নিউজ ডেস্ক, 15 অক্টোবৰ : এখন চিকিৎলায়ৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ গাফিলতিৰ অভিযোগ ৷ উত্তৰ প্ৰদেশৰ ফাৰুখাবাদৰ এখন চিকিৎসালয়ৰ চৌহদত এটা কুকুৰে মুখত মৃত নৱজাতক লৈ ঘূৰি ফুৰাৰ ঘটনা সংঘটিত হয় ৷ দেওবাৰে আৰক্ষীয়ে প্ৰকাশ কৰে এই তথ্য । শনিবাৰে ‘আৱাস বিকাশ’ৰ সমীপৰ লোহিছ চিকিৎসালয়ত সংঘটিত হয় এই ঘটনা । ঘটনাটো প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে কুকুৰটোৰ মুখৰ পৰা মৃতদেহটো আঁতৰাই আছে ৷
এই তথ্য লাভ কৰাৰ লগে লগে অতিৰিক্ত জিলা দণ্ডাধীশ আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়াসকলে সেই স্থানত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে । মুখ্য চিকিৎসা বিষয়া অবনীন্দ্ৰ কুমাৰে কয়, "ডাঃ ৰাম মনোহৰ লোহিয়া মহিলা চিকিৎসালয়ৰ চৌহদত এটা কুকুৰে নৱজাতকৰ মৃতদেহ মুখত লৈ ঘূৰি ফুৰিছিল । ওচৰতে উপস্থিত থকা একাংশ লোকে সেয়া প্ৰত্যক্ষ কৰি কুকুৰটোৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে ৷ ইয়াৰ পিছতে কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰা হয় । ঘটনাৰ খবৰ পাই অতিৰিক্ত জিলা দণ্ডাধীশ সুভাষ চন্দ্ৰ প্ৰজাপতি আৰু অন্যান্য বিষয়াসকলে স্থানত উপস্থিত হয় ।"
তেওঁ আৰু কয় যে চিচিটিভি কেমেৰা পৰীক্ষা কৰা হৈছে যাতে কুকুৰটোৱে নৱজাতকৰ মৃতদেহ ক’ৰ পৰা আনিছিল সেয়া জানিব পৰা যায় । প্ৰতিটো কোণতে উচ্চ পৰ্যায়ৰ তদন্ত চলি আছে আৰু যি দোষী সাব্যস্ত হ’ব তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।
অতিৰিক্ত জিলা দণ্ডাধীশ সুভাষ চন্দ্ৰ প্ৰজাপতিয়ে কয়, "জিলা দণ্ডাধীশৰ নিৰ্দেশ অনুসৰি তদন্ত চলি আছে । বৰ্তমান মুখ্য চিকিৎসা বিষয়া আৰু তেওঁৰ দলে বিষয়টো সকলো কোণতে তদন্ত কৰি আছে ।"
লগতে পঢ়ক: Tragic road mishap: দুটা স্থানত শোকাৱহ পথ দুৰ্ঘটনা, 12 গৰাকী লোকৰ মৃত্যু