ETV Bharat / bharat

Karnataka poll 2023: পি এফ আই নিষিদ্ধকৰণৰ প্ৰতিবাদত বজৰং দল নিষিদ্ধ কৰাৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ; ড৹ শৰ্মা - Congress manifesto in Karnataka

কৰ্ণাটকৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ কংগ্ৰেছক তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি ল’লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Himanta Biswa slams Congress) ৷ কৰ্ণাটকত বিজেপিয়ে 150 খনৰো অধিক আসন দখল কৰি পুনৰ চৰকাৰ গঠন কৰিব বুলি দাবী হিমন্ত বিশ্ব শৰ্মাৰ ৷

Karnataka poll 2023
Etv Bharat
author img

By

Published : May 7, 2023, 9:11 PM IST

বজৰং দল আৰু পিএফআই সন্দৰ্ভত কি ক’লে হিমন্ত বিশ্ব শৰ্মাই ?

নিউজ ডেস্ক, 7 মে’: ৰাষ্ট্ৰ বিৰোধী কাম-কাজৰ সৈতে জড়িত থকা পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া চমুকৈ পি এফ আইৰ (Popular Front of India) সৈতে তুলনা নহয় সোঁপন্থী সংগঠন বজৰং দলৰ ৷ কৰ্ণাটক নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশ লৈ এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Karnataka assembly election 2023) ৷

মাংগালুৰুত সম্বোধন কৰা এই সংবাদমেলত হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, ৰাষ্ট্ৰ বিৰোধী কাম-কাজত জড়িত থকা পি এফ আইক (PFI banned) ইতিমধ্যেই নিষিদ্ধ ঘোষণা কৰা হৈছে আৰু ই কেতিয়াও বজৰং দলৰ সৈতে তুলনা নহয় ৷ কংগ্ৰেছে নিৰ্বাচনী ইস্তাহৰত বজৰং দলক কৰ্ণাটকত নিষিদ্ধ (Bajrang dal ban) কৰা হ’ব বুলি উল্লেখ কৰা প্ৰসংগ উল্লেখ কৰি কংগ্ৰেছ তীব্ৰ সমালোচনাৰ লক্ষ্য কৰি লয় হিমন্ত বিশ্ব শৰ্মাই ৷

কৰ্ণাটক সংঘটিত হোৱা মৰেল পুলিচিঙৰ ঘটনাত বজৰং দলৰ কৰ্মী জড়িত থকা বুলি সোধা প্ৰশ্নৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই, মৰেল পুলিচিঙৰ ঘটনাক কি দৰে ৰাষ্ট্ৰ বিৰোধী কাম-কাজৰ সৈতে তুলনা কৰিব পাৰি বুলিহে প্ৰশ্ন কৰে ৷ কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰত মুছলমানসকলৰ বাবে 10,000 কোটি টকাৰ পুঁজি আৰু মুছলমানসকলৰ বাবে সংৰক্ষণ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰা বিষয়টোকো তীব্ৰ সমালোচনা কৰে (Himanta in Karnataka) ৷

ইফালে, কংগ্ৰেছে ইস্তাহাৰত ‘গেৰাণ্টি’ বুলি উল্লেখ কৰা প্ৰসংগত কয় যে, গেৰাণ্টি হৈছে কংগ্ৰেছৰ ৰাজনৈতিক শব্দকোষত এক নতুন সংযোজন (Congress manifesto in Karnataka) ৷ লগতে ৰাহুল গান্ধীৰ গেৰাণ্টিৰ প্ৰতিশ্ৰুতিক বিশ্বাস কৰিব নোৱাৰি বুলিও তেওঁ উল্লেখ কৰে ৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দিয়া দৰিদ্ৰতা নিৰ্মূলৰ প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰাত কংগ্ৰেছৰ ব্যৰ্থ হোৱা বুলিও তেওঁ উল্লেখ কৰে ৷

কৰ্ণাটকৰ বাসবৰাজ বোম্মাইৰ (CM Basavaraj Bommai) চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছে উত্থাপন কৰা দুৰ্নীতিৰ অভিযোগকো সমালোচনা কৰি কংগ্ৰেছে পূৰ্বে বোফৰ্ছ কেলেংকাৰীত অভিযুক্ত আৰু ভূপাল গেছ ট্ৰেজেডীত অভিযুক্ত অট্টাভিঅ কোৱাট্ৰোচ্চিক ৰক্ষণাৱেক্ষণ দিছিল বুলি উল্লেখ কৰে ৷ তেওঁ লগতে ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে সন্মুখীন হোৱা দুৰ্নীতিৰ অভিযোগৰ কথা উল্লেখ কৰি কয় যে, তেওঁৰ সম্পত্তি 1,500 কোটি টকালৈ বৃদ্ধি পাইছে আনহাতে মুখ্যমন্ত্ৰী বাসবৰাজ বোম্মাইৰ সম্পত্তিৰ পৰিমাণ সলনি হোৱা নাই ৷

আনহাতে, হিমন্ত বিশ্ব শৰ্মাই কৰ্ণাটকত 150খনতকৈ অধিক আসন দখল কৰি পুনৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন কৰিব বুলি প্ৰৱল আত্মবিশ্বাসী হৈ ভৱিষ্যদ্বাণী কৰে ৷ লগতে প্ৰধানমন্ত্ৰীয়ে বৰ্তমান অস্থিৰতাত থকা মণিপুৰক উপেক্ষা কৰা বুলি কংগ্ৰেছে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি প্ৰধামন্ত্ৰী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে পাৰ্যমানে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি উল্লেখ কৰে ৷

লগতে পঢ়ক: Karnataka poll 2023: নিৰ্ধাৰিত সময়ৰ পূৰ্বেই বেংগালুৰুত অন্তিম ৰেলী সামৰিলে প্ৰধানমন্ত্ৰীয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.