ETV Bharat / bharat

IndiGo Flight : ইণ্ডিগো বিমানত জৰুৰীকালীন দুৱাৰ খোলাৰ চেষ্টা মাতাল যাত্ৰীৰ - KIA

দিল্লীৰ পৰা বেংগালুৰুগামী ইণ্ডিগো বিমানখনত থকা এজন সুৰাসক্ত যাত্ৰীক শুকুৰবাৰে বাংগালুৰুত সোধা-পোছাৰ বাবে আটক কৰা হয় । যাত্ৰীজনে বিমানখনত জৰুৰীকালীন দুৱাৰৰ ফ্লেপ খুলিবলৈ চেষ্টা কৰাৰ অভিযোগত তেওঁক আটক কৰা হয় (Drunk flyer tries opening emergency door flap) । অৱশ্যে আৰক্ষীয়ে প্ৰকাশ কৰা মতে, তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে যদিও গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

Indigo flight
Indigo flight
author img

By

Published : Apr 8, 2023, 6:54 AM IST

নিউজ ডেস্ক, ৮ এপ্ৰিল : শেহতীয়াভাৱে ইণ্ডিগো বিমান (Indigo flight) বিভিন্ন বিসংগতিমূলক কাৰ্যৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দুত আছে । সঘনাই যান্ত্ৰিক বিজুতি, যাত্ৰীক এৰি থৈ যোৱা, সময়তকৈ আগতে উৰণ আদি বিভিন্ন খেলিমেলিৰ সৃষ্টি হৈছে ইণ্ডিগো বিমান সেৱাত । আনহাতে, বিমানযাত্ৰীৰ কেতবোৰ অদ্ভূত আৰু অবিবেচক কাণ্ডইয়ো শেহতীয়াভাৱে জোকাৰি গৈছে । বিমানৰ ভিতৰত মদাসক্ত যাত্ৰীৰ অভদ্ৰামী, সহযাত্ৰীৰ গাত প্ৰস্ৰাৱ কৰা, বিমান পৰিচাৰিকাক দুৰ্ব্যৱহাৰ আদি বিভিন্ন ঘটনা সংঘটিত হৈছে । কিন্তু শেহতীয়াভাৱে ইণ্ডিগো বিমানত যিটো ঘটনা ঘটিছে, সেইটো শুনিলে হয়তো আপোনাৰ চকু কপালত উঠিব ।

ঘটনাটো ঘটিছে দিল্লীৰ পৰা বেংগালুৰুগামী ইণ্ডিগো বিমানত । যাত্ৰাপথত বিমানখনত থকা এজন সুৰাসক্ত যাত্ৰীয়ে বিমানখনৰ জৰুৰীকালীন দুৱাৰৰ ফ্লেপ খুলিবলৈ চেষ্টা কৰে (Drunk flyer tries opening emergency door flap) । এই অভিযোগত যাত্ৰীগৰাকীক আটক কৰা হয় । শুকুৰবাৰে বেংগালুৰুত সোধা-পোছাৰ বাবে আটক কৰা হয় যাত্ৰীজনক । অৱশ্যে আৰক্ষীয়ে প্ৰকাশ কৰা মতে, তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে যদিও গ্ৰেপ্তাৰ কৰা হোৱা নাই ।

বিমান সংস্থাটোৱে এই সন্দৰ্ভত কয় যে যাত্ৰীজনে এই কাৰ্য সংঘটিত কৰা পিচত বিমানখনৰ সুৰক্ষিত পৰিচালনাৰ সৈতে কোনো আপোচ কৰা হোৱা নাছিল । যাত্ৰীজনক কানপুৰৰ নৱাবগঞ্জৰ বাসিন্দা ৩০ বছৰীয়া আৰ প্ৰথিক বুলি চিনাক্ত কৰা হৈছে । কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত (Kempegowda International Airport, KIA) উপস্থিত হোৱাৰ পিচত বিমানকৰ্মীয়ে তেওঁক কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ (Central Industrial Security Force, CISF) কৰ্মচাৰীৰ হাতত গতাই দিয়ে । পুৱা ৭.৫৬ বজাত দিল্লীৰ পৰা উৰামৰা বিমানখনে পুৱা ১০.৪৩ বজাত কেআইএত অৱতৰণ কৰে।

এয়াৰলাইনছৰ এটা সূত্ৰই এইটো নিশ্চিত কৰিছে যে নিচাসক্ত অৱস্থাত এজন যাত্ৰীয়ে ফ্লাইট ৬ই ৩০৮-ত জৰুৰীকালীন প্ৰস্থানৰ ফ্লেপ খুলিবলৈ চেষ্টা কৰিছিল ।

"এই উলংঘন লক্ষ্য কৰি বিমানত থকা কৰ্মচাৰীসকলে কেপ্টেইনক সতৰ্ক কৰি দিয়ে আৰু যাত্ৰীজনকো কঠোৰভাৱেভাৱে সতৰ্ক কৰা দিয়া হয় । উক্ত বিমানখনৰ সুৰক্ষিত পৰিচালনাৰ ক্ষেত্ৰত কোনো আপোচ কৰা হোৱা নাছিল আৰু বেংগালুৰুত উপস্থিত হোৱাৰ পিচত উশৃংখল যাত্ৰীজনক চিআইএছএফক হস্তান্তৰ কৰা হয় ।" ডিএইচৰ অনুসন্ধানৰ উত্তৰত এয়াৰলাইনছটোৱে এক বিবৃতিত এনেদৰে কয় ।

"কেআইএ আৰক্ষীয়ে এয়াৰলাইনছৰ ডেক ক্ৰুৰ এজন সদস্য তেজস্বী শ্বাহৰ অভিযোগৰ ভিত্তিত এটা গোচৰ ৰুজু কৰে । গোচৰটো আইপিচি ধাৰা 290 (IPC Sections 290, ৰাজহুৱা উপদ্ৰৱ সৃষ্টি কৰা) আৰু 336 (আনৰ জীৱন বা ব্যক্তিগত সুৰক্ষা বিপদাপন্ন কৰা) আৰু বিমান আইনৰ ধাৰা 11এ-ৰ অধীনত পঞ্জীয়ন কৰা হৈছে ।

উত্তৰ-পূৰ্বাঞ্চলৰ আৰক্ষী উপায়ুক্ত লক্ষ্মী প্ৰসাদে কয়, "কেআইএ আৰক্ষীয়ে যাত্ৰীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰু তেওঁক এখন জাননী প্ৰদান কৰা হৈছে ।"

লগতে পঢ়ক :Kerala train arson case : ন্যায়িক জিম্মালৈ প্ৰেৰণ কেৰালাত ৰে’লত জুই দিয়া ঘটনাৰ মূল অভিযুক্তক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.