নেশ্যনেল ডেস্ক, ৫ এপ্ৰিল: ডিআৰডিঅ’ৰ পৰীক্ষাগাৰ প্ৰতিৰক্ষা পৰীক্ষাগাৰ যোধপুৰ (ডিএলজে)এ তিনিটা অতি গুৰুত্বপূৰ্ণ প্ৰযুক্তিৰ উদ্ভাৱন কৰে । সোমবাৰে ডিআৰডিঅ’ৰ এক বিবৃতিত কোৱা হৈছে যে নৌবাহিনীৰ গুণগত প্ৰয়োজনীয়তা পূৰণ কৰি চুটি পৰিসৰৰ শ্বাফ ৰকেট (এছআৰচিআৰ), মধ্যম পৰিসৰ শ্বাফ ৰকেট (এমআৰচিআৰ) আৰু দীঘলীয়া পৰিসৰ শ্বাফ ৰকেট (এলআৰচিআৰ) এই তিনিটা উন্নত শ্বাফ প্ৰযুক্তি (chaff technology) উদ্ভাৱন কৰে । শেহতীয়াকৈ, ভাৰতীয় নৌবাহিনীয়ে নৌ জাহাজত আৰৱ সাগৰত এই তিনি প্ৰকাৰৰ প্ৰযুক্তি পৰীক্ষণ কৰিছিল । পৰীক্ষণত তেওঁলোকে ইয়াৰ প্ৰদৰ্শনৰ সত্যাসত্যতা লাভ কৰিছি বুলিও এই বিবৃতিটোত উল্লেখ কৰে ।
![উন্নত শ্বাফ প্ৰযুক্তি (chaff technology)](https://etvbharatimages.akamaized.net/etvbharat/prod-images/11285429_drdo.jpg)
শ্বাফ হৈছে শত্ৰু ৰাডাৰ আৰু আৰএফ মিছাইলৰ পৰা নৌ জাহাজৰ সুৰক্ষাৰ বাবে বিশ্বজুৰি ব্যৱহৃত এক নিষ্ক্ৰিয় ব্যয়ী ইলেক্ট্ৰ’নিক উন্নত প্ৰযুক্তি । ই শত্ৰুৰ মিছাইল আক্ৰমণৰ বিৰুদ্ধে নৌ-সেনাৰ সুৰক্ষাৰ বাবে এক উন্নত শ্বাফ প্ৰযুক্তি (chaff technology) । এই সন্দৰ্ভত নৌসেনাৰ শীৰ্ষ বিষয়া এগৰাকীয়ে কয় যে, অতি কম সময়ৰ ভিতৰত থলুৱা ভাৱে উদ্ভাৱিত গুৰুত্বপূৰ্ণ প্ৰযুক্তি শ্বাফ প্ৰযুক্তি (chaff technology) । ডিআৰডিঅ'ৰ এই প্ৰচেষ্টাই এতিয়া সৰ্বত্ৰে প্ৰশংসা বুটলিছে আৰু ইতিমধ্যে বৃহৎ উৎপাদনৰ বাবে অনুমোদনো লাভ কৰিছে ।