নিউজ ডেস্ক, 23: মিজোৰামৰ প্ৰাক্তন বিদ্ৰোহীৰ ৰাজহুৱা আহ্বানৰ প্ৰতি সঁহাৰি জনাই উজনি অসম আৰু মণিপুৰৰ পৰা অসংখ্য মেইটেই লোকে মিজোৰাম এৰি যোৱাৰ খবৰৰ মাজতে মিজোৰাম চৰকাৰে ৰাজ্যখনত বসবাস কৰা সকলো মেইটেইক শান্তি আৰু নিৰাপত্তাৰ আশ্বাস দিছে । শুকুৰবাৰে মিজোৰামৰ এটা প্ৰাক্তন উগ্ৰপন্থী সংগঠনে সকলো মেইটেইই লোককে নিজৰ “নিজৰ সুৰক্ষা”ৰ বাবে মিজোৰাম এৰি যাব লাগে বুলি নিৰ্দেশ দিছিল ৷
ইয়াৰ পিচতে মিজোৰাম চৰকাৰে বিষয়টোৰ মাজত সোমাই পৰিবলগীয়া হয় । চুবুৰীয়া ৰাজ্যখনৰ দুগৰাকী মহিলাৰ সৈতে জড়িত ঘটনাক লৈ "মিজো যুৱকৰ মাজত উদয় হোৱা ক্ষোভ"ক তেওঁলোকৰ নিৰ্দেশৰ আঁৰৰ কাৰণ বুলি সংগঠনটোৱে উল্লেখ কৰে ।
শান্তি চুক্তি স্বাক্ষৰকাৰী এমএনএফ ৰিটাৰ্ণীজ এছ’চিয়েশ্যনে জাৰি কৰা পৰামৰ্শত লিখা আছিল, “মিজোৰামৰ পৰিস্থিতি উত্তেজিত হৈ পৰিছে, আৰু মণিপুৰৰ মেইটেই লোকসকলৰ বাবে মিজোৰামত বাস কৰাটো এতিয়া নিৰাপদ নহয়” । ফলস্বৰূপে তেওঁলোকে মিজোৰামৰ সকলো মেইটেই লোকক সুৰক্ষাৰ ব্যৱস্থা হিচাপে নিজৰ গৃহ ৰাজ্যলৈ উভতি যাবলৈ আহ্বান জনায় ।
-
The Home Department, Government of Mizoram, held a meeting today and has issued a Statement (see link & pic).https://t.co/XdjLtAVRtx pic.twitter.com/cIOvWgLw9Q
— DIPRMizoram (@dipr_mizoram) July 22, 2023 " class="align-text-top noRightClick twitterSection" data="
">The Home Department, Government of Mizoram, held a meeting today and has issued a Statement (see link & pic).https://t.co/XdjLtAVRtx pic.twitter.com/cIOvWgLw9Q
— DIPRMizoram (@dipr_mizoram) July 22, 2023The Home Department, Government of Mizoram, held a meeting today and has issued a Statement (see link & pic).https://t.co/XdjLtAVRtx pic.twitter.com/cIOvWgLw9Q
— DIPRMizoram (@dipr_mizoram) July 22, 2023
ইয়াৰ পিচতে মিজোৰাম চৰকাৰে অঞ্চলটোৰ মেইটেই বাসিন্দাসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰিবলৈ আগবাঢ়ি আহে । ৰাজ্যিক গৃহ আয়ুক্ত আৰু সচিব এইচ লালেংমাৱিয়াই শনিবাৰে মেইটেই সম্প্ৰদায়ৰ নেতাসকলৰ সৈতে এক বৈঠকত মিলিত হয়, তেওঁলোকৰ সুৰক্ষাৰ আশ্বাস প্ৰদান কৰে, যিটো আনুষ্ঠানিক ঘোষণাত উল্লেখ কৰা হৈছে ।
মিজোৰাম চৰকাৰে প্ৰকাশ কৰা আনুষ্ঠানিক বিবৃতি অনুসৰি লালেংমাৱিয়াই পামৰাৰ প্ৰতিনিধিসকলৰ সৈতেও বৈঠকত মিলিত হয় ৷ তেওঁলোকে জাৰি কৰা প্ৰেছ বিজ্ঞপ্তিটোত মিজোৰামত বসবাস কৰা মেইটেইসকলক মণিপুৰত চলি থকা গোষ্ঠীগত সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত সাৱধানতা অৱলম্বন কৰিবলৈ অনুৰোধ কৰা পৰামৰ্শ প্ৰদান কৰা হৈছে ৷ আঁতৰি যাবলৈ দিয়া জাননী নহয় ৷
লগতে পঢ়ক: Threat to Meitei community: মিজোৰ কল্যাণৰ বাবে মেইটেয়ে ত্যাগ কৰক মিজোৰাম; পামৰাৰ নিৰ্দেশ
এই বৈঠকৰ পাচতে গৃহ আয়ুক্তগৰাকীয়ে সদৌ মিজোৰাম মণিপুৰী সন্থাৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ আশ্বাস দিয়ে । চৰকাৰী বিবৃতিটোত তেওঁলোকক “উৰাবাতৰিৰ দ্বাৰা বিপথে পৰিচালিত নহ’বলৈ কয় আৰু লগতে তেওঁলোকৰ সতীৰ্থ মেইটেই চৰকাৰী কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী উভয়কে পামৰাৰ প্ৰেছ বিবৃতিৰ দুৰ্ভাগ্যজনক ভুল ব্যাখ্যাৰ বাবে ৰাজ্যখন এৰি নাযাবলৈ জনাই দিবলৈও বুজনি দিয়ে ।”
মিজোৰামৰ মিজোসকলৰ মণিপুৰৰ কুকি-জোমিসকলৰ সৈতে গভীৰ জাতিগত বন্ধন আছে আৰু ৩ মে’ত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পিচৰে পৰা মণিপুৰৰ পৰা পলায়ন কৰা ১২ হাজাৰৰো অধিক কুকি-জোমি লোকক আশ্ৰয় আৰু সহায় আগবঢ়াই আহিছে ।
মিজোৰাম চৰকাৰে বিবৃতিত কয় যে, জনগোষ্ঠীয় সংঘাতৰ পৰিপ্ৰেক্ষিতত মণিপুৰৰ পৰিস্থিতি তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰি আহিছে । বিবৃতিটোত আৰু কোৱা হৈছে যে, ২১ জুলাই তাৰিখলৈকে মণিপুৰৰ পৰা ১২,৫৮৪ জন চিন-কুকি-জোৱে নিৰাপত্তা আৰু আশ্ৰয় বিচাৰি মিজোৰামলৈ পলায়ন কৰিছে । গৃহ বিভাগেও অল মিজোৰাম মণিপুৰী এছ'চিয়েচনৰ প্ৰতিনিধিৰ সৈতে কেইবাখনো বৈঠকত মিলিত হৈ মিজোৰামত তেওঁলোকৰ সুৰক্ষা আৰু নিৰাপত্তাৰ আশ্বাস দিয়ে । তদুপৰি আজিলৈকে কোনো ধৰণৰ হিংসা বা দুষ্কৃতিমূলক কাৰ্যৰ বাতৰি পোৱা নাই ।