নেশ্যনেল ডেস্ক, ৩০ এপ্ৰিল : ৰাজধানী দিল্লীৰ লগতে দেশৰ বহু ঠাইত ক'ভিড-১৯ৰ প্ৰতিষেধকৰ অভাৱ হোৱাৰ খবৰ পোহৰলৈ অহাৰ সময়তে একাংশ অসাধু লোকে চলাইছে ৰেমডেছিবিৰৰ ক'লা বেহা । নিৰ্ধাৰিত মূল্যতকৈ অধিক মূল্যত ৰেমডেছিবিৰ বেজী বিক্ৰী কৰিছে অবৈধ ব্যৱসায়ীয়ে ।
![Doctor arrested for illegal sale of Remdesivir](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01:42:11:1619770331_tn-tvm-01-tvmalai-medical-college-staff-artest-scr-tn10048_30042021064429_3004f_1619745269_233_3004newsroom_1619769828_586.jpg)
ৰেমডেছিবিৰৰ অবৈধ ব্যৱসায় কৰাৰ অভিযোগত বৃহস্পতিবাৰে চেন্নাইৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । ধৃত লোককেইজনৰ মাজত আছে এজন চিকিৎসকো । আৰক্ষীয়ে ধৃত চিকিৎসকজনৰ পৰা ৰেমডেছিবিৰৰ ১৭টা ভাইল জব্দ কৰে । পশ্চিম তাম্বাৰাম অঞ্চলত কৰ্মৰত হৈ আছিল মহম্মদ ইমৰান খান নামৰ চিকিৎসকগৰাকী ।
![Doctor arrested for illegal sale of Remdesivir](https://etvbharatimages.akamaized.net/etvbharat/prod-images/01:42:14:1619770334_tn-che-03-doctorarrestedforbuyingcoronadrugoncounterfeitmarket-visual-script-7208368_29042021231730_2904f_1619718450_237_3004newsroom_1619769828_256.png)
মহম্মদ ইমৰান খানে থিৰুৱান্নামালাইৰ বাসিন্দা ৱিগনেশৰ পৰা ৬ হাজাৰ টকা দৰত প্ৰতিটো ভাইল ক্ৰয় কৰিছিল । ইয়াৰ পিছত এই ভাইলবোৰ ২০ হাজাৰ পৰ্যন্ত দৰত বিক্ৰী কৰে । চিকিৎসকগৰাকী বিজয় নামৰ বন্ধু এজনৰ বিৰুদ্ধেও এই ঘটনাৰে জড়িত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে ।
লগতে পঢ়ক:চিকিৎসাৰ বাবে দিল্লীৰ AIIMSতে থাকিব লাগিব লালু প্ৰসাদ যাদৱ