ETV Bharat / bharat

31 মাৰ্চলৈকে ভাড়া অপৰিৱৰ্তিত ঘৰুৱা বিমান সেৱাৰ

author img

By

Published : Jan 9, 2021, 10:08 AM IST

দেশৰ অসামৰিক বিমান প্ৰাধিকৰণ মন্ত্ৰালয়ে শুকুৰবাৰে সদৰী কৰিছে যে, ঘৰুৱা বিমানৰ উৰণৰ ক্ষেত্ৰত 31 মাৰ্চলৈকে ভাড়া অপৰিৱৰ্তিত থাকিব ৷ এয়াৰ লাইনছসমূহে প্ৰতিখন বিমানৰ ক্ষেত্ৰত সৰ্বনিম্ন 20 শতাংশ আসন বিক্ৰী কৰাটো প্ৰয়োজনীয় বুলি প্ৰকাশ কৰে ৷

Domestic airfare limits to remain in place till March 31
31 মাৰ্চলৈকে ভাড়া অপৰিৱৰ্তিত ঘৰুৱা বিমান সেৱাৰ

নতুন দিল্লী,9 জানুৱাৰী: দেশৰ অসামৰিক বিমান প্ৰাধিকৰণ মন্ত্ৰালয়ে ঘৰুৱা বিমানৰ উৰণৰ ক্ষেত্ৰত 31 মাৰ্চলৈকে সৰ্বনিম্ন আৰু সৰ্বোচ্চ ভাড়া অপৰিৱৰ্তিত থাকিব বুলি শুকুৰবাৰে সদৰী কৰিছে ৷ মন্ত্ৰালয়ে 2020 চনৰ 21 মে’ত সাতটাকৈ ব্ৰেণ্ডৰ মাধ্যমত এই সীমা নিৰ্ধাৰিত কৰিছিল ৷ পৰৱৰ্তী সময়ত 24 আগষ্টলৈকে এই সীমা বৃদ্ধি কৰা হয় ৷ তাৰপিছত ক্ৰমে 24 নৱেম্বৰ আৰু পিছত 2021 চনৰ 24 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰা হয় এই সীমা ৷

মন্ত্ৰালয়ে প্ৰকাশ কৰা এক নিৰ্দেশনাত এই কথা সদৰী কৰিছে ৷ উল্লেখ্য যে,এয়াৰলাইনছে প্ৰতিখন বিমানৰ ক্ষেত্ৰত 20 শতাংশ আসন বিক্ৰী কৰাতো প্ৰয়োজনীয় ৷ এতিয়ালৈকে এয়াৰলাইনছে মধ্যবিন্দুৰ উৰণৰ ক্ষেত্ৰত 40 শতাংশ টিকট বিক্ৰী কৰিছে ৷

কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে প্ৰায় দুমাহে বন্ধ হৈ আছিল বিমান সেৱাসমূহ ৷ পৰৱৰ্তী 25 মে’ত পুনৰ উৰণ আৰম্ভ হৈছিল ঘৰুৱা বিমানৰ ৷ মন্ত্ৰালয়ে বিগত 21 মে’ত সৰ্বোচ্চ আৰু সৰ্বনিম্ন ভাড়া সীমা নিৰ্ধাৰণ কৰাৰ লগতে এই সেৱা আগবঢ়োৱাৰ বাবে 7 টা ব্ৰেণ্ডৰ নাম ঘোষণা কৰে ৷

এই পদ্ধতিৰে 40 মিনিটতকৈ কম উৰণৰ ক্ষেত্ৰত ভাড়াৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন সীমা নিৰ্ধাৰণ কৰা হৈছে 2000-6000 টকালৈ ৷ তেনেদৰে 40-60 মিনিট, 60-90 মিনিট, 90-120 মিনিট, 120-150 মিনিট, 150-180 মিনিটৰ ক্ষেত্ৰত ই কাৰ্যকৰী হ’ব ৷ এই বেণ্ডসমূহৰ সৰ্বনিম্ন আৰু সৰ্বোচ্চ ভাড়া হৈছে- 2,500-7,500, 3,000-9,000, 3,500-10,000, 4,500-13,000, 5,500-15,700 আৰু 6,500-18,600 টকা ৷

লগতে চাওকঃ বাৰ্ড ফ্লু: কেৰালাৰ পৰা কুকুৰা আমদানিত নিষেধাজ্ঞা কৰ্ণাটকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.