ETV Bharat / bharat

Doctor committed suicide: ফুটপাথৰ পৰা উদ্ধাৰ চিকিৎসকৰ মৃতদেহ - Doctor committed suicide

মহাৰাষ্ট্ৰত ফুটপাথ পৰা উদ্ধাৰ এগৰাকী চিকিৎসকৰ মৃতদেহ ৷ তৰাবাই পাৰ্কৰ বাসিন্দা এগৰাকী মহিলা চিকিৎসকৰ বেজী লৈ আত্মহত্যা ( Doctor committed suicide by taking an injection) ৷

doctor-commits-suicide-by-taking-injection-in-kolhapur-body-found-on-footpath
ফুটপাথ পৰা উদ্ধাৰ চিকিৎসকৰ মৃতদেহ
author img

By

Published : Jul 11, 2022, 2:17 PM IST

Updated : Jul 11, 2022, 2:50 PM IST

নেশ্যনেল ডেস্ক, 11 জুলাই: মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা (Shocking incident in Maharashtra) ৷ তৰাবাই পাৰ্কৰ বাসিন্দা এগৰাকী মহিলা চিকিৎসকে বেজী লৈ কৰে আত্মহত্যা ( Doctor committed suicide by taking an injection) ৷ আত্মহত্যা কৰা চিকিৎসকগৰাকীৰ নাম ডাঃ অপূৰ্ব প্ৰবীণ চন্দ্ৰ হেন্দ্ৰে ( ৩০ )।

দেওবাৰে চিকিৎসক গৰাকীৰ মৃতদেহটোৰ হাতত এটা বেজী লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে । অৱশ্যে ডাঃ অপূৰ্ব হেন্দ্ৰেই কি বেজী লৈ আত্মহত্যা কৰে সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ শনিবাৰে নিশাৰে পৰা নিৰুদ্দেশ হৈ থকাত ঘৰত হুৱাদুৱা লগাত আৰক্ষীক খবৰ দিয়া হয় ৷

তাৰ পিছত আৰক্ষীয়ে অনুসন্ধান কৰি ডি মাৰ্টৰ কাষৰ ফুটপাথ পৰা উদ্ধাৰ কৰে চিকিৎসকগৰাকীৰ মৃতদেহটো ৷ কলহাপুৰ জিলা চিকিৎসা সন্থাৰ (Kolhapur District Medical Association) প্ৰাক্তন সভানেত্ৰী তথা স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ প্ৰবীণ চন্দ্ৰ হেন্দ্ৰেৰ কন্যা আছিল ডাঃ অপূৰ্ব হেন্দ্ৰে ৷ কলহাপুৰৰ এখন হাস্পতালত প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল ডাঃ অপূৰ্ব হেন্দ্ৰে (Practicing in a hospital in Kolhapur) ৷

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, কোনো অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ঘৰৰ পৰা ওলাই গৈ পলমকৈ ঘৰলৈ উভতি আহিছিল ডাঃ অপূৰ্ব হেন্দ্ৰেই ৷ তাৰ পিছতে এই ঘটনা সংঘটিত হয় ৷ ইফালে উপায়বিহীন হৈ মাতৃ প্ৰবীণ চন্দ্ৰ হেন্দ্ৰেই আৰক্ষীৰ কাষ চাপে ৷ আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰি ফুটপাথ পৰি থকা ডাঃ অপূৰ্ব হেন্দ্ৰেক উদ্ধাৰ কৰে ৷

ততাতৈয়াকৈ চিপিআৰ হাস্পতাললৈ ডাঃ অপূৰ্ব হেন্দ্ৰেক প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে । আনহাতে, আৰক্ষীয়ে ডাঃ অপূৰ্ব হেন্দ্ৰেৰ মৃতদেহৰ ওচৰৰ পৰা ঔষধৰ বটল আৰু দুটাকৈ বেজী উদ্ধাৰ কৰে ৷ পিছে কিহৰ বাবে চিকিৎসকগৰাকীৰ মৃত্যু হ’ল সেয়া জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Political sensation in Chhattisgarh: মহাৰাষ্ট্ৰৰ পাছত এইবাৰ ছত্তীশগড়ত নতুন ৰাজনৈতিক অংক !

Last Updated : Jul 11, 2022, 2:50 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.