

ৰে’লখন ঝান্সী পাওঁতে দম্পতীহালে টিটিইক খবৰ দিয়ে । টিটিই বিএছ খানে ঝান্সী ৰে’লৱে কণ্ট্ৰল ৰুমলৈ খবৰ দিয়ে । ৰে’লখন ঝান্সী পোৱাৰ লগে লগে আৰ পি এফে অভিযুক্ত যুৱকজনক নমাই আনে । টিটিইৰ এজাহাৰত আৰ পি এফে ৰে’ল আইন অনুসৰি যুৱক-যুৱতীসকলৰ বিৰুদ্ধে অসৎ আচৰণৰ গোচৰ ৰুজু কৰি ব্যৱস্থা গ্ৰহণ কৰে ৷

জানিব পৰা মতে, বৃদ্ধ দম্পতীয়ে অভিযুক্ত যুৱকজনক কোচত সুৰা সেৱন কৰাত বাধা আৰোপ কৰিছিল আৰু ইয়াৰ পূৰ্বে এই বিষয়টোক লৈ তেওঁলোকৰ মাজত তৰ্ক হৈছিল । সুৰাপানত বাধা দিয়াৰ ক্ষোভতেই অভিযুক্ত যুৱকজনে বৃদ্ধ দম্পতীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ দৰে ঘৃণনীয় ঘটনা সংঘটিত হয় । আনহাতে আৰ পি এফৰ কমাণ্ডেণ্ট আলোক কুমাৰে অভিযুক্ত যুৱকজনে মদ্যপান কৰা বুলি জানিবলৈ দিয়ে । সেই সময়ত তেওঁ নিচাত আছিল ৷ এই কাৰণেই তেওঁৰ ওপৰৰ বাৰ্থত উঠি তাৰ পৰা প্ৰস্ৰাৱ কৰিছিল যি তলৰ বাৰ্থত যাত্ৰা কৰা বৃদ্ধ দম্পতীহালৰ ওপৰত পৰিছিল । ইয়াৰ পিচতেই বিবাদ আৰম্ভ হয় । ঘটনাস্থলীত উপস্থিত হোৱা টিটিইৰ অভিযোগৰ ভিত্তিত আৰ পি এফে যুৱকজনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়ক : Marriage fraud gang : বনকৰা মহিলাৰ ভেশেৰে ঘৰত প্ৰৱেশ কৰি বিয়াত বহিল মালিকৰ পুত্ৰৰ লগত, তাৰ পিচত...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.