ETV Bharat / bharat

Statue President: দ্ৰৌপদী মুৰ্মুক প্ৰতিমূৰ্তিৰ লগত তুলনা তেজস্বী যাদৱৰ

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ NDAৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মক এইবাৰ সমালোচনা কৰিলে RJDৰ নেতা তেজস্বী যাদৱে (Tejashwi Yadav slams Droupadi Murmu)। ৰাষ্ট্ৰপতি ভৱনত কোনো প্ৰতিমূৰ্তি নিবিচাৰে বুলি মন্তব্য কৰিলে যাদৱে । প্ৰাৰ্থী হিচাপে নাম ঘোষণাৰ পিছৰে পৰা মুৰ্মুৰ মাত শুনা নাই বুলি অভিযোগ কৰে তেজস্বী যাদৱে । আৰজেডিয়ে ইতিমধ্যে বিৰোধী দলৰ প্ৰাৰ্থী যশোৱন্ত সিনহাক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছে ।

author img

By

Published : Jul 17, 2022, 3:25 PM IST

Tejashwi Yadav
ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুক প্ৰতিমূৰ্তিৰ লগত তুলনা তেজস্বী যাদৱৰ

নেশ্যনেল ডেস্ক,১৭ জুলাই : ৰাষ্ট্ৰপতি নিৰ্বাচনলৈ মাজত মাত্ৰ এটা দিন বাকী । ইতিমধ্যে এন ডি এ সমৰ্থিত আৰু কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীক লৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়া অব্যাহত আছে । একাংশ নেতা এতিয়াও বাকযুদ্ধত ব্যস্থ হৈয়ে আছে । এইবাৰ বিৰোধী দলৰ সমৰ্থিত প্ৰাৰ্থী যশোৱন্ত সিনহা আৰু এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ মাজত পাৰ্থক্য বিচাৰি উলিয়াইছে ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱে ।

দুয়োগৰাকী প্ৰাৰ্থীক তুলনা কৰি তেজস্বী যাদৱে কয় যে ৰাষ্ট্ৰপতি ভৱনত কোনো প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত কৰা নহয় । দ্ৰৌপদী মুৰ্মক একপ্ৰকাৰ প্ৰতিমূৰ্তিৰ লগত তুলনা কৰি তেজস্বী যাদৱে কয় যে তেওঁলোকে ৰাষ্ট্ৰপতি ভৱনত কোনো প্ৰতিমূৰ্তি নিবিচাৰে (Tejashwi Yadav slams Droupadi Murmu)। ৰাইজক উদ্দেশ্যি তেজস্বী যাদৱে কয় যে ৰাইজে নিশ্চয় যশোৱন্ত সিনহাৰ কণ্ঠস্বৰ শুনিছে কিন্তু তেওঁলোকে কেতিয়াও শাসকীয় দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ মাত শুনা নাই ।

সংবাদ মাধ্যমক উদ্দেশ্যি তেজস্বী যাদৱে প্ৰশ্ন কৰে যে সংবাদ মাধ্যমেও হয়তো মুৰ্মুৰ মাত শুনা নাই । আনকি প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছৰে পৰা মুৰ্মুৱে এখনো সংবাদমেল সম্বোধন কৰা নাই । ১৮ জুলাইত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনা আৰ জে ডি নেতাগৰাকীয়ে এই মন্তব্য কৰে ।

উল্লেখ্য যে আৰজেডিয়ে ইতিমধ্যে বিৰোধী দলৰ প্ৰাৰ্থী যশোৱন্ত সিনহাক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছে । অৱশ্যে, তেওঁলোকৰ সহযোগী ঝাৰখণ্ড মুক্তি মৰ্চাই (JMM) মুৰ্মুক সমৰ্থন কৰাৰ কথা ঘোষণা কৰিছে । যাক লৈ সম্প্ৰতি বিহাৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

অৱশ্যে, বিভিন্ন দল যেনে কংগ্ৰেছৰ সহযোগী শিৱসেনা, সমাজবাদী পাৰ্টিৰ সহযোগী সুহেলদেৱ ভাৰতীয় সমাজ পাৰ্টি (SBSP) আৰু অখিলেশ যাদৱৰ খুৰাক শিৱপাল সিং যাদৱেও মুৰ্মুলৈ সমৰ্থন আগবঢ়াইছে । ইফালে ৱাইএছআৰ কংগ্ৰেছ পাৰ্টি, বিজু জনতা দল (BJD) আৰু শিৰোমণি অকালি দলেও ইতিমধ্যে মুৰ্মুলৈ তেওঁলোকৰ সমৰ্থন আগবঢ়াইছে ।

আনহাতে ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ বিভিন্ন দলৰ নেতাসকলৰ মাজত তীব্ৰ বাকযুদ্ধও অব্যাহত আছে । শেহতীয়াকৈ, কংগ্ৰেছ নেতা অজয় কুমাৰে এক বিতৰ্কৰ সৃষ্টি কৰি মুৰ্মুয়ে ভাৰতৰ এক অতি অশুভ দৰ্শন প্ৰতিনিধিত্ব কৰাৰ কথা উল্লেখ কৰিছিল (Droupadi Murmu represents evil philosophy of India)। তেওঁক আদিবাসীৰ প্ৰতীক কৰা উচিত নহয় বুলিও মন্তব্য কৰিছিল অজয় কুমাৰে । ৰাষ্ট্ৰপতি নিৰ্বাচনক ৰাষ্ট্ৰৰ আত্মাৰ বাবে যুঁজ বুলি অভিহিত কৰি কংগ্ৰেছ নেতাজনে সকলো দলকে বিৰোধী দলৰ প্ৰাৰ্থী যশোৱন্ত সিনহাক ভোট দিবলৈ আহ্বান জনাইছিল ।

দ্ৰৌপদী মুৰ্মু ২০১৩ চনৰ পৰা ২০১৫ চনলৈ বিজেপিৰ এছ টি মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী সদস্য আছিল আৰু ২০১০ আৰু ২০১৩ চনত ময়ূৰভঞ্জ (পশ্চিম)ৰ বিজেপি জিলা মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । ২০০৬ আৰু ২০০৯ চনৰ ভিতৰত, তেওঁ ওড়িশাত বিজেপিৰ এছ.টি. মৰ্চাৰ মুৰব্বী আছিল । ২০০২ চনৰ পৰা ২০০৯ চনলৈ তেওঁ বিজেপি এছ টি মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য আছিল ।

লগতে পঢ়ক :Congress on Draupadi Murmu: দ্ৰৌপদী মুৰ্মুয়ে ভাৰতৰ অতি অশুভ দৰ্শনক প্ৰতিনিধিত্ব কৰে: কংগ্ৰেছ নেতা অজয় কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.