ETV Bharat / bharat

চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত কুকুৰে খালে ৰোগীৰ হাত - উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয় হাস্পতাল

চিকিৎসালয়ৰ চৌহদত কুকুৰে ভক্ষণ কৰিলে ৰোগীৰ কটা হাত (Dog takes away patient's severed hand)৷ ঘটনাক কেন্দ্ৰ কৰি উত্তেজনা ৷ চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে চূড়ান্ত গাফিলতিৰ অভিযোগ ৷

Dog takes away patients severed hand
চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত কুকুৰে খালে ৰোগীৰ হাত
author img

By

Published : May 30, 2022, 10:12 PM IST

নিউজ ডেস্ক, 30 মে’: চিকিৎসালয়ৰ ৱাৰ্ডৰ পৰা ৰোগীৰ কটা হাত নি ভক্ষণ কৰিলে এটা কুকুৰে (Dog feasting on a patient's severed hand) ৷ উত্তৰ বংগ চিকিৎসা মহাবিদ্যালয় হাস্পতালত সংঘটিত হৈছে এই ঘটনা ৷ চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এই ঘটনাক লৈ গাফিলতিৰ অভিযোগ উত্থাপন হৈছে ৷ ঘটনাটো পোহৰলৈ অহাৰ লগে লগেই ৰোগীৰ পৰিয়ালৰ লোকে চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷ তাৎক্ষণিকভাৱে ঘটনা সন্দৰ্ভত তদন্ত কমিটী গঠন কৰিছে কৰ্তৃপক্ষই ৷

জানিব পৰা মতে, দেওবাৰে নিশা শিলিগুৰিৰ সমীপৰ ফুলবাৰী চাৰিআলিত এটা পথ দুৰ্ঘটনা সংঘটিত হয় ৷ বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষত গুৰুতৰভাৱে আহত হয় সঞ্জয় সৰকাৰ নামৰ এজন লোক ৷ স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰে আহত লোকজনক ৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে কাটি পেলাব লগীয়া হয় লোকজনৰ এখন হাত ৷

কটা হাতটো এটা প্লাষ্টিকৰ বেগত ভৰাই অৰ্থ’পেডিক চাৰ্জাৰী বিভাগলৈ প্ৰেৰণ কৰা হয় ৷ হাতটো পুনৰ জোৰা লগোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছিল চিকিৎসকে ৷

কিন্তু ৰোগীক আন ৱাৰ্ডলৈ স্থানান্তৰ কৰাৰ পাচত মাজ নিশা হাতটোৰ সন্ধান কৰা হয় ৷ কিন্তু বেগটোত তেতিয়া হাতটো নাছিল ৷ বহু সময় বিচৰাৰ পাচত এটা কুকুৰে হাস্পতালৰ চৌহদত হাতটোৰ মঙহ খাই থকা দেখা যায় ৷ এই ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে হাস্পতালখনৰ পৰিস্থিতি ৷ অৱশ্যে এই ঘটনাৰ উচিত তদন্তৰ আশ্বাস দিছে হাস্পতালৰ অধীক্ষকে ৷

লগতে পঢ়ক : সিদ্ধু মুছেৱালাৰ নিৰাপত্তা প্ৰত্যাহাৰৰ বিষয়ত তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.